তেজপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ অভিযোগ

বিধায়ক ৰাভাৰ কামৰ নমুনা পৰীক্ষাৰ নিৰ্দেশ

0 8
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাইঃ “পথ নিৰ্মাণৰ ক্ষেত্ৰত যি অভিযোগ ৰাইজে কৰিছে তাৰ বিপৰীতে এই কামৰ নমুনা পৰীক্ষা হ’ব আৰু যদি পৰীক্ষাত কামৰ মানদণ্ড নিম্নমানৰ হোৱাটো প্ৰমাণ হয় তেনেহলে ঠিকাদাৰৰ ঠিকা বাতিল হ’ব। মোৰ সমষ্টিত বেয়া কাম কৰি বদনাম কৰিবলৈ নিদিওঁ। ইতিমধ্যে মই বিভাগীয়া বিষয়াক পৰহি এই কামৰ নমুনা দেখুৱাইছোঁ আৰু আজিও মই উপায়ুক্তক যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। ”এই মন্তব্য তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ। উল্লেখযোগ্য যে, তেজপুৰৰ ডেকাৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ দুইকোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰাচপৰে এৰি যোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে।  প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত তেজপুৰৰ ডেকাৰগাঁৱত এম আৰ এল ০৯ এন এইচ ৫২ ৰ পকা পুঠিখাটিলৈ নিৰ্মীয়মাণ তথা ৫.৫৮০কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ এচোৱা  নিৰ্মাণৰ মাত্ৰ এটা সপ্তাহৰ ভিতৰতে চপৰাচপৰে এৰাই যোৱাত ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে ৰাইজে পথচোৱাৰ নিৰ্মাণকাৰ্য প্ৰাককলন অনুসৰি হোৱা নাই বুলি অভিযোগ কৰি আহিছে আৰু ৰুলিং তথা প্ৰয়োজনীয় পৰিস্কাৰ আদি নকৰাকৈ ঠিকাদাৰে খৰখেদাকৈ কাম কৰাৰ বাবেই এনে হোৱা বুলি অভিযোগ কৰিছে।নিম্ন মানদণ্ডৰ কামৰ বাবে ৰাইজে ঠিকাদাৰ বৰপেটাৰ জহিৰুল ইছলামক আপত্তি কৰিছিল যদিও তেওঁ এই ক্ষেত্ৰত গুৰুত্ব নিদিলে বুলি অভিযোগ কৰে। ৰাইজে প্ৰকাশ কৰে যে,৬৩৭২.৭০ঘনমিটাৰ মাটিৰ কাম প্ৰিমিস্ক কাৰ্পেট ২০মিলিমিটাৰ ডাঠ কৈ প্ৰাক কলন অনুসৰি কৰিব লাগে।কিন্তু এইপৰ্যন্ত এই অনুপাতে হোৱাটো দূৰৰে কথা,ৰুলাৰো উপযুক্ত হিচাপত চলোৱা হোৱা নাই। ৰাইজে কয় যে পথচোৱা সম্পূৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী পাঁচবছৰলৈ ইয়াৰ মেৰামতিৰ বাবে ৩৬লাখ ৬৩হেজাৰ টকা নিৰ্দ্ধাৰণ কৰা হৈছে যদিও এই গতিত পথটো নিৰ্মাণ হ’লে পাঁচবছৰটো বাদেই এবছৰো নাথাকে। এসপ্তাহৰ পিছতে যিটো পথ চপৰাচপৰে এৰাবলৈ লৈছে সেই পথটো বিধ্বস্ত হোৱাৰ পাছত ঠিকাদাৰ আৰু বিভাগীয় কোনো লোককে বিচাৰি পোৱা নাযাব বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে এইবোৰৰ আঁৰত কেবল কমিচনৰ অংকহে চলি থকা বুলি সন্দেহ হৈছে। উল্লেখযোগ্য যে, ৰাজ্যিক পথ তেজপুৰ চতিয়া আৰু ৰঙাপৰা সংমণ্ডলৰ তদাৰকত হোৱা পথচোৱাৰ নিৰ্মাণত এনে বিসংগতিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে দুদিন পূৰ্বে ইয়াত বিভাগীয় এছ ডি অ’ জনক লৈ বিধায়ক ৰাভা উপস্থিত হয়হি। ক্ষুব্ধ ৰাইজে তদাৰকী বিভাগে কামৰ উপযুক্ত পৰ্যবেক্ষণ নকৰাৰ অভিযোগ কৰি বিভাগীয় এছ ডি অ’ৰ সন্মুখতে পথ নিৰ্মাণৰ প্ৰকৃত নমুনা উন্মোচিত কৰে। আজি পুনৰ পুৱা বিধায়ক ৰাভা ৰাইজৰ কাষত থিয় হোৱাত ৰাইজে চৰকাৰী ধনৰ এনে অপচয় ৰোধৰ দাবী জনাই।ৰাইজে কয় যে, চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে ৰাজহুৱা স্বাৰ্থত তথা উন্নয়নৰ বাবে।ইয়াত কোনো ঠিকাদাৰ,বিভাগৰ অত্যাধিক লাভৰ অংক বা কমিচন খাবলৈ দিয়া নহ’ব।উল্লেখযোগ্য যে,সম্প্ৰতি ইয়াত পথ নিৰ্মাণৰ কাম বন্ধ আছে আৰু আজি বিধায়ক ৰাভাই ৰাইজক দিয়া আশ্বাস আৰু উপায়ুক্তক গ্ৰহণ কৰিবলৈ দিয়া ব্যৱস্থাৰ বাস্তৱত কি হয় তালৈ অপেক্ষা কৰিছে ক্ষোভিত ৰাইজে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More