তেজপুৰত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়াৰূপী ধেমাজিৰ পংকজ

ৰাজ্যৰ বিভিন্ন জিলাত কুকাণ্ডৰে কুখ্যাত নটৱাৰ লালৰ তালাচী ৰাজপথত

0 32

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: নিজকে অসম আৰক্ষীৰ এজন আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি,আৰক্ষীৰ পোচাকত তেজপুৰৰ পথত যোৱা নিশা তালাচী চলোৱা পংকজ হাজৰিকা(২৮)নামৰ এক দাগী প্ৰৱঞ্চকক কৰায়ত্ত কৰিছে স্হানীয় মহাভৈৰৱ আৰক্ষীয়ে৷ এই ঘটনাৰ পাছতে অভিযুক্ত পংকজে বিগত সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত এনে দুস্কাৰ্য চলাই যোৱা বহু ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে,যোৱা নিশা প্ৰায় ৭-৩০বজাত সম্পূৰ্ণ আৰক্ষীৰ ভেশত পৰোৱা চাৰিআলিত উপস্থিত হয়হি এইজন প্ৰৱঞ্চক৷ বেফিকিৰ ভাবে ইয়াতে দায়িত্ব পালন কৰি থকা যানবাহন শাখাৰ আৰক্ষীক নিজকে মহাভৈৰৱ আৰক্ষী চকীত নতুনকৈ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰা বুলি প্ৰকাশ কৰি ব্যস্ততাপূৰ্ণ অঞ্চলটোত যানবাহনৰ তালাচীত সহায় কৰিবলৈ কয় কৰ্তব্যৰত যানবাহন শাখাৰ আৰক্ষীক৷ পথটোৰে অহা মটৰচাইকেল, স্কুটাৰ আৰোহী পুৰুষ-মহিলাসকলক ৰখাই হেলমেট তথা নথিপত্ৰ পৰীক্ষা কৰাই নহয়, জোতা পৰিধান নকৰা লোকক জৰিমনাৰ ভাবুকি দি ধনো সৰকাই এই স্বয়ম্ভূ আৰক্ষী বিষয়াই৷ বিভিন্নজনক নীতিশিক্ষাৰ ভাষণ দিয়া এইজন আৰক্ষীৰ কাণ্ডত কৰ্তব্যৰত যানবাহন শাখাৰ আৰক্ষীৰ সন্দেহ ওপজাত তেওঁ সমীপৰে মহাভৈৰৱ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰাক এই বিষয়ে ফোনযোগে অৱগত কৰে আৰু লগে লগে বৰা ঘটনাস্থলীত উপস্থিত হয়হি৷ ইয়াৰ পূৰ্বেই নকল আৰক্ষী পংকজে এখন ই ৰিক্সাত উঠি মিছন চাৰিআলি দিশে আগবাঢ়োঁতেই আৰক্ষী বিষয়া বৰাই পংকজক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ নিশা প্ৰায় আঠ বজাত আৰক্ষী বিষয়া বৰাই কৰায়ত্ত কৰাৰ পূৰ্বে পংকজে নিজকে ২০১৫ত উপ পৰিদৰ্শক হিচাপে যোগদান কৰা বুলি কোৱাৰ লগে লগে জোলোঙাৰ মেকুৰী ওলাই পৰে৷ প্ৰকৃততে সেই বছৰত কোনো উপপৰিদৰ্শকৰ নিযুক্তি হোৱা নাছিল অসম আৰক্ষীত৷ ইতিমধ্যে মহাভৈৰৱ আৰক্ষী চকী পোৱাৰ পাছতে পংকজে নিজকে ধেমাজিৰ ৰামপুৰৰ বাসিন্দা বুলি পৰিচয় দিয়াৰ উপৰি তেওঁ যে নকল আৰক্ষী সেয়া স্বীকাৰ কৰে৷ ইপিনে,বাণিজ্য শাখাৰ স্নাতক বুলি দাবী কৰা পংকজে চখত আৰু প্ৰচাৰৰ বাবেই প্ৰথমবাৰলৈ নকল আৰক্ষীৰ ভূমিকাত অৱতীৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছিল যদিও আৰক্ষীৰ অনুসন্ধানত ধৃত পংকজ এক দাগী প্ৰৱঞ্চক হিচাপে চিনাক্ত হয়৷ উল্লেখযোগ্য যে,কেতিয়াবা আই পি এছ বিষয়া,কেতিয়াবা ব্লেক কমাণ্ডো হিচাপে পৰিচয় দিয়া পংকজে বহু লোককে প্ৰৱঞ্চনা কৰিছে৷ মাজুলীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এপিজে আব্দুল কালামৰ স’তে উঠা বুলি এখন ফটো কাৰিকৰী কৌশলৰে প্ৰস্তুত কৰা সন্দৰ্ভত এক গোচৰ ৰুজু থকা পংকজে মৰিগাঁৱত এগৰাকী যুৱতীক আই পি এছ বিষয়া ৰূপে চিনাকী দি বিয়া কৰাবলৈ গৈয়ো গ্ৰেপ্তাৰ হৈছিল৷ তদুপৰি,নগাঁও লামডিং আদিতো আৰক্ষী,কমাণ্ডো হিচাপে পৰিচয় দি যানবাহনৰ পৰা বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰাৰ বিষয়ে তথ্য লাভ কৰা আৰক্ষীয়ে প্ৰকাশ কৰে যে এই প্ৰৱঞ্চকে আনকি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰাজনাথ সিঙৰ স’তেও একেলগে উঠা বুলি এখন আলোকচিত্ৰ কৌশলৰে প্ৰস্তুত কৰি নিজৰ ইনষ্টাগ্ৰামত প্ৰচাৰ চলাইছিল৷ গুৱাহাটীৰ বহুকেইগৰাকী যুৱতীৰ স’তেও ভূৱা পৰিচয়ৰে সম্পৰ্ক স্হাপন কৰি ধন আদায় কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে নলবাৰীতো এই প্ৰৱঞ্চকে নিজকে ব্লেক কমাণ্ডো বুলি পৰিচয় দিছিল বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে লখিমপুৰৰ এগৰাকী যুৱতীৰ পৰাও চাকৰি দিয়াৰ নামত ২০হেজাৰ টকা সৰকোৱা বুলি পংকজৰ বিৰুদ্ধে মহাভৈৰৱ আৰক্ষীয়ে অভিযোগ লাভ কৰিছে৷ উল্লেখযোগ্য যে,আৰক্ষী বিষয়া, চি আৰ পি আদিকে ধৰি বিভিন্ন জনৰ স’তে আলোকচিত্ৰ থকা প্ৰৱঞ্চক পংকজে নিৰাপত্তা বাহিনীৰ বিভিন্ন পোছাকত আলোকচিত্ৰ তথা ভিডিঅ প্ৰচাৰ কৰিছিল৷ কালি গুৱাহাটীৰ পৰা আৰক্ষীৰ পোচাকতে তেজপুৰত উপস্থিত হৈ মহাভৈৰৱ মন্দিৰলৈ যোৱা পংকজে নিশা আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি কেবল তেৱেঁই নহয়, ধেমাজিৰ আন কেবাজনো সহযোগীৰ স’তে এনে নকল আৰক্ষীৰ এটা দলেই গঠন কৰা হৈছে আৰু এই দলটোৱে বিভিন্নজনক প্ৰৱঞ্চনা কৰিছে৷ কালি নিশা এই নকল আৰক্ষী বিষয়া কৰায়ত্ত হোৱাৰ পাছতে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত বহু সংখ্যক লোক উপস্থিত হয়হি৷ ইয়াৰ পূৰ্বে এই নকল আৰক্ষীকে ধন আদায় দিয়া একাংশয়ো ক্ষোভ প্ৰকাশ কৰে আৰক্ষী চকীত৷ সম্প্ৰতি আৰক্ষী ভেশধাৰী এই প্ৰৱঞ্চকক মহাভৈৰৱ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More