তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস

জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক "প্ৰণৱ সিংহ স্মাৰক বঁটা" প্ৰদান 

0 129
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১ মে’: “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে  লাভ কৰা দৰমহাৰে কোনোমতেই চলিব নোৱাৰে৷ৰাজ্যত বৰ্তমান প্ৰায় ২৪হেজাৰ সংবাদকৰ্মী আছে৷ৰাজ্যৰ  সাংবাদিকসকলে আজিও এনৰেগা শ্ৰমিকতকৈও কম মজুৰি লাভ কৰে৷” আজি তেজপুুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ “প্ৰণৱ সিংহ স্মাৰক বঁটা” গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই।সাংবাদিক শৰ্মাই সাংবাদিকসকলৰ উচিত পাৰিতোষিক নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে এই দাবীৰ ক্ষেত্ৰত ৰাজ্যখনতে এক জনমত গঠন কৰিবলৈ মফচলীয় সাংবাদিক সকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে শোণিতপুৰৰ সংবাদকৰ্মীসকলৰ অভিভাৱক স্বৰূপ তথা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ সিংহৰ স্মৃতি দিৱসৰ আজিৰ দিনটোত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ইউনিয়নৰ চৌহদত আয়োজন কৰা বিশেষ শ্ৰদ্ধাঞ্জলি – স্মৃতিচাৰণ আৰু প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত আগতে বিদ্যালয় – মহাবিদ্যালয়ৰ শিক্ষক সকলেই সাংবাদিকতাৰ স’তে জড়িত আছিল। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত চৰকাৰে এখন আইন প্ৰণয়ন কৰি যেতিয়াই চৰকাৰী চাকৰিয়ালে সাংবাদিকতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিলে তেতিয়াৰ পৰা যধে মধে সাংবাদিকৰ সৃষ্টি হ’ল আৰু সাংবাদিকতাত দুৰ্নীতিৰ কথাটো শুনিবলৈ পোৱা গ’ল। এই ক্ষেত্ৰত একাংশ সাংবাদিকৰ ক্ষেত্ৰত এই বদনাম কিয় শুনিব লগা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি জ্যেষ্ঠ সাংবাদিক শৰ্মাই চৰকাৰে সেই আইন থিকেই কৰিলে যদিও সাংবাদিক সকলৰ পাৰিতোষিকৰ ক্ষেত্ৰত আজিলৈকে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে আৰু তাৰ ফলস্বৰূপে এগৰাকী এনৰেগা শ্ৰমিকতকৈও সাংবাদিকৰ পাৰিশ্ৰমিক কম হৈ থাকিল আৰু ইয়াৰ বাবেই একাংশ সাংবাদিকে জীৱন ধাৰণৰ বাবে দুৰ্নীতিৰ আশ্ৰয় ল’ব লগা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।তেওঁ কয় যে,বিৰোধীৰ আসনত থকাৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে সাংবাদিক সকলক ব্যৱহাৰ কৰে য’দিও শাসনলৈ আহিলে সেইসকল সাংবাদিকক সমালোচনা কৰাত উঠিপৰি লাগে৷এজন সাংবাদিক বা তেওঁৰ আত্মীয় অসুস্থ হ’লে তেওঁ কোনো চৰকাৰী সাহায্য লাভ নকৰে আৰু এই বিষয়বোৰৰ ক্ষেত্ৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে এক প্ৰস্তাৱ গ্ৰহণ কৰি স্হানীয় বিধায়ক পৃথ্বিৰাজ ৰাভাৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগে৷তেওঁ লগতে কয় যে,সাংবাদিক জনপ্ৰিয় হ’ব নালাগে,ইয়াৰ বিপৰীতে তেওঁ দক্ষ আৰু সৎ হ’ব লাগে৷সাংবাদিক শৰ্মাই লগতে কয় যে, আন আন ক্ষেত্ৰত যেনেদৰে আজি দুৰ্নীতি সংঘটিত হৈছে তদ্ৰুপ সাংবাদিকতাৰ ক্ষেত্ৰতো একাংশৰ মাজত দুৰ্নীতি নোহোৱাকৈ থকা নাই। কিন্তু লাখ-কোটি টকা দৰমহা লাভ কৰাজনে কৰা দুৰ্নীতি সমালোচনা নহ’লেও সাংবাদিকে ক্ষুধাৰ তাৰণাত এহেজাৰ টকা ল’লেও একাংশই তীব্ৰ ভাষাৰে সাংবাদিকক সমালোচনা কৰে৷তেওঁ লগতে কয় “মই সাংবাদিকৰ দুৰ্নীতিক সমৰ্থন নকৰোঁ৷ কিন্তু মই সাংবাদিকৰ অৱস্থাৰ কথাটোহে কৈছোঁ৷তেওঁ লগতে সাংবাদিক সকল বেলেগ গ্ৰহৰ প্ৰাণী নেকি বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰতিখন চৰকাৰে, প্ৰতিটো ৰাজনৈতিক দলেই সাংবাদিকসকলক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে বুলিও মন্তব্য কৰে। অসমত বিগত ৪০ বছৰে বিৰোধী দল হিচাপে সংবাদ মাধ্যমহে আছেগৈ বুলি মন্তব্য কৰি তেওঁ কয় যে, সাংবাদিক য’দি জনপ্ৰিয় হয় তেনেহলে সেই শ্ৰেণীৰ সাংবাদিকৰ কৰবাত গণ্ডগোল আছে বুলি তেওঁ মন্তব্য কৰে৷ অসমৰ মফচলীয় সাংবাদিক সকলে নিজৰ মাজৰ অন্ত কন্দল পৰিহাৰ কৰি সাংবাদিকৰ ন্যূনতম মজুৰিৰ ক্ষেত্ৰত ৰাজ্যজুৰি এক জনমত গঠন কৰিবলৈ আহ্বান জনাই সাংবাদিক শৰ্মাই অসমীয়া সাংবাদিক আজি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে বুলি মন্তব্য কৰে। জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দৰে দুই এখন বিদ্যালয়তহে এতিয়া ছাত্ৰ ছাত্ৰী সকলে মাতৃভাষা পঢ়ি আছে। এনেকৈ থাকিলে এদিন কোনে অসমীয়া কাকত পঢ়িব বুলি কৈ সেয়েহে এতিয়া অসমীয়া কাকতৰ সাংবাদিক সকল প্ৰত্যাহ্বানৰ সন্মূখীন হৈ পৰিছে বুলি কয়। আনহাতে নিজে কোনো বিশিষ্ট সাংবাদিকটো নহয়েই এগৰাকী সাংবাদিকেই নহয় মাত্ৰ সংবাদ যোগনিয়াৰ বুলিহে কৈ বাতৰি লিখিলেই যেনেদৰে সাংবাদিক হ’ব নোৱাৰি তেনেদৰে গান গালেই শিল্পী হ’ব নোৱাৰি বুলি কয়। উল্লেখ্য যে, তেজপুৰৰ পৰা ছাত্ৰ হৈ থাকোঁতেই সাংবাদিকতাৰ জীৱন আৰম্ভ আৰম্ভ কৰি সুদীৰ্ঘ ৩৫ বছৰ কাল সাংবাদিকতাৰ ক্ষেত্ৰত জড়িত হৈ থকা  শৰ্মাই প্ৰয়াত প্ৰণৱ সিংহৰ স্মৃতি ৰোমন্থন কৰি ছাত্ৰ জীৱনতে অৰ্থনৈতিক সংকটৰ পৰা মুক্ত হ’বলৈ তেজপুৰৰ পৰা প্ৰণৱ সিংহৰ পিতৃ পূৰ্ণ নাৰায়ণ সিংহ সম্পাদিত “মহাজাতি” কাকতত লিখা মেলা আৰম্ভ কৰি ১৯৮৫ চনতেই ছয়শ টকা পাই পঢ়াৰ কামত খৰচ কৰিছিল সেই স্মৃতি ৰোমন্থন কৰি একপ্ৰকাৰ আবেগিক হৈ পৰাৰ মাজতে এগৰাকী গীতিকাৰ, সুৰকাৰ তথা গায়ক হিচাপেও পৰিচিত শৰ্মাই কেনেকৈ তাহানিতেই গীতৰ ফিউজন হৈছিল তাক কেবাটাও গীতৰ কলি পৰিৱেশন কৰি ৰাইজৰ বোধগম্য কৰে।  শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সদস্য, সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উপদেষ্টা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ দ্বাৰা প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে।তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, প্ৰণৱ সিংহৰ ভাই বোৱাৰী তথা অধিবক্তা দুলুমণি সিংহ, বিশিষ্ট সাহিত্যিক মাণিক বৰা, ভূৱন চন্দ্র গগৈ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা জন সংযোগ বিষয়া নীনা বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, আন সদস্যসকল, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, শিল্পী জান তালুকদাৰ, প্ৰণৱ সিংহৰ সতীৰ্থ গোপেন্দ্ৰ ভূঞা, যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাকে ধৰি অনুষ্ঠানটিৰ অতিথি আৰু সাংবাদিক সকলে  পিকু মহন্তৰ ঘোষা পাঠৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই অন্বেষা কাশ্যপৰ এটি বৰগীতেৰে  আৰম্ভ হয় মূল অনুষ্ঠান। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি  হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতেই বিশিষ্ট শিক্ষাবিদ ড০ প্ৰাণজিৎ হাজৰিকা আৰু প্ৰণৱ সিংহৰ সতীৰ্থ, বিশিষ্ট নাট্যকাৰ – পৰিচালক – লেখক ঐশ্বৰ্য্য কাকতিয়ে প্ৰণৱ সিংহৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি প্ৰণৱ সিংহ কেনেকৈ এগৰাকী সফল, দক্ষ সাংবাদিকৰ লগতে এগৰাকী সামাজিক দায়বদ্ধ ব্যক্তি আছিল সেই কথা সদৰি কৰে৷ কাকতিয়ে মানুহৰ খ্যাতি মৌ মাখিৰ গুঞ্জনৰ দৰে বুলি কৈ প্ৰণৱ সিংহৰ খ্যাতিও মৌ মাখিৰ গুঞ্জনৰ দৰে বাঢ়ি গৈছিল বুলি সান্নিধ্যৰ বহু স্মৃতি ৰোমন্থন কৰে।20230501 184519তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক মুখ্য অতিথি, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক শম্ভূনাথ সিঙে এখন গামোচা আৰু আন অতিথি সকলে চেলেং, ফুলাম জাপি, নগদ ধন আৰু প্ৰশস্তিৰে  প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰাৰ পিছত বঁটা গ্ৰহণ কৰি গৌতম শৰ্মাই বঁটাৰ নামত প্ৰদান কৰা ধনৰাশি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ পুঁজিলৈ আগবঢ়ায়।প্ৰশস্তি পত্ৰ পাঠ কৰে সাংবাদিক অৰ্ণৱ নাথে৷আনহাতে মুখ্য অতিথিৰ আসনৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক শম্ভূনাথ সিঙে সকলো কামৰ ভিতৰত সাংবাদিকতাই অতি কঠিন কাম বুলি মন্তব্য কৰি আজি যিহেতু মে’ দিৱস সেয়েহে সাংবাদিক সকলৰ বাবে বিশেষ দিন বুলি কৈ এই অনুষ্ঠানত উপস্থিত থাকি নিজৰ ঘৰলৈ অহাৰ অনুভৱ হৈছে বুলি কৈ এগৰাকী জ্যেষ্ঠ সতীৰ্থৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে। আনহাতে এগৰাকী সাংবাদিকে যিয়েই বঁটা লাভ নকৰক, চৰকাৰী ভাৱে বহু ধনৰাশিৰ বঁটা লাভ নকৰক কিয় এনে এগৰাকী সাংবাদিকৰ নামত লাভ কৰা বঁটা সেই বঁটাতকৈ বহু সন্মানীয় বঁটা বুলি  উপাচাৰ্য গৰাকীয়ে মন্তব্য কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More