তেজপুৰত অমৃতসৰোবৰ আঁচনিক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজ

বান আৰু বনৰীয়া হাতীৰ সমস্যা বৃদ্ধিৰ আশংকা

0 14
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী এখন গোপচাৰত সম্প্ৰতি বালিপৰা উন্নয়নখণ্ডৰ অধীনত চৰকাৰৰ অমৃতসৰোবৰ আঁচনি ৰূপায়ণ কৰিবলৈ ওলোৱাকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইয়াক লৈ ৰাইজে সভা অনুষ্ঠিত কৰি এই বিষয়ে শোণিতপুৰৰ উপায়ুক্তকো লিখিতভাবে সবিশেষ অৱগত কৰি সেই অংশত অমৃত সৰোবৰ আঁচনিখন ৰূপায়ণৰ পৰিকল্পনা বন্ধ কৰাৰ বাবে আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী ডিপোতা অঞ্চলত চেপেটিয়নী নামৰে এক বৃহৎ গোপচাৰ আছে৷ বাৰিষা এই অংশৰে অতিৰিক্ত পানী বৈ যোৱাৰ লগতে ৰাইজৰ পশুধন ইয়াত খৰালী কালত চৰিফুৰে৷ ইপিনে সোণাই ৰূপাই আৰু নামেৰী বনাঞ্চলৰ পৰা বছৰি শীতকালত ওলাই অহা বনৰীয়া হাতীৰ জাক অহাযোৱা কৰা পথৰ অংশ এই চেপেটিয়নী পথাৰ৷ উল্লেখযোগ্য যে ইতিমধ্যে বনবিভাগেও এই অংশৰে হাতী অহাযোৱা কৰা পথ হিচাপে চিহ্নিত কৰি ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত ডিপোতাত ফলক স্হাপন কৰি থৈছে৷ ডিপোতা, মোৱামাৰী, মিলনপুৰ, বিন্দুকুৰি আদিৰে সংযোগ থকা আৰু চেপেটি বনৰে ভৰি থকাৰ বাবেই স্হানীয় ৰাইজে এই অংশক চেপেটিয়নী গোপচাৰ হিচাপে উল্লেখ কৰি আহিছে৷ চৰকাৰী এই ভূমিতে সম্প্ৰতি চৰকাৰে আৰম্ভ কৰা অমৃত সৰোবৰ আঁচনিৰ অধীনত একাধিক পুখুৰী খননৰ পৰিকল্পনা চলিছে৷ উল্লেখযোগ্য যে,বালিপৰা উন্নয়ন খণ্ড অধীনস্থ এই অংশত পুখুৰী খননৰ উদ্দেশ্যে একাংশ গোট গঠন কৰি ইয়াত তেনে গোটৰ দ্বাৰা পুখুৰী খননৰ বাবে পৰিকল্পনা কৰাৰ বিষয়ে জানিব পাৰি অঞ্চলটোৰ চৌপাশৰ বহুসংখ্যক লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে অভিযোগ কৰে যে, ইয়াত পুখুৰী খন্দা মানেই ওখ পাৰ বান্ধি বাৰিষা পানী বৈযোৱা পথ বন্ধ কৰা৷ এনে হ’লেই কাষৰ একাধিক গাঁও কৃত্ৰিম বানত বুৰ যোৱাটো নিশ্চিত বুলি অভিযোগ কৰি ৰাইজে লগতে কয় যে, ইপিনে বন্য  হস্তী অহাযোৱা কৰা পথত এইদৰে পুখুৰী খনন কৰা মানেই  হাতীৰ অহাযোৱাত বাধাৰ সৃষ্টি হ’ব আৰু পৰিণতিত কাষৰ গাঁও সমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাব৷ তদুপৰি পুখুৰী আৰু পানী পালে বনৰীয়া হাতীয়ে ইয়াতে ৰৈ যোৱাৰ লগতে পুখুৰীত পৰি পোৱালি হাতীৰ বাবেও বিপদ সৃষ্টি কৰিব৷ এনে অৱস্থাত কোনোধৰণৰ আগগুৰি চিন্তা নকৰি ইয়াত অমৃত সৰোবৰ আঁচনিৰ অধীনত পুখুৰী খান্দিবলৈ আগবঢ়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজে ইতিমধ্যে স্হানীয় গৰখীয়া থানত এক সভা অনুষ্ঠিত কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই বিষয়ে উপায়ুক্তকো লিখিত ভাবে পত্ৰ দাখিল কৰিছে৷ কিন্তু এই পৰ্যন্ত উপায়ুক্তই বিষয়টোকলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More