তেজপুৰত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তৰুণ অসম সংঘৰ জ্যেষ্ঠ – সৰবৰহী সদস্য ৰামেশ্বৰ দাসক স্মৰণ 

সোঁৱৰণী গ্ৰন্থ "ৰামেশ্বৰ সুবাস" উন্মোচন 

0 44
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ মে‍ : তেজপুৰৰ অন্যতম সামাজিক – সংস্কৃতিক – ক্ৰীড়া তথা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘৰ এগৰাকী জ্যেষ্ঠ সদস্য ৰামেশ্বৰ দাসৰ সোঁৱৰণত আজি “তৰুণ অসম সংঘ” ত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি – স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান  সম্পন্ন হয়। উল্লেখ্য যে, যোৱা ৫ এপ্ৰিলত পৰলোকপ্ৰাপ্তি ঘটা সৰবৰহী সদস্য গৰাকীৰ মাহেকীয়া পুণ্য তিথিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা” ৰামেশ্বৰ সুবাস” শীৰ্ষক সোঁৱৰণী গ্ৰন্থখন আজি এই অনুষ্ঠানত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ উপদেষ্টা শৈলজা কুমাৰ পদ্মপতিয়ে। তৰুণ অসম সংঘৰ সম্পাদক মোহন ভূঞাই আঁত ধৰা আৰু উপসভাপতি, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াৰ পৌৰোহিত্যত আন এগৰাকী উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটেও অংশগ্ৰহণ কৰা অনুষ্ঠানটিত উন্মোচনী ভাষণ প্ৰদান কৰি শৈলজা কুমাৰ পদ্মপতিয়ে ৰামেশ্বৰ দাস সকলোকে আপোন কৰি ল’ব পৰা এগৰাকী জনপ্ৰিয় তথা সৰবৰহী লোক আছিল বাবেই তেওঁ অজাত শত্ৰু ৰূপে পৰিগণিত হৈছিল বুলি  কয়। সম্পাদক মোহন ভূঞাইও স্মৃতিচাৰণ কৰা আৰু সহধৰ্মিনী গুণদা দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা ড০ ভুবনেশ্বৰ চহৰীয়াই কোনো এগৰাকী লোকৰ মৃত্যুৰ পিছত তেওঁৰ কৰ্মৰাজীৰ সুবাস অধিক বৃদ্ধি পাই বুলি মন্তব্য কৰি মানুহৰ মৃত্যুৱে স্বাভাৱিক ভাৱে চলি থকা কোনো কামৰে গতি স্তব্ধ কৰিব নোৱাৰে বুলি কৈ ৰামেশ্বৰ দাসৰ স্মৃতি সোঁৱৰণী গ্ৰন্থখনত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে। ইয়াৰ আগেয়ে উপসভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াৰ লগতে  তৰুণ অসম সংঘৰ বিষয়ববীয়াৰ উপৰি বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, প্ৰণৱ বৰা আৰু পৰিয়ালৰ লোক সকলে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু ধূপ প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More