তেজপুৰত এজনক ডিঙি কাটি হত্যা

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১আগষ্টঃ তেজপুৰত আজি এজন লোকৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত নিজা বাসগৃহত উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে দুৰ্বৃত্তই নিশাই এইদৰে হত্যা কৰা সুব্ৰত দাসগুপ্ত নামৰ লোকজনৰ মৃতদেহ আজি সন্ধিয়াহে উদ্ধাৰ হয়৷ স্হানীয় লোকৰ মাজত টুকু হিচাপে পৰিচিত ৪৩ বছৰীয়া লোকজনক যোৱা নিশাই চহৰখনৰ কছাৰীগাঁৱৰ নিজ ঘৰতে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে কোনো লোকে৷ৱ উল্লেখযোগ্য যে, এসময়ত আৰক্ষীৰ স’তে ঘনিষ্ঠ সম্পৰ্ক থকা সুব্ৰতৰ ঘৰত সঘনাই চলিছিল সুৰাৰ আড্ডা৷ এনে অৱস্থাতে কোনো অচিনাকী ঘাতকে লোকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ নইপিনে সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More