তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বালিপুখুৰী তিনিআলি ডজ’ ক্লাৱে অৰ্জন কৰিছে৷উল্লেখযোগ্য যে জিলাখনৰ মুঠ ২৪টা কাৰাটে দলৰ ৩৮৪জন প্ৰতিযোগীয়ে অংশ লোৱা তথা তেজপুৰ জিলা কাৰাটে সন্হাৰ উদ্যোগত আৰু ডেকাৰগাঁও কাৰাটে ক্লাৱৰ আতিথ্য তথা ডেকাৰগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখন যোৱা নিশা অতি সুচাৰুৰূপে অন্তপৰে৷মুঠ ৮৪টা পদকৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বঁটা বিতৰণি অনুষ্ঠানত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱাৰ লগতে ঊষা নাট্য মন্দিৰৰ সভাপতে সোণেশ্বৰ কেওঁট,সম্পাদক লণ্টু শইকীয়া,কাৰ্যকৰি সভাপতি অৰূপ জ্যোতি শইকীয়া,ড° নয়নজ্যোতি বৰা,প্ৰকাশ কেওঁট,তিলেশ্বৰ কেওঁট,দীপেন শইকীয়াই অংশ লয়৷পদক প্ৰাপ্ত খেলুৱৈ সকলক পদকৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়৷উল্লেখযোগ্য যে,প্ৰতিযোগিতাখনত সদৌ অসম কাৰাটে সন্হাৰ যুটীয়া সম্পাদক সঞ্জয় কুমাৰ শ্বাও,অনন্ত চাংমাই,সন্তোষ বৰগোহাঁই,পলাশ বৰা,জুৰি দি ফুকন আৰু চম্পক নায়ক উপস্থিত থাকি তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব পালন কৰে৷পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সফল সমাপ্তিত উদ্যোক্তা তথা অভ্যৰ্থনা সমিতিয়ে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জিলাখনত কাৰাটেৰ এনে জনপ্ৰিয়তা বৃদ্ধিত গভীৰ সন্তোষ্টি ব্যক্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More