তেজপুৰত প্ৰবীন অভিনেত্ৰী-নৃত্যশিল্পী কৃষ্ণাদাস নাথৰ মূল্যবান গ্ৰন্থ ‘প্ৰতিধ্বনি শুনো মই……সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ উন্মোচন

0 22
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ নবেম্বৰঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্ম্মাকে ধৰি অসমৰ শিল্প-কলা ক্ষেত্ৰখনৰ বহু প্ৰখ্যাত শিল্পীৰ লগতে দেশৰ ছবিজগতৰ বহুকেইগৰাকী বিশিষ্ট পৰিচালক আৰু অভিনেতাৰ সান্নিধ্যৰ স্মৃতি সংপৃক্ত অসমীয়া সংস্কৃতিৰ ইতিহাসৰ এচোৱা প্ৰতিফলিত হ’ব পৰাকৈ প্ৰবীণ অভিনেত্ৰী তথা নৃত্য শিল্পী কৃষ্ণা দাস নাথে ৰচনা কৰা ‘প্ৰতিধ্বনি শুনো মই-সান্নিধ্যৰ সুবাসিত সোঁৱৰণ’ শীৰ্ষক গ্ৰন্থখন আজি সন্ধিয়া তেজপুৰত এক গুৰুগম্ভীৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ তেজপুৰ সাহিত্য সভা ভৱনত একাংশ বিশিষ্ট শিল্পী-সাহিত্যিক তথা বিদ্বৎ সমাজৰ উপস্থিতিত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসমৰ প্ৰতিথযশা অভিনেত্ৰী মলয়া গোস্বামীয়ে৷  তেজপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱব্ৰত শমাৰ্ই আদৰণি ভাষণ আগবঢ়োৱা আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ আহ্বায়ক পংকজ বৰুৱাই আঁতধৰা এই অনুষ্ঠানটিত সভাপতিত্ব কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট ঔপন্যাসিক ড০ ভূপেন শইকীয়াই৷ দীক্ষিত মহন্তই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘প্ৰতিধ্বনি শুনো মই……’ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত প্ৰথমে বক্তব্য ৰাখে লেখিকা স্বামী তথা প্ৰবীন মঞ্চ আৰু চলচ্ছিত্ৰ অভিনেতা অৰুণ নাথে৷ উল্লেখ্য যে, অভিনেতা নাথৰ তৎপৰতাতে প্ৰকাশ হৈ উঠা গ্ৰন্থখনৰ জন্ম বৃত্তান্ত সন্দৰ্ভত অভিনেতা অৰুণ নাথে আগবঢ়োৱা বক্তব্যত কয় যে, একালৰ নৃত্য পটিয়সী তথা প্ৰবীন অভিনেত্ৰী কৃষ্ণাদাস নাথে ৭৬-৭৭ত ড০ ভূপেন হাজৰিকাৰ ছবিত অভিনয় কৰাৰ বিপৰীতে মাননীৰ বাবদ ফ্ৰক, কাণফুলি, জোতা-চেন্দেল আদি উপহাৰ হিচাপে লাভ কৰিছিল৷ পাৰিশ্ৰমিকৰ বিপৰীতে কৃষ্ণাদাস নাথৰ মাতৃয়ে শ্বুটিঙৰ কালছোৱাৰ আলোকচিত্ৰ সমূহ বিচৰাত সেই অনুসৰি অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছিল বহু সংখ্যক আপুৰুগীয়া আলোকচিত্ৰ৷ এই দুৰ্লভ আলোকচিত্ৰ সমূহৰ লগতে কৃষ্ণাদাস নাথে তেওঁৰ সাংস্কৃতিক পৰিক্ৰমাত বিভিন্ন বৰেণ্য শিল্পীসকলৰ স’তে লাভ কৰা সান্নিধ্যৰ কিছু নজনা কথা এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰ কথা অৰুণ নাথে অনুষ্ঠানটিত বিতংকৈ সদৰি কৰে৷ গ্ৰন্থখনিৰ নাম প্ৰয়াত হেমন্ত কুমাৰ বৰুৱা আৰু বিশিষ্ট নাট্যকাৰ ঐশ্বয্যৰ্ কাকতিৰ পৰামৰ্শ অনুযায়ী নামাকৰণ কৰা কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে অৰুণ নাথে৷ প্ৰকাশ যে, আজি কৃষ্ণাদাস নাথৰ ওপজা দি‍নটোতে গ্ৰন্থখন উন্মোচন কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আগবঢ়োৱা ছুটি ভাষণত ওপজা দিনটোত এইদৰে নিজৰ এখন গ্ৰন্থ উপহাৰ দিয়াৰ বাবে কৃষ্ণাদাস নাথক ধন্যবাদ জ্ঞাপন কৰি কয় যে, এনে বিৰল মুহূৰ্তত উপস্থিত হ’ব পাৰি নিজকে ধন্য মানিছোঁ বুলি কৈ কৃষ্ণাদাস নাথক শুভেচ্চা জ্ঞাপন কৰে৷ গ্ৰন্থখনি আনুষ্ঠানিকভাবে উন্মোচন কৰি প্ৰসিদ্ধ অভিনেত্ৰী মলয়া গোস্বামীয়ে  কয় যে, কৃষ্ণা বাইদেউৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শর্মা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দৰে ওৰেটো জীৱন যিসকল মহান আৰু বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিছে সেইসকলৰ সান্নিধ্য আৰু অভিজ্ঞতা এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে৷ যিবোৰ নৱপ্ৰজন্মই জানিব পাৰিব আৰু ইয়াৰদ্বাৰা উপকৃত হ’ব পাৰিব৷ মোৰো সাংস্কৃতিক পৰিক্ৰমাকলৈ এখনি গ্ৰন্থ লিখিম বুলি চলোৱা প্ৰচেষ্টা আজিও প্ৰচেষ্টাহৈয়ে আছে৷ বাইদেউৱে গ্ৰন্থখন লিখি উলিওৱাৰ পিছত ময়ো অনুপ্ৰাণিত হৈছো আৰু অনাগত দিনত গ্ৰন্থ লিখি উলিওৱাৰ আত্মবিশ্বাস লাভ কৰিছোঁ বুলিও প্ৰসংগক্ৰমে মন্তব্য কৰে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কলাগুৰুৰ পুত্ৰ, বিশিষ্ট অভিনেতা তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰদান কৰা বক্তব্যত শিল্প আৰু সাহিত্যৰ অপূৰ্ব সমন্বয় সাধিত হৈছে বুলি মন্তব্য কৰি কয় যে, পিতৃ বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শর্মা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সতে কৃষ্ণা বাইদেউৰ নিৱিৰ সম্পৰ্ক আছিল৷ অসমৰ বহু সংখ্যক বৰেণ্য কবি-সাহিত্যিক আৰু শিল্পীৰ সাধনাস্থলী তেজপুৰ৷ সেয়ে, কৃষ্ণাদাস নাথ, অৰুণ নাথ বা নিপন গোস্বামীৰ দৰে শিল্পীৰ এই চহৰত সৃষ্টি হৈছে৷ ভাষণ প্ৰসংগত ৰাভাই তাহানিতে ‘প্ৰতিধ্বনি’ ছবি‍খন চোৱাৰ কথা স্মৰণ কৰি কয় যে, অসমৰ পুৰণি বোলছবি‍সমূহ এতিয় নৱপ্ৰজন্মই চাব পৰা অৱস্থাত আছেনে নাই সেয়া গুৰুত্বপূৰ্ণ বিষয়হৈ পৰিছে৷ আধুনিক প্ৰযুক্তিৰ জৰিয়তে অসমীয়া পুৰণি বোলছবি‍ সমূহ সংৰক্ষণৰ বাবে আজিকোপতি আকাৰ্ইভ ব্যৱস্থা নোহোৱাটা অতি দুভাৰ্গ্যজনক বুলিও মন্তব্য কৰে৷ প্ৰবীন অভিনেত্ৰী কৃষ্ণাদাস নাথৰ অন্যতম ঘনিষ্ঠ ব্যক্তি তথা বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বর্যৰ কাকতিয়ে প্ৰদান কৰা বক্তব্যত কয় যে, জীৱন অবিহনে সাহিত্য আৰু সাহিত্য অবিহনে জীৱন হ’ব নোৱাৰে৷ সৃষ্টি আৰু কৃষ্টি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷ সৃষ্টিশীল মানুহেহে জীৱন উদ্‌যাপন কৰিব পাৰে৷ জন্মতে শূণ্য পাত্ৰলৈ এই ধৰালৈ অহা মানুহে সেই পাত্ৰ বৈষয়িক সুখেৰে পুৰণ কৰিব বিচাৰিলে সেয়া জীৱন যাপনহে হ’ব৷ কিন্তু জীৱন উদ্‌যাপন কৰিবলৈ সৃষ্টিশীল হ’ব লাগিব৷ এনে চিন্তাৰেই কৃষ্ণাদাস নাথে আন দহজনক আনন্দ দিব পৰা এখন গ্ৰন্থ লিখি উলিওৱাৰ বাবে লেখিকা অভিনেত্ৰীলৈ শুভেচ্চা জ্ঞাপন কৰে৷ অনুষ্ঠানটিত অংশগ্ৰহণ তেজপুৰৰ জনমুখী চিকিৎসক ডাঃ প্ৰদীপ বৰুৱাই ১৯৬২ চনতে গুৱাহাটী জিলা পুথিভঁড়ালত কুমাৰী কৃষ্ণাৰ নৃত্যানুষ্ঠানত দৰ্শক হিচাপে উপভোগ কৰা আৰু পৰৱৰ্ত্তী সময়ত নিজৰ ভগ্নী হিচাপে লাভ কৰা কৃষ্ণা দাস নাথৰ সাংস্কৃতিক পৰিক্ৰমাৰ কথা সোঁৱৰণ কৰে৷ কলাগুৰু বিষ্ণুৰাভা বঁটা প্ৰাপক প্ৰবীন অভিনেত্ৰী কৃষ্ণাদাস নাথে নিজৰ অনুভৱ ব্যক্ত কৰি আগবঢ়োৱা বক্তব্যত তাহানিতে বোলছবি শ্বুটিঙৰ কালছোৱাত ড০ ভূপেন হাজৰিকাৰ সতে বিশ্ববিশ্ৰুত চলচ্ছিত্ৰ পৰিচালক সত্যজিৎ ৰয়ৰ সান্নিধ্য কলিকতাত কেনেকৈ লাভ কৰিছিল, আন্তঃজাতিক খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ কেমেৰাত আৱদ্ধ হোৱা অভিনেত্ৰী গৰাকীৰ আলোকচিত্ৰ সত্যজিৎ ৰয়ে নিজৰ লগত ৰাখি এখন বোলছবিত অভিনয়ৰ বাবে কৃষ্ণাদাস নাথক আমন্ত্ৰণ জনাইছিল যদিও বহু দিনীয়া শ্বুটিঙৰ বাবে সেই বোলছবিত অভিনয় কৰাৰ পৰা কেনেকৈ অনিচ্চকৃতভাবে বিৰত থাকিব লগীয়া হ’ল, সেই সন্দৰ্ভত সদৰি কৰি আজিৰ গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেজপুৰ সাহিত্য সভাই উদে‍্যাগ গ্ৰহণ কৰাত সাহিত্য সভালৈ ধন্যবাদ জ্ঞাপন কৰে৷ সভাপতিৰ আসনৰ পৰা ড০ ভূপেন শইকীয়াই আগবঢ়োৱা বক্তব্যত নিজৰ ওপজা দিনত এখন আপুৰুগীয়া গ্ৰন্থ উপহাৰ দিয়াৰ বাবে কৃষ্ণাদাস নাথক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কমসংখ্যক শিল্পীয়েহে হাতত কলমলৈ সাহিত্যৰ জগতখন সমৃদ্ধশালী কৰি আহিছে বুলি কৈ এই ক্ষেত্ৰত কৃষ্ণাদাস নাথে লিখি‍ উলিওৱা গ্ৰন্থখনৰ জৰিয়তে নৱপ্ৰজন্মই বহু প্ৰয়োজনীয় আৰু নজনা কথা জানিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচায্যৰ্ই৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More