তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি

গ্ৰাম্যাঞ্চলৰ ছিৰিয়াছ নাট্যশিল্পী সকলক উপকৃত কৰিব - - বংকিম শৰ্মা

0 15

এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব – উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ’ল “ইন্টিমেট থিয়েটাৰ” ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্হাপনেৰে বৰ্তমান সময়ৰ তৰুণ প্ৰজন্মৰ ছিৰিয়াছ নাট্যশিল্পী সমূহে অতি কম সময়ৰ ভিতৰত সীমিত ব্যয়েৰে নাট নিবেদন কৰিব পৰা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত দীৰ্ঘদিন ধৰি ৰুচিশীলতাৰে পৰিশীলিত ৰূপত নাট্য চৰ্চা অব্যাহত ৰখা “জে বি প্ৰডাকচন” ৰ উদ্যোগত “মহবুব ষ্টুডিঅ” নামেৰে গঢ়ি উঠা এই ষ্টুডিঅটো কালি সন্ধিয়া তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।উল্লেখ্য যে, জে বি প্ৰডাকচনৰ সম্পাদিকা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে প্ৰয়াত পিতৃ তথা নিজৰ অভিনয়ৰ প্ৰথম গুৰু, বিশিষ্ট নাট্যকাৰ মহবুবৰ ৰহমানৰ সোঁৱৰণত গঢ়ি তোলা “মহবুব ষ্টুডিঅ” ৰ শুভাৰম্ভণি অনুষ্ঠানটিতেই কালি তিনিটা দৰ্শনীত জে বি প্ৰডাকচনে নিবেদন কৰে প্ৰসিদ্ধ নাট্যকাৰ নিৰ্মল বাৰ্মাৰ মূল কাহিনীৰ আধাৰত ডাঃ জাহানাৰা বেগমে অসমীয়া অনুবাদ কৰা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা পৰিকল্পিত আৰু পৰিচালিত নাটক” এচেৰেঙা ৰ’দ”। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা জে বি প্ৰডাকচনৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ২০১৭ চনৰ ১ মাৰ্চত পৰলোকপ্ৰাপ্তি ঘটা প্ৰয়াত নাট্যকাৰ তথা আৰ্টফেডৰ প্ৰতিষ্ঠাপক সঞ্চালক মহবুবৰ ৰহমানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি “মহবুব ষ্টুডিঅ” শুভাৰম্ভ কৰাৰ লগতে ষ্টুডিঅটিৰ প্ৰথমখন অন্তৰংগ নাটক “এচেৰেঙা ৰ’দ” বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা লেখক ডা০ কৰুণা হাজৰিকা, বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য্য কাকতি আৰু বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ।জে বি প্ৰডাকচনৰ সভাপতি ডা০ গোপেন্দ্ৰ মোহন দাসে আৰু সদস্য ডা০ অংকুৰ গোপেন্দ্ৰ দাসে অতিথি সকলক একোখনকৈ গামোচাৰে আদৰণী জনোৱা শুভাৰম্ভণি অনুষ্ঠানটিত ভাষণ আগবঢ়াই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই নাটক নিবেদন কৰিব পৰা এই “মহবুব ষ্টুডিঅ” ই তৰুণ প্ৰজন্মৰ নাটকৰ শিকাৰু তথা নাটশিল্পৰ প্ৰতি আগ্ৰহ থকা সকলক এক নতুন দিশৰ সন্ধান দিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰাৰ লগতে এই ষ্টুডিঅটিয়ে সাংস্কৃতিক নগৰী তেজপুৰৰ গৌৰৱৰ পথ আৰু অধিক প্ৰশস্ত কৰি তুলিব বুলি কয়। বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান লেখক ড০ ৰমেশ চন্দ্ৰ গোস্বামী,প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী,বিশিষ্ট নাট্যকাৰ পৰিচালক কৰুণা শইকীয়া, দৰংমহাবিদ্যালয়ৰ অধ্যাপিকা ড০ স্বপ্নালী কাকতি, প্ৰবীণ লেখিকা শশীপ্ৰভা মিশ্ৰ, বিশ্বনাথ চাৰিআলিৰ প্ৰগতিশীল নাট্যশিল্পী কুশল ডেকা, গৌতম পাঠক, সাংস্কৃতিক কৰ্মী শেখৰ বৰুৱা, ইন্দ্ৰানী তামুলী, দুলুমণি বৰা, স্তুতিমালা শইকীয়া, আদিৰ উপস্থিতিত এই শুভাৰম্ভণি অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই নতুন শৈলীত কম খৰছতে, কম সময়তে নাটক কৰাৰ সুবিধা থকা এই ষ্টুডিঅটিয়ে গ্ৰাম্যাঞ্চলৰ তৰুণ প্ৰজন্মৰ নিষ্ঠাবান নাট্যশিল্পীৰ লগতে আধুনিক চিন্তা – চৰ্চাৰে নাটক কৰিবলৈ আগবাঢ়ি অহা তৰুণ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে এই শুভাৰম্ভণি অনুষ্ঠানৰ পিছতেই কালি প্ৰথম দিনটোতে তেজপুৰৰ একাংশ ৰুচিশীল দৰ্শকে প্ৰথমবাৰৰ বাবে তিনিটা দৰ্শনীত দেশৰ প্ৰখ্যাত নাট্যকাৰ নিৰ্মল বাৰ্মাই ৰচনা কৰা “ধূপ কা এক টুকুৰা” শীৰ্ষক নাটকৰ অসমীয়া অনুবাদ “এচেৰেঙা ৰ’দ” নতুন শৈলীত উপভোগ কৰি আপ্লুত হৈ পৰে।উল্লেখ্য যে পৰিচালক ভাস্কৰ বৰুৱাৰ লগতে আন দুটি চৰিত্ৰত ময়ূৰ গোপেন্দ্ৰ দাস আৰু দিশা শইকীয়াই অভিনয় কৰা নাটকখনৰ সংগীত সংযোজনা আছিল বাদল কাকতিৰ, গীতত কণ্ঠদান কৰিছিল লক্ষ্যজ্যোতি বৰুৱা, পোহৰ নিয়ন্ত্ৰণত আছিল শিৱম শইকীয়া, সাজসজ্জা ইন্দ্ৰানী তামুলীৰ লগতে মঞ্চসজ্জাত পেইণ্টিং কৰিছিল বিৰাজ দাসে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More