তেজপুৰত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ চৌহদত গাতখান্দি পুতিলে  মহিলাৰ মৃতদেহ

0 25
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,২৭জুনঃ তেজপুৰ চহৰৰ চানমাৰী ৰেলগেটৰ এজন লোকৰ ঘৰৰ চৌহদত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা  ঘটনাই সমগ্ৰহ তেজপুৰ চহৰ খনতে ব্যাপক  চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে পেছাত ইৰিক্সা চালক ৰাজু আইচ নামৰ লোকজনৰ বাসগৃহলৈ প্ৰায়েই অহা ৰূপজ্যোতি বৰা(টুটি)নামৰ
মহিলাগৰাকীক হত্যাকৰি চোতালত পুতি থোৱা বুলি অভিযোগ উঠিছে৷উল্লেখযোগ্য যে দ পৰ্বতীয়াৰ পোতাপুখুৰী অঞ্চলৰ  অকলশৰীয়া বিবাহিতা মহিলাগৰাকী প্ৰায়েই ৰাজুৰ ইৰিক্সাত ঘূৰি ফুৰাৰ লগতে প্ৰায়েই ৰাজুৰ ঘৰলৈ অহাযোৱা কৰিছিল৷ ৰাজুৰ ঘৰলৈ দিনে নিশাই সঘনাই অহা মহিলাগৰাকীয়ে ৰাজুৰ স’তে একেলগে মদক্ষপানো কৰিছিল বুলি প্ৰকাশ কৰা প্ৰত্যক্ষদৰ্শীয়ে ৰাজুৰ বিৰুদ্ধে বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷উল্লেখযোগ্য যে,পত্নী আৰু সন্তান ৰাজুৰ লগত নথকাৰ বিপৰীতে বৃদ্ধা মাকৰ স’তে থকা ৰাজুৰ ঘৰলৈ দুদিন পূৰ্বে আহিছিল ৰূপজ্যোতি৷ইপিনে ৰাজুৱে যোৱা নিশা প্ৰায় ন বজাত স্হানীয় লালমাটি আৰক্ষী চকীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জনোৱাৰ লগতে তেওঁ মহিলাগৰাকীৰ মৃতদেহ নিজা বাসগৃহৰ কাষতে নিজা চৌহদত পুতি থোৱা বুলি স্বীকাৰ কৰে৷উল্লেখযোগ্য যে, ৰাজুৱে আৰক্ষীৰ আগত মহিলা গৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি ব্যক্ত কৰি কয় যে তাৰ পিছতে মহিলা গৰাকীক পুতি থয় ঘৰৰ কাষতে৷দুদিন পূৰ্বেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি ৰাজুৱে প্ৰকাশ কৰিলেও মৃত মহিলা গৰাকীৰ প্ৰকৃত পৰিচয় আজি দুপৰীয়ালৈকে  উদ্ধাৰ হোৱা নাছিল৷আজি আৰক্ষীৰ উপস্থিতিত ৰাজুৰ ভাষ্য অনুসৰি মহিলাগৰাকীৰ মৃতদেহ গাতখান্দি উদ্ধাৰ কৰা হয় আৰু মহিলাগৰাকীৰ পৰিচয়ো নিশ্চিত কৰা হয়৷ইপিনে মহিলাগৰাকীৰ মৃতদেহ গাতখান্দি উলিওৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত হোৱা প্ৰতিবেশী বহু সংখ্যক লোকে ৰাজুক এক নষ্ট চৰিত্ৰৰ লোক বুলি প্ৰকাশ কৰি ৰাজুৱে পত্নীক মাৰধৰ কৰি খেদি পথোৱাৰ লগতে জ্যেষ্ঠ ভ্ৰাতৃককো হত্যাকৰা বুলি গুৰুতৰ অভিযোগ কৰে৷মহিলাৰ প্ৰতি অতি কু দৃষ্টি দিয়া বুলিও অভিযোগ কৰা ৰাজুক প্ৰকৃততে সমাজত মুকলিভাবে ফুৰাৰ সুযোগ দিব নালাগে বুলি কৈ ক্ষোভিত একাংশ মহিলাই আনকি ৰাজুক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি কয়৷ইতিমধ্যে আৰক্ষীয়ে ৰাজুক গ্ৰেপ্তাৰ কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More