তেজপুৰত ডকাইতি কায়দাৰে মহিলাৰ সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰ চহৰৰ লগতে চহৰখনৰ নিকটৱৰ্তী এলেকাত চিলনী চোৰৰ লগতে ড্ৰাগছ,চুৰিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ অব্যাহত থকাৰ সময়তে কালি নিশা এগৰাকী ৬০উৰ্দ্ধৰ মহিলাৰ মুখত সোপাদি তেওঁৰ ডিঙিৰ সোণৰ চেইন চিঙি লৈ যোৱাৰ এক ঘটনা ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূল সত্ৰৰ সমীপতে এই ঘটনাটো সংঘটিত হয়৷অনু কলিতা নামৰ মহিলাগৰাকীয়ে নিশা প্ৰায় ৭-৪৫বজাত সান্ধ্য ভ্ৰমণ কৰি উভতাৰ পথত তেওঁৰ ঘৰৰ প্ৰায় সমীপতে এখন মটৰচাইকেলত উঠি অহা দুজন যুৱকে এজন লোকৰ ঠিকনা সোধে৷ মহিলাগৰাকীয়ে তেনে নামৰ লোক অঞ্চলটোত নাই বুলি কোৱাৰ সময়তে দুই হেলমেট পৰিধান কৰা যুৱকৰ ভিতৰত এজন নামি আহি ”খুড়ী” বুলি সম্বোধন কৰি মহিলাগৰাকীৰে কথা পাতে আৰু আকস্মিকভাবে মুখত সোপাদি মহিলাগৰাকীৰ ডিঙিৰ সোণৰ চেইনডাল চিঙি লৈ পলায়ন কৰে৷ মহিলাগৰাকী মুক্ত হৈ চিঞৰ বাখৰ কৰাত অঞ্চলটোৰ বহুসংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈ দুই দুৰ্বৃত্তৰ সন্ধান কৰে যদিও সন্ধান নোলাল৷ উল্লেখযোগ্য যে,অঞ্চলটোত এনে ঘটনা পূৰ্বেও সংঘটিত হৈছে যদিও এইদৰে ডকাইতিৰ দৰে ঘটনা এয়ে প্ৰথম৷এই ঘটনাত মহিলাগৰাকীয়ে ডিঙিত আঘাতো পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More