ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ আজি তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত জাৰণিত দিনৰ প্ৰায় ১২বজাত অঞ্চলটোৰ ৰেখা ৰাণা নামৰ মহিলা গৰাকীক মহিৰুদ্দিন , মজিবুৰ, চদৰ আলী, নিজাম আলী আৰু চৰিফুদ্দিন নামৰ লোককেইজনৰ নেতৃত্বত একাংশ লোকে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ঘটনাৰে আক্ৰমণকাৰী দলটোৰ পৰিয়ালৰ একাংশ মহিলাও জড়িত থকা বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে, নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ ২০বিঘাৰ অধিক মাটি আক্ৰমণকাৰী দলটোৰ একাংশই দীৰ্ঘদিনে বেদখল কৰি অহা বুলি অভিযোগ উঠি আহিছে৷ আনহাতে আক্ৰমণকাৰীসকলে এই ভূমি প্ৰকৃততে তেওঁলোকৰহে বুলি দাবী কৰে৷ উল্লেখযোগ্য যে, এই ভূমিক লৈ ইতিমধ্যে এটা গোচৰ তেজপুৰ আদালতত চলি থকাৰ মাজতে আজি আক্ৰমণকাৰীসকলে ইয়াত থকা বাঁহ কাটিবলৈ আহে৷ এইক্ষেত্ৰত মহিলাগৰাকীয়ে এই মাটিৰ সন্দৰ্ভত যিহেতু আদালতত গোচৰ চলি আছে তেনে অৱস্থাত বাঁহ কাটিবলৈ দলটোক বাৰণ কৰে৷ কিন্তু এই ঘটনাতে মহিলাগৰাকীৰ ওপৰত ক্ষুন্ন হোৱাই নহয়, সেয়া মাটি নিজৰ বুলি দাবী কৰি ৰেখা ৰাণাৰ ওপৰত আক্ৰমণ চলায়৷ এই সময়ত আক্ৰমণকাৰী পক্ষৰ হৈ একাংশ মহিলায়ো ৰাণাক আক্ৰমণ কৰাই নহয়, তেওঁক প্ৰহাৰ কৰাৰ উপৰি পৰিধান কৰা বস্ত্ৰ ফালি বহুদূৰ চোঁচোৰাই নিয়ে৷ কোনোমতে প্ৰাণ ৰক্ষা পৰা মহিলাগৰাকীৰ আত্মীয়ই বৰঘাট আৰক্ষী চকীত এই বিষয়ে জনোৱাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়গৈ যদিও অভিযুক্ত পুৰুষ কেইজনে পলায়ন কৰে৷ আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই জঘন্য আক্ৰমণৰ ঘটনাত লিপ্ত এক মহিলাক আটক কৰি সোধপোচ অব্যাহত ৰখাৰ লগতে পলাতকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভূমিকেন্দ্ৰীক সংঘাটৰ পৰিণতিতে এই কাণ্ড সংঘটিত হৈছে আৰু এই ভূমি দুয়োটাপক্ষই নিজা বুলি দাবী কৰিছে৷ উল্লেখযোগ্য যে, এই ঘটনাত আহত মহিলা ৰাণা বিজেপি দলৰ এগৰাকী সদস্যা৷ এনে অৱস্থাত আজিৰ ঘটনাটোকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ উপৰি জাৰণিৰ বহুসংখ্যক লোক বিয়লি ৰাণাৰ বাসগৃহলৈ গৈ খা খবৰ লৈছে৷ ইপিনে স্হানীয় একাংশ লোকে প্ৰকাশ কৰা অনুসৰি, ভালুকজাৰণি আৰু জাৰণি অঞ্চলত পূৰ্বৰে পৰা বাসকৰা লোকৰ উপৰি কাষৰীয়া নগাঁও জিলাৰ পৰা উঠি আহি বহু লোক ইয়াত বহিছেহি৷ একাংশ স্হানীয় লোক আৰু আন জিলাৰ পৰা আহি ইয়াত থাকিবলৈ লোৱা লোকে ইয়াৰ বিভিন্ন পৰিয়ালৰ পৰা খেতিবাতি কৰিবলৈ ভূমি লোৱাৰ পাছত সেই ভূমি বেদখল কৰে আৰু পাছত ভূমিৰ প্ৰকৃত গৰাকীৰ সতে সংঘাতত লিপ্ত হয় বুলি আজি বিয়লি অঞ্চলটোৰ ভালেসংখ্যক লোকে মন্তব্য কৰিছে৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা