তেজপুৰত এ ডিভিজন ফুটবল লীগ আৰম্ভ

0 12
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাই: আজিৰে পৰা তেজপুৰৰ পলগ্ৰাউণ্ডত আৰম্ভ হৈছে অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী ‘এ’ ডিভিজন ফুটবল লীগ। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাখনত অসম ৰাইফলছ,এন ই ফুটবল একাদশ,মাজগাঁও ফুটবল একাদশ, ৰাইন’ ফুটবল একাদশ, সোণাবিল ফুটবল একাদশ, হকছ ফুটবল একাদশ, কলচি ফুটবল একাদশকে ধৰি মুঠ আঠ টা দলে অংশগ্ৰহণ কৰিছে। আজি লীগৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ৰাইন’ ফুটবল একাদশ আৰু সোনাবিল চাহবাগাচা ফুটবল একাদশৰ মাজত।খেলখনত হেমতন আৰু কৰণ ছেত্ৰীৰ গলৰ সহায়ত ৰৰইন’ একাদশে ২-০ গ’ল ৰ ব্যৱধানত জয়লাভ কৰে। উল্লেখযোগ্য যে, তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ সভাপতি জিতেন বৰঠাকুৰ, অসম অলিম্পিক সংস্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মা, তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথ, তেজপুৰ পৌৰসভাৰ সভাপতি তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ প্ৰজ্ঞানু ভট্টাচাৰ্য,তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ উপসভাপতি তথা আজিৰ ‘এ’ ডিভিজন ফুটবল লীগৰ দাতা প্ৰয়াস শৰ্মা আদিৰ উপস্থিতিত অনুষ্ঠিত লীগখনৰ আৰম্ভণিতে সদ্যসমাপ্ত যুৱ অলিম্পিকত বিভিন্ন প্ৰতিযোগিতাত অংশলৈ  তেজপুৰলৈ গৌৰৱ কঢ়িয়াই অনা ৩০ গৰাকী খেলুৱৈ ক আদৰণি জনোৱা হয়। তেজপুৰৰ এইসকল খেলুৱৈয়ে পাঁচ টা সোণ, ১২ টা ৰূপ আৰু ১৫ টা তামৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More