তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

ঐতিহাসিক "পকী" ৰ চোতালত এজাক কিশোৰ - কিশোৰীৰ লগত মজিয়াত বহি দিলে সুকুমাৰ কলাৰ পাঠ

0 11

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক “পকী”ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ নাটক, সত্ৰীয়া নৃত্য, লোক অথবা পৰম্পৰাগত নৃত্য , কবিতা আবৃত্তি আৰু তৰ্কৰ প্ৰশিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে। উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ সুকুমাৰ কলা অৰ্থাৎ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰিছে দহদিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালাৰ । শোণিতপুৰ জিলাৰ তেজপুৰৰ জ্যোতি ভাৰতীৰ লগতে জিলাখনৰ ১৬ টাকৈ কেন্দ্ৰত পৃথকে পৃথকে আজিৰ পৰা আৰম্ভ হোৱা এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা আজি এক মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে। জ্যোতি ভাৰতীৰ উদ্যোগত আৰু অসম ৰেপাৰেটৰীৰ সহযোগত জ্যোতি ভাৰতীত আৰম্ভ হোৱা এই দহদিনীয়া কৰ্মশালাৰ শুভাৰম্ভৰ প্ৰাকমুহূৰ্তত জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীয়ে সংগীত শিল্পী তথা জ্যোতি ভাৰতীৰ শিল্পী সোনটি শৰ্মাৰ জৰিয়তে এটি সৰস্বতী বন্দনা পৰিৱেশন কৰে। আনহাতে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস, সহকাৰী আয়ুক্ত বৰষা তালুকদাৰ, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা,অসম ৰেপাৰেটৰীৰ সভাপতি ডা০ প্ৰদীপ লহকৰ, শিল্পী জান তালুকদাৰ, অবনী বৰা, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাসৰ লগতে একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা এই শুভাৰম্ভণি অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়াই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে উঠি অহা প্ৰজন্মৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ আগবঢ়াই পূৰ্বে এনে বিষয় সমূহ শিকাৰ বাবে কোনোধৰণৰ কৰ্মশালা আদিৰ ব্যৱস্থা নাছিল বুলি কৈ আজি অনান্য অনুষ্ঠানৰ লগতে চৰকাৰী ভাৱেও আগবাঢ়ি অহাতো শিকাৰু সকলৰ বাবে ভাগ্যৰ কথা বুলি কৈ এটি নাটকৰ সংলাপেৰ সমগ্ৰ পৰিৱেশটি জীপাল কৰি তোলে। – শুভাৰম্ভণি অনুষ্ঠানটিত নাটকৰ মুখ্য প্ৰশিক্ষক হিচাবে দায়িত্ব থকা নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকাৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলে তাৎক্ষণিক ভাৱে গীত আৰু নাট্য মুহূৰ্তৰে মুখ্য সচিব গৰাকীৰ সন্মুখত অনুষ্ঠান পৰিবেশন কৰি আপ্লুত কৰি তোলাৰ পিছত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আগবঢ়োৱা উদ্বোধনী ভাষণত মানুহৰ জীৱনটোৱেই এখন উল্লেখযোগ্য নাটক বুলি মন্তব্য কৰে। মানুহৰ সমগ্ৰ জীৱনটো সুখ, দুখ, হাঁহি – কান্দোনেৰে ভৰা।সেয়েহে মানুহৰ জীৱনটোৱেই সংঘাত, ক্লাইমেক্সৰে পূৰ্ণ এখন নাটকৰ দৰে। যিকোনো ক্ষেত্ৰত তাৎক্ষণিক ভাৱে মানুহক আকৃষ্ট কৰিব পৰা নাটকেই একমাত্ৰ পৰিবেশ্য কলা বুলি কৈ ভৰত মুনিৰ পৰা কালিদাসৰ “শকুন্তলা” লৈকে উৎকৃষ্ট নাটকৰ উদাহৰণেৰে “কাব্যেসু নাটকম ৰম্যম” বুলি মন্তব্য কৰে। প্ৰসংগ ক্ৰমে মুখ্য সচিব বৰঠাকুৰে এগৰাকী দক্ষ অভিনেতা হ’বলৈ সাধনাৰ প্ৰয়োজনৰ লগতে ইয়াৰ ব্যাকৰণগত দিশ সমূহ আয়ত্ব কৰিব লাগিব বুলি মন্তব্য কৰি এই সন্দৰ্ভত “গান্ধী” চিনেমাখনত অভিনয় কৰা লোকগৰাকীয়ে সেই চৰিত্ৰ সুন্দৰ ৰূপত ফুটাই তুলিবলৈ কিমান দিন উপবাসে আছিল সেই কথা সদৰী কৰে। জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিৰ অন্তত মুখ্য সচিব গৰাকীয়ে আমাৰ সমাজত সুপ্ত হৈ থকা প্ৰতিভা সমূহৰ বিকাশৰ বাবেই প্ৰথমবাৰৰ বাবে চৰকাৰী ভাৱে এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰাৰ লগতে তেজপুৰত সঘনাই হৈ থকা পথ দুৰ্ঘটনাপ্ৰবন কেবাটাও স্হান আজি উপায়ুক্ত গৰাকীৰ সৈতে পৰ্যবেক্ষণ কৰা হয় বুলি মন্তব্য কৰি পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More