সদ্ভাৱনা প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

0 30

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সদ্ভাৱনা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি নিষ্পত্তিবিহীনভাৱে পৰি থকা ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰে এই প্রকল্প আৰম্ভ কৰিছে। জনসাধাৰণৰ ফাইলসমূহ এক নিকা তথা দ্রুত ব্যৱস্থাৰে নিষ্পত্তি কৰিব পৰা যায়, সেই উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এক অভিযান কেন্দ্ৰিক মানসিকতাৰে এই প্ৰকল্পৰ ৰূপায়ণৰ দিশত অগ্ৰসৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সময় নিৰ্দ্ধাৰিতভাৱে পৰম্পৰাগত ফাইল ব্যৱস্থাৰ বিলুপ্তি সাধন কৰি অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ইয়াৰ বাবে সকলো ফাইল স্কেনিং আৰু ডিজিটাইজ কৰাৰ লগতে নতুন ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে লোক কল্যাণ দিৱসত এই ফাইলসমূহ নিষ্পত্তিৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ নিমিত্তে ব্যাপক ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে লোক কল্যাণ দিৱসত সম্বৰ্দ্ধনা জনোৱাৰ বাবে প্ৰতিখন জিলাৰ পৰা দুৰ্নীতিৰ অভিযোগ নথকা কর্মদক্ষতাসম্পন্ন তিনিজনকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালক নির্বাচন কৰাৰ বাবে উপায়ুক্তসকলৰ সৈতে যোগাযোগ কৰিবলৈও জ্যেষ্ঠ সচিবসকলক নির্দেশ দিয়ে। উল্লেখ্য যে সুদীৰ্ঘ বছৰ ধৰি নিষ্পত্তি নোহোৱা ফাইলসমূহ এ বি চি ডি হিচাপে চাৰিটা শাখাত শ্ৰেণীকৰণ কৰি অতি দ্ৰুত, নিকা আৰু পেছাদাৰী মনোভাৱেৰে নিষ্পত্তিকৰণৰ দিশত ঐতিহাসিক আৰু জনমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অমীমাংসিত ফাইল নিষ্পত্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত অনতিপলমে ই অফিচ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত তেওঁ জনতা ভৱনৰ অট্টালিকাৰ মূধচত সৌৰ শক্তি প্ৰণালীৰ লগতে সকলো বিভাগৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখি এক নান্দনিক পৰিৱেশ গঢ়ি তুলিবলৈ কয়। ইয়াৰ বাবে জনতা ভৱনৰ প্ৰতিটো খণ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াক কাম-কাজৰ তদাৰক কৰিবৰ বাবে কৰ্তৃত্ব অৰ্পণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। স্বচ্ছতা বজাই ৰখাৰ নিমিত্তে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়া আৰু কৰ্মচাৰীৰ বাবে সুকীয়া লাউঞ্জ নিমাৰ্ণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। তদুপৰি অচিৰেই পেঞ্চন সেৱা কেন্দ্ৰ পোৰ্টেল মুকলি কৰি ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাটো অধিক সহজ, স্বচ্ছ আৰু গতিশীল কৰি তোলাৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি তেওঁ কয়। বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More