তেজপুৰত অবৈধভাবে সৰবৰাহ কৰা ৩৪টা গৰু জব্দঃ দুজনক গ্ৰেপ্তাৰ

0 35
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ যোৱা নিশা প্ৰায় ১০-৩০বজাত তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত মুঠ ৩৪টা চুৰি গৰু সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা নিশা এ এছ ০১ জি চি ৫৯৪২নম্বৰ ট্ৰাকখনত এই গৰুসমূহ কঢ়িয়াই অনা অৱস্থাত শালনািবাৰী আৰক্ষীয়ে কদমতলী অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আগচি ধৰি ট্ৰাকখনত তালাচী চলাই৷উল্লেখযোগ্য যে,গহপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা এই গৰুৰ ভিতৰত এটা গৰুৰ ইতিমধ্যে ট্ৰাকতে মৃত্যু ঘটিছিল৷ আনহাতে,কঢ়িয়াই অনা গৰুৰ বিপৰীতে কোনোধৰণৰ বৈধ নথি পত্ৰ নথকাত আৰক্ষীয়ে গৰু সহ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক বৰপেটাৰ কলগছিয়াৰ চকদাৰীৰ সমীৰ আলি(৩৪) আৰু হেণ্ডিমেন তথা মেঘালয়ৰ ৰিভয় জিলাৰ বৰাপানীৰ বাদেং নংৰিক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More