তেজপুৰত অভিনন্দন

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২০জুনঃ ইন্দ্ৰধনুছ চ’চিয়েল ৱেলফেয়াৰ চ’ছাইটিৰ সৌজন্যত তেজপুৰত আজি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্হান প্ৰাপ্ত আৰু ডিষ্টিংচন প্ৰাপ্ত মেধাবী ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনোৱা হয়৷ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ড° ভূৱনেশ্বৰ চহৰীয়া, আই আই টি ৰ সঞ্চালক প্ৰাঞ্জল শইকীয়া তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, চিকিৎসক এছ কে ৱাজি উপস্হিত থাকে ৷ অনুষ্ঠানটি পৰিচালনা কৰে ছ’চইটিৰ সভাপতি জিতু মহন্তই আৰু পৰিচালনা কৰে সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ দাস আৰু উপদেষ্টা অকুল নাথে ৷ অনুষ্ঠানত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অভিভাবক সকল উপস্হিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More