তেজপুৰত আবৃত্তি সম্ৰাট, অসম আন্দোলনৰ অগ্ৰদূত প্ৰণৱ বৰাক স্মৰণ

0 82
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ আগষ্ট : অসমৰ আবৃত্তি সম্ৰাট হিচাপে পৰিচিত, ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ স্মৃতিত আজি  বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰে জীপাল কৰিলে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয় প্ৰাংগণ। উল্লেখ্য যে, আবৃত্তি কলাক নিজৰ সুললিত কন্ঠেৰে জনমুখী কৰি তোলাৰ ক্ষেত্ৰত এসময়ত তেজপুৰৰ পৰা ৰাজ্যজুৰি “বিজয় ডংকা” ৰে সাংস্কৃতিক অভিযান আৰম্ভ কৰি ৰাজ্যবাসীৰ অন্তৰ জিনা, প্ৰণৱ বৰাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাই প্ৰতিবছৰেই ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰি অহা আবৃত্তি প্ৰতিযোগিতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি আয়োজন কৰা এই প্ৰতিযোগিতাৰ পূৰ্বে প্ৰণৱ বৰাৰ প্ৰতিচ্ছবিত  বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে দুহিতা অভিনয়া বৰাই।IMG 20220809 WA0018ইয়াৰ পিছতেই ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সম্পাদিকা মিনু বৰা, কোষাধক্ষ মিনু ভূঞা, বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ মিশ্ৰ, বিচাৰক হিচাপে উপস্থিত থকা বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱা, সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত, বিশিষ্ট অভিনেতা ভূপেন শৰ্মা, কৰুণাধাৰাৰ তেজপুৰৰ সম্পাদিকা ড° কৃষ্ণা শৰ্মা, শিশু বিকাশ একাডেমীৰ শিক্ষক – শিক্ষয়িত্ৰী সকলে আৰু প্ৰতিযোগী শিক্ষাৰ্থী সকলে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সম্পাদিকা মিনু বৰাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত পুৰোধা কবি যতীন্দ্ৰ নাথ দুৱৰাৰ “শ্ৰীশংকৰদেৱ” আৰু বিৰিঞ্চি ভট্টাচাৰ্য্যৰ “অলিম্পিক” শীৰ্ষক নিৰ্বাচিত কবিতাৰে প্ৰায় দুকুৰি প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হয় আবৃত্তি প্ৰতিযোগিতা। আনহাতে প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ আসন অলংকৃত কৰা বিশিষ্ট অভিনেতা ভূপেন শৰ্মাই প্ৰণৱ বৰাক স্মৰণ কৰি আবৃত্তিৰ শৈলীৰ ওপৰত ভাষণ প্ৰদান কৰে। আনহাতে বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাই প্ৰণৱ বৰাৰ বহুমুখী প্ৰতিভাৰ লগতে কবিতা আবৃত্তিৰ বিভিন্ন দিশৰ ওপৰত প্ৰতিযোগী আৰু বিশিষ্ট ব্যক্তি সকলৰ সন্মুখত আলোকপাত কৰি কয় – নিজৰ বৃত্তিৰ কথা কোনোদিন নেভাবি শিল্পকলা ক্ষেত্ৰখনৰ বিকাশ আৰু উত্তৰণৰ হকে নিজকে উছৰ্গা কৰা প্ৰণৱ বৰা প্ৰকৃত শিল্পী আছিল। সেয়েহে এই প্ৰকৃত শিল্পী সত্ত্বাক সন্মান জনাই প্ৰতি বছৰে এনে অনুষ্ঠানৰ আয়োজন কৰি শ্ৰদ্ধা জনাই অহা হৈছে। আনহাতে বিচাৰক হিচাপে উপস্থিত থকা প্ৰাক্তন আছু নেতা তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তনু মহন্তই ভাষণ প্ৰদান কৰি কয় – প্ৰণৱ বৰাই আবৃত্তিৰ জৰিয়তে জাতীয় দায়ৱদ্ধতাৰে তেজপুৰৰ পৰা ৰাজ্যখনত এক সুস্থ বাতাবৰণ গঢ়ি তোলাই নহয় নতুন দিল্লীৰ বিজয় চকত কাৰ্গিল বিজয় দিৱসৰ এক অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ নেতৃত্বত কবিতা আবৃত্তি কৰাৰ সময়ত বলিউডৰ প্ৰখ্যাত অভিনেতা ওমপুৰি আৰু নানা পাটেকাৰ অভিভূত হৈ প্ৰণৱ বৰাক সাৱটি ধৰি প্ৰশংসা কৰিছিল। তেজপুৰৰ বহু সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্বত বহন কৰাই নহয় গুৱাহাটীৰ “যুৱতীৰ অথ” ৰ দৰে অনুষ্ঠানৰ সভাপতিৰ দায়িত্বত থাকি প্ৰখৰ বুদ্ধিমত্তা আৰু নিজস্ব প্ৰতিভাৰে অকল আবৃত্তি কলাকেই নহয় এগৰাকী অভিনেতা আৰু সু বক্তা হিচাবেও চাতুৰ্য্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে। অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাইও প্ৰতিভাধৰ শিল্পী প্ৰণৱ বৰাক স্মৰণ কৰি জাতীয় দায়ৱদ্ধতাৰে তেজপুৰৰ পৰা ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনক শিল্প – সংস্কৃতিৰে নতুন মাত্ৰা প্ৰদান কৰিছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে, আজিৰ এই প্ৰতিযোগিতাত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ভাৰ্গৱজ্যোতি বৰাই প্ৰথম স্থান, হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিবীড় প্ৰতীম নাথে দ্বিতীয় স্থান, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অংকিতা কলিতা আৰু শোণিতপুৰ শিশু বিকাশ একাডেমীৰ চাহিন চুলতানে যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰাৰ লগতে উদগনি বঁটা লাভ কৰে ক্ৰমে – শোণিতপুৰ শিশু বিকাশ একাডেমীৰ ৰ’জ দলে, হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৈৰৱ অৰিয়া, শোণিতপুৰ শিশু বিকাশ একাডেমীৰ অনিন্দিতা পাল আৰু চিমৰান চুলতানাই।আনহাতে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী উপলক্ষে অহা ১৪ আগষ্ট  ৰবিবাৰে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ জিলা শাখাই এখনি এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ ল’ব পৰা এই প্ৰতিযোগিতাত  অসমত কুইজক জনপ্ৰিয় কৰোতা অন্যতম  কুইজ পৰিচালক গুৱাহাটীৰ  দিলীপ শৰ্মাই  প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে । কোনোধৰণৰ যোগদান মাচুল নৰখা এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকা, দ্বিতীয় পুৰস্কাৰ  ৩০০০ টকা আৰু তৃতীয় পুৰস্কাৰ  ২০০০টকাৰ  লগতে মানপত্ৰও প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাৰ স্থান শিশু বিকাশ একাদেমী , সময় পুৱা ৯.০০ বজাৰ পৰা। ইচ্ছুক প্ৰতিযোগীক যোগদানৰ বাবে আহ্বান জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More