তেজপুৰতো এনপিএছ বাতিলৰ দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰ্মচাৰীৰ

0 15
শতাব্দ প্ৰতনিধি‍, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ এনপিএছ বাতিলৰ দাবীত আজি তেজপুৰতো কৰ্মচাৰী সকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়েণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷  উল্লেখ্য যে প্ৰতিবাদী কৰ্মচাৰীসকলৰ এই এদিনীয়া কৰ্ম-বিৰতিৰ ফলত আজি তেজপুৰ ন্যায়িক  আদালতৰ লগতে  শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰো কামকাজ স্তব্ধ হৈ পৰে ৷ কাৰ্যালয় এৰি ৰাজপথত  প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মচাৰী সকলে নতুনকৈ প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ৷ এইয়া নিজৰ প্ৰাপ্য অধিকাৰ বুলি দাবী জনাই প্ৰতিবাদী কৰ্মচাৰীসকলে কয় যে,দেশৰ কেবাখনো ৰাজ্যত ইতিমধ্যে পুৰণি পেন্সন ব্যৱস্থা অৰ্থাৎ অ’পিএছ প্ৰৱৰ্তন কৰা হৈছে৷ অসমৰ ক্ষেত্ৰত অদ্যাপি এইয়া হৈ উঠা নাই ৷ বিষয়টো আদালতৰ মজিয়াত আছে যদিও অসম চৰকাৰে ইতিমধ্যে এনপিএছ বাতিলৰ আশ্বাস প্ৰদান কৰিছে৷ তৎসত্বেও ই কাৰ্যতঃ হৈ নুঠাত পুণৰাই সমগ্ৰ  ৰাজ্যজুৰি আজি সকলো এনপিএছ কৰ্মচাৰীসকলে  কৰ্ম বিৰতি পালনেৰে এইদৰে  ওলাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ  সাব্যস্ত কৰিবলৈ বাধ্য হোৱা সদৰী কৰে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More