তেজপুৰত অৰিন্দম নাট্য বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীৰ দ্বাৰা ‘ৰহিলা সুন্দৰীৰ বিয়া’ মঞ্চায়ন

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৭ জুলাই : যোৱা নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কেবাশ দৰ্শকৰ সন্মুখত ১৮ টা শিশুৰ সাবলীল অভিনয়ৰে সফল মঞ্চায়ন হ’ল ‘ৰহিলা সুন্দৰীৰ বিয়া’ নামৰ নটকখন।সুন্দৰ অভিনয়, ৰজা মন্ত্ৰীৰ পৰা অৰণ্যৰ বিভিন্ন জীৱ জন্তুলৈকে শিশুৰ মাজত সুন্দৰ বেশ ভূষাই অভিভূত কৰিলে সকলো শ্ৰেণীৰ দৰ্শকক। উল্লেখ্য যে, ২০২১ ৰ ৩০ নবেম্বৰত তেজপুৰৰ উদীয়মান নাট্যশিল্পী অৰিন্দম কৌশিকৰ সোঁৱৰণত তেজপুৰ মাজগাঁৱত স্থাপিত ‘অৰিন্দম নাট্য বিদ্যালয় ’ তথা ইয়াত যোৱা জানুৱাৰীৰ পৰা নাট্য কলাৰ পাঠদান গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে জাতকৰ সাধু ‘দ্য এনিমেল আৰ্মি’ ৰ আধাৰত নিজেই নাট্যৰূপ আৰু সংলাপ সৃষ্টিৰে ৰচনা কৰি উলিয়াইছিল এখন বিশেষ বাৰ্তাবাহক মনোগ্ৰাহী শিশু নাটক ‘ৰহিলা সুন্দৰীৰ বিয়া’ । অসমীয়া লোকসংস্কৃতিৰ আভাস আৰু প্ৰচেনিয়াম থিয়েটাৰৰ আৰ্হিৰে ছাত্ৰ-ছাত্ৰী সকলে কালি সন্ধিয়া ৬-৪৫ বজাৰ পৰা বাণ থিয়েটাৰত মঞ্চস্থ কৰি অতি সাৱলীল অভিনয়ৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। নাট্য বিদ্যালয়খনৰ অধ্যক্ষ, নাট্যকাৰ পৰিচালক দিগন্ত কুমাৰ ভূঞাৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডিপ্লমা প্ৰাপক দক্ষ নাট্যশিল্পী শোণিত জ্যোতি শইকীয়া আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী চিমি গোস্বামী, অমৰ জ্যোতি বৰা মুখ্য প্ৰশিক্ষক ৰূপে থাকি তেজপুৰৰ বিভিন্ন প্ৰান্তৰ এই ১৮ টাকৈ শিশুক নাটশিল্পৰ প্ৰতি পাৰদৰ্শী কৰি তোলাৰ পিছত কালি নিশা সকলোৱেই ‘ৰহিলা সুন্দৰীৰ বিয়া’ ত সুন্দৰ অভিনয় কৰি দৰ্শকক মুগ্ধ কৰি তোলে। দিগন্ত কুমাৰ ভূঞাৰ অভিযোজনা আৰু পৰিচালনাৰ লগতে শোণিত জ্যোতি শইকীয়া, চিমি গোস্বামী আৰু অমৰজ্যোতি বৰাৰ পৰিকল্পনাৰে আৰু অতি অৰ্থবহ সংগীত আৰু আলোকেৰে প্ৰথম প্ৰয়াসতেই শিক্ষাৰ্থী সকলে সাৰ্থক অভিনয় কৰিবলৈ সক্ষম হয়। নাটকখনৰ বিভিন্ন চৰিত্ৰ সমূহ ৰূপায়ণ কৰিছিল সিদ্ধান্ত মহন্ত, অভিপ্ৰিয়া গোস্বামী, মুক্তাৱলী মহন্ত, কংকিতা ভৰালী, নিলঞ্জনা শইকীয়া, শৰণ্যা মহন্ত, পূজাশ্ৰী বৰা, বাৰ্বী বৰুৱা, কৃষ্টি বৰা, প্ৰণিত বৰা, নিয়ৰ শইকীয়া, জ্ঞানম মহন্ত, অংকিত শৰ্মা, ইয়াচমীন ফাৰহান আহমেদ, হৃত্বিক বৰা, অহিৰণ শইকীয়, মানৱ শৰ্মাই। মনকৰিবলগীয়া যে শিক্ষাৰ্থী সকলৰ মাজৰ পৰা নিজেই ঘোষক আৰু সূত্ৰধাৰৰ ভূমিকাৰ লগতে শিশু ধ্ৰুৱজ্যোতি দাসৰ ঢোল বাদন, কৌস্তভ মণি কলিতাৰ তালবাদনৰ তথা গণেশ বৰুৱাৰ খোলবাদন, নৃপেন শইকীয়াৰ তালবাদন, দিব্যজ্যোতি নাথৰ ৰূপসজ্জাৰে সফল মঞ্চায়ন হোৱা নাটকৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক অৰিন্দম নাট্য বিদ্যালয়ৰ সভাপতি পংকজ বৰুৱা, উপদেষ্টা তথা প্ৰয়াত অৰিন্দমৰ মাতৃ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° জ্যোৎস্না শৰ্মা বেজবৰুৱা আৰু প্ৰশিক্ষক শিক্ষকসকলে মান পত্ৰ প্ৰদান কৰে। ইয়াৰ পিছত সকলোৱে অকাল মৃত্যুক সাৱটি লোৱা প্ৰতিভাবান নাট্যশিল্পী অৰিন্দম কৌশিকৰ প্ৰতিচ্ছবিৰ সন্মুখত সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More