তেজপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহৰ সংবাদমেল

নবছৰ পূৰ্বে মোদীয়ে ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিছে

0 7

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নবছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত বিগত নবছৰে চৰকাৰৰ কামৰ এক খতিয়ান আজি দাঙিধৰা হয় তেজপুৰত৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰপূৰ্বাঞ্চলৰ সমন্বয়ক ঋতুৰাজ সিংহই সংবাদমেলত কয় “প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নবছৰীয়া কাৰ্যকাল হৈছে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ৷ দেশত পৰিয়ালতন্ত্ৰৰ সলনি যোৱা নবছৰত দেশ আৰু জনসাধাৰণক সেৱাৰ মনোভাৱৰে চৰকাৰ চলিছে আৰু দুৰ্নীতি মুক্ত ভাবে প্ৰশাসন চলোৱা হৈছে৷ তদুপৰি যোৱা নবছৰত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কৈ শেষ কৰিব নোৱৰা কাম কৰা হৈছে৷ ৰাজ্যতো একেধৰণেই চৰকাৰে কাম কৰিছে৷ ” তেওঁ কয় যে, নবছৰ পূৰ্বে মোদীয়ে “নিজেও নাখাওঁ আৰু আনকো খাবলৈ নিদিওঁ”বুলি কৰা ঘোষণা অনুসৰিয়েই দুৰ্নীতি প্ৰতিৰোধ কৰিছে৷ ঘৰ, শৌচালয়, পানী, খাদ্য, গেছ, কৃষকৰ বাবে আঁচনিকে ধৰি এইখন চৰকাৰে কেৱল দৰিদ্ৰ লোকৰ বাবে চিন্তা কৰা বুলি মন্তব্য কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে কয় যে এইখন চৰকাৰৰ কাৰ্যকালত দেশৰ ৮০কোটি দৰিদ্ৰ লোক উপকৃত হৈছে৷ এইসময়ত দেশৰ মৰ্যাদা বিদেশত বৃদ্ধি পোৱাৰ লগতে দিশত উগ্ৰপন্থী সমস্যা, নক্সাল সমস্যা ৰোধ হোৱাৰ লগতে সীমান্ত সুৰক্ষিত হোৱা বুলি উল্লেখ কৰি সিংহই আৰু কয় যে, ১৪০কোটি লোকে বাস কৰা দেশৰ ২৯কোটি পৰিয়ালৰ ভিতৰত ২৫কোটি পৰিয়ালে কিবা নহয় কিবা চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে৷ তেজপুৰৰ হোটেল হেৰিটেজত অনুষ্ঠিত আৰু তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক ৰঞ্জিত দত্ত, গণেশ কুমাৰ লিম্বু, প্ৰমোদ বৰঠাকুৰ, কৃঞ্চকমল তাঁতীৰ উপৰি এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, বিজেপিৰ জিলা সভাপতি বাটাচ ওৰাং আৰু দলটোৰ স্থানীয় নেতা কিশোৰ উপাধ্যায়ে অংশ লোৱা সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে পুনৰ কয় যে, মোদীয়ে দেশৰ উত্তৰপূৰ্বাঞ্চলক দেশৰ স’তে সংযোগত প্ৰধান ভূমিকা পালন কৰে আৰু এইৰাজ্যসমূহক সকলোতকৈ অধিক গুৰুত্ব দি তেওঁ এইক্ষেত্ৰলৈ এইসময়ত ৫০ৰ অধিকবাৰ অহা বুলিও কয়৷ অসমেই ইয়াৰদ্বাৰা সকলোতকৈ অধিক উপকৃত হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপূৰ্বাঞ্চললৈ বিভিন্ন সময়ত বিভিন্ন পেকেজ আগবঢ়াইছে৷ কৃষক সন্মান নিধিৰ দ্বাৰা ৰাজ্যৰ ৩৫লাখ কৃষক উপকৃত হোৱা বুলিও তেওঁ কয়৷ এয়া ৰাজ্যখনৰ ১০শতাংশ লোক বুলি দাবী কৰি তেওঁ কয় যে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত এককোটি পাঁচলাখ লোক উপকৃত হোৱাৰ উপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা আন ৫৬লাখ লোক উপকৃত হোৱা বুলিও তেওঁ দাবী কৰে৷ একেদৰে চৰকাৰী গৃহ আঁচনিৰ বাবে ২০লাখ আবেদন মঞ্জুৰ হোৱা বুলি উল্লেখ কৰি সিংহই কয় যে, ৰাজ্যখনৰ ২৭লাখ দৰিদ্ৰ লোকে মাহে ১২৫০টকাকৈ লাভ কৰি আছে ৰাজ্য চৰকাৰৰ পৰা৷ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ৰাজ্যত এতিয়া দুটা ইঞ্জিনৰ চৰকাৰ চলি আছে বুলিও তেওঁ দাবী কৰে৷ মোদী চৰকাৰে নবছৰত কৰা কাম আন চৰকাৰে ৬০বছৰে কৰিবপৰা নাছিল বুলিও তেওঁ কয়৷ উল্লেখযোগ্য যে, বিজেপিয়ে দেশজুৰি আৰম্ভ কৰা জনসংযোগ যাত্ৰাৰ অংশ হিচাপেই আজি অনুষ্ঠিত কৰা সংবাদমেলখনত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে ৰাজ্যত বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই বুলি মন্তব্য কৰে৷ সকলো শ্ৰেণীৰ লোকে বিজেপিকে সমৰ্থন কৰে আৰু সেয়ে পুনৰ যোৱাটো লোকসভা নিৰ্বাচনতকৈ অধিক ভোটত বিজয়ী কৰি বিজেপিকে পুনৰ দেশৰ সেৱা কৰিবলৈ সুযোগ দিব বুলিও তেওঁ কয়৷ ইপিনে দলটোৰ জনসংযোগৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে সাংবাদিকে ৰাজ্যৰ বিজেপিৰ বিধায়কে সংবাদকৰ্মীকে আক্ৰমণ কৰিবলৈ লোৱা, ভাবুকী দিয়া আদি কাণ্ডত লিপ্ত হোৱাৰ সময়ত দলটোৱে কি জনসংযোগ কৰিব বুলি প্ৰশ্ন কৰাত বিজেপি নেতা সিংহই এইবিষয়ে পৃথকে আলোচনা কৰিব বুলি কয়৷ আনহাতে, নবছৰ পূৰ্বে বিজেপিয়ে মূল্যবৃদ্ধিক নিৰ্বাচনৰ এক প্ৰধান ইছ্যু কৰাৰ বিপৰীতে বৰ্তমানৰ খটিয়ানত এইবিষয়ে কোনো কথা উল্লেখ নাই কিয় বুলি প্ৰশ্ন কৰাত সিংহই কয় যে, তুলনামূলক ভাবে বিজেপিৰ শাসনকালত মূল্যবৃদ্ধিৰ গড় হিচাপে কম৷ কভিদৰ লগতে বিশ্বত ঘটা যুদ্ধই আমেৰিকা, লণ্ডন, ফ্ৰাঞ্চ, জাৰ্মানী আদি সকলোতে ব্যাপক মূল্যবৃদ্ধি হোৱাৰ সময়ত তুলনামূলক ভাবে ভাৰতত ইয়াৰ মাত্ৰা কম বুলি সিংহই দাবী কৰে৷ তেওঁ কয় যে ইন্ধনৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰতে বৃদ্ধি পাইছে৷ ইপিনে সম্প্ৰতি ইন্ধনৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পোৱাৰ বিষয়ে আঙুলিয়াই দিয়াত তেওঁ কয় যে, কংগ্ৰেছৰ কাৰ্যকালৰ তুলনাত বিজেপিৰ দিনত মূল্যবৃদ্ধিৰ পৰিমাণ কম য’দিও ৰাইজে আৰু আশা কৰে গতিকে চৰকাৰে এইক্ষেত্ৰত নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব৷ বিজেপি চৰকাৰে সাধাৰণ জনতাৰ কথা শুনে বুলিও সিংহই কয়৷ বৰ্তমান দেশৰ জিডিপি বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, সাংবাদিকে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া আন এক প্ৰধান প্ৰতিশ্ৰুতি ৰাজ্যৰ অবৈধ বিদেশী সমস্যাৰ সমাধান আৰু যোৱা নবছৰত এনে কিমানক বহিষ্কাৰ কৰা হ’ল সেই সংখ্যাটো জানিবলৈ বিছৰাত সিংহই এইটো এক জটিল বিষয়, ইয়াৰ উত্তৰ তেওঁ দিব নোৱাৰিব বুলি কয়৷ তেওঁ লগতে বাবৰি মছজিদ, বালাকোট, জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ, ৰাজ্যৰ পৰা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ আদি বিষয় উল্লেখ কৰি বিদেশী প্ৰসংগটোও বিজেপিয়েই সমাধান কৰিব পাৰিব বুলি ৰাইজে বিশ্বাস কৰে বুলি কোৱাৰ বিপৰীতে সাংবাদিকে পুনৰ এই বিষয়টো দলৰ মজিয়াত এতিয়া আলোচনা হয়নে নহয় বুলি প্ৰশ্ন কৰাত তেওঁ দলৰ ভিতৰুৱা কথা সংবাদমেলত প্ৰকাশ কৰিব নোৱাৰে বুলি মন্তব্য জটিল বিষয়টোক লৈ তেওঁ কোনো মন্তব্য কৰিব নোৱাৰিব বুলি পুনৰ দোহাৰি সংবাদমেলৰ সামৰণি মাৰে৷ আনহাতে স্মাৰ্টমিটাৰ, বিদ্যুৎ মাচুল বৃদ্ধি আদিৰ লগতে ৰাজ্যৰ একাংশ বিজেপি নেতা, মন্ত্ৰী আৰু বিধায়কৰ উপলুঙা সূচক মন্তব্যৰ বিষয়বোৰকলৈ বক্তব্য ৰাখিবলৈ অস্বীকাৰ কৰি সিংহই এই সন্দৰ্ভত সৰ্বসাধাৰণৰ সমস্যাৰ বিষয়বোৰত সংবেদনশীল আৰু সাৱধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে বুলি পাছত উল্লেখ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More