তেজপুৰত ধঁপাতমুক্ত এলেকা ঘোষণা

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৭ জুলাই : শোণিতপুৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু এ.ডি.আৰ কেন্দ্ৰৰ কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি উল্লেখিত কাৰ্যালয়ৰ চৌহদত ধূমপান কৰা, ধঁপাত, ধঁপাত যুক্ত সামগ্ৰী যেনে গুটখা আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে আৰু এই আদেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More