তেজপুৰত ভূৱা আৰক্ষী উপপৰিদৰ্শক গ্ৰেপ্তাৰ

0 21
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ তেজপুৰৰ মিছন চাৰিআলিত আজি দিনৰ প্ৰায় ১১-৩০বজাত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শক কৰায়ত্ত কৰে স্হানীয় কছাৰীগাঁও আৰক্ষীয়ে৷আৰক্ষীৰ পোছাক পৰিধান কৰা তথা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতাগাঁৱৰ  যুৱক  হিমাংশু কলিতা(২২)ই আজি মিছন চাৰিআলিলৈ চৰাইদেউ জিলাৰ নাহৰপুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনক চাকৰি দিয়াৰ প্ৰলোভনৰে মাতি আনিছিল৷এই বিষয়ে স্হানীয় আৰক্ষী অৱগত হোৱাৰ লগে লগে হিমাংশুক কৰায়ত্ত কৰে৷ইপিনে,ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা হিমাংশুৱে প্ৰকাশ কৰে যে তেওঁ তিনিহেজাৰ টকা ব্যয় কৰি অনলাইনত এই আৰক্ষীৰ পোছাকযোৰ ক্ৰয় কৰিছিল৷উল্লেখযোগ্য যে,কৰায়ত্ত হোৱাৰ পাছত আৰক্ষীৰ চাকৰি অতি ভাল পায় আৰু সেইবাবেই এই পোচাকযোৰ ক্ৰয় কৰি পিন্ধা বুলি কৈ হিমাংশুৱে তেওঁক আৰক্ষীত চাকৰি লাগে বুলিও কাওবাও কৰে৷উল্লেখযোগ্য যে নৱম শ্ৰেণীলৈকে পঢ়িছিল হিমাংশু৷আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More