তেজপুৰত ব্যৱসায়ী হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ কছাৰী গাঁৱত যোৱা ৩১ আগষ্টৰ সন্ধিয়া সুব্ৰত দাসগুপ্ত নামৰ ৪৩বছৰীয়া এজন লোকৰ ক্ষতবিক্ষত মৃতদেহ নিজৰ শোৱনি কোঠাৰ বিছনাত উদ্ধাৰ কৰাৰ পিছত এই হত্যাকাণ্ডৰে জড়িতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ শোণিতপুৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰাই অসম আৰক্ষীৰ ফৰেনচিক প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিতহৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰি হত্যাকাৰী সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰে আৰু আৰক্ষীয়ে ফৰেনচিক বিশেষজ্ঞৰ তথ্যৰ আধাৰত চলোৱা তাৎক্ষনিক অনুসন্ধানত হত্যাকাৰী মনোজ গুৰুং ওৰফে দেৱ কুমাৰ গুৰুঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে, তেজপুৰ সদৰ থানাত হত্যাকাণ্ডটোৰ বিপৰীতে ৭১৭/২৩ নম্বৰ গোছৰ ৰুজু হৈছিল৷উল্লেখযোগ্য যে,কছাৰীগাঁৱৰ বাসগৃহৰ এটা অংশত নিহত সুব্ৰত ওৰফে টুকু থকাৰ বিপৰীতে কাষৰ অংশত তেওঁৰ ভায়েক আৰু পৰিয়ালৰ আনসকল সদস্য থাকে৷দীৰ্ঘদিনৰ পৰাই নিশা বন্ধু বান্ধৱৰে স’তে সুৰাপান কৰা সুব্ৰত দিনত বহু পলমকৈ শোৱাৰ পৰা উঠে৷৩০আগষ্টৰ নিশা তেনে কোনো সুৰাপায়ী বন্ধুৰ স’তে তৰ্কৰ সূত্ৰপাত ঘটা কাষৰ কোঠাত থকা সুব্ৰতৰ ভায়েকে শুনিছিল যদিও সেয়া স্বাভাৱিক ঘটনা বুলি বিশেষ গুৰুত্ব দিয়া নাছিল আৰু ৩১আগষ্টত সন্ধিয়ালৈকে সুব্ৰত শোৱাৰ পৰা নুঠাৰ বাবে তেওঁৰ কোঠাৰ দুৱাৰ খুলি বিচনাত ৰক্তাক্ত অৱস্থাত ভায়েকে দেখা পোৱাতহে হত্যাকাণ্ডটোৰ বিষয়ে পোহৰলৈ আহে৷উল্লেখযোগ্য যে, ইতিমধ্যে ঘটনাস্থলীৰ পৰা ফৰেনচিক প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষীয়ে সংগ্ৰহ কৰা অপৰাধীৰ ভৰিৰ চাপ,সুব্ৰতৰ তেজৰ নমুনা , মনোজৰ ভৰিৰ চাপ আৰু মনোজৰ চোলাত পোৱা তেজৰ চেকুৰা গুৱাহাটীস্থ ফৰেনচিক গবেষণাগাৰলৈ প্ৰেৰন কৰিছে।ইপিনে,আজি অভিযুক্তক তেজপুৰস্হ জিলা সত্ৰ ন্যায়াধীশৰ আদালতলৈ নিয়াৰ সময়ত হত্যাকাণ্ডটো সংঘটিত কৰাৰ বিষয়ে স্বীকাৰ কৰি অভিযুক্ত মনোজে সংবাদ মাধ্যমৰ আগত কয় যে,তেওঁৰ পত্নীয়ে ইতিমধ্যে তেওঁৰ ঘৰ এৰি গৈছে আৰু হত্যাকাণ্ডৰ নিশা সুব্ৰতই বাৰম্বাৰ মনোজৰ পত্নীৰ সতে সুব্ৰতৰ সম্পৰ্ক থকাৰ কথা কোৱাত সুৰাৰ ৰাগিত থকা মনোজৰ প্ৰথমতে তৰ্ক আৰম্ভ হয়৷ তাৰ পিছতো পুনৰ সুব্ৰতই একেটা কথাকে কোৱাত সুব্ৰতৰ কোঠালিতে থকা চোকা অস্ত্ৰৰে সুব্ৰতক উপৰ্যুপৰি আক্ৰমণ কৰি চানমাৰিৰ নিজৰ ঘৰলৈ যায় গুৰুং৷পাছত এই অস্ত্ৰ নদীত পেলাই দিয়া বুলিও উল্লেখ কৰে অভিযুক্ত হত্যাকাৰীয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More