তেজপুৰত বিজেপি দলত যোগদান সহস্ৰাধিক কংগ্ৰেছ আৰু অগপ কৰ্মী সমৰ্থকৰ

0 14
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ নৱেম্বৰঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সুমন্ত বড়ো, সাধাৰণ সম্পাদক অসীম শইকীয়া, এন এছ ইউ আইৰ জিলা সম্পাহক ৰাকেশ মণি দাস আৰু জিলা যুৱ কংগ্ৰেছৰ সম্পাদক চাম্পি কলিতাকে ধৰি সহস্ৰাধিক লোকে আজি তেজপুৰত বিজেপি দলত যোগদান কৰে৷ একেদৰেই অগপৰো বৃহৎ সংখ্যক কৰ্মী তথা সমৰ্থকে বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে, বিজেপি দলৰ শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি তেজপুৰৰ হেমবৰুৱা ভৱনত অনুষ্ঠিত হয় বিজেপিত যোগদানৰ কাৰ্যসূচী৷ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেজপুৰৰ বিজেপি সাংসদ পল্লৱ লোচন দাসে লগতে কয়, প্ৰতিটো নিৰ্বাচনেই বিজেপি দলৰ বাবে গুৰুত্বপূৰ্ণ৷ তৃণমূল পৰ্যায়ত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈয়েই আজি প্ৰায় ১১শই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। সভাত সাংসদজনে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা পশ্চিম বংগৰ মন্ত্ৰী অখিল গিৰীয়ে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ বৰণক লৈ  কৰা মন্তব্যৰ প্ৰতিবাদ জনায়৷ প্ৰয়োজনত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে বৰ্ণ বৈষম্যমূলক মন্তব্যৰ অভিযোগ আনি সাংসদ দাসে গিৰীৰ মন্ত্ৰীত্ব খাৰিজ কৰাৰ দাবী জনোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ আহ্বান জনায়৷ ইপিনে তেজপুৰত অনুষ্ঠিত আন এক যোগদান কাৰ্যসূচীত অগপ আৰু বিজেপি দলৰ তিনিশতাধিক কংগ্ৰেছ আৰু অগপ দলৰ কৰ্মী সমৰ্থকে বিজেপিত যোগদান কৰে৷ বিজেপি দলৰ তেজপুৰ গাভৰু মণ্ডলৰ অন্তৰ্গত পৰ্বতীয়া আৰু বেছেৰীয়াৰ এইসকল অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে৷ এই কাৰ্যসূচীত  গাভৰু মণ্ডলৰ সভাপতি  জয়ন্ত বৰাৰ লগতে  সাংসদ দাস তথা বিজেপি নেতা দীপক শইকীয়াই অংশ লয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More