তেজপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত পুৰণী আলিমূৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ অঞ্চলটোৰে বাসিন্দা প্ৰৌঢ়া মহিলাগৰাকী শাৰীৰিক ভাবে অসুস্থ আছিল আৰু যোৱা চাৰিদিনে তেওঁ নিৰুদ্দেশ হৈ আছিল৷পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি ৰুগীয়া মহিলা গৰাকী ঘৰৰ পৰা সচৰাচৰ ওলাই অহাৰ পাছত এইকেইদিন ঘৰলৈ উভটি নহাত তেওঁৰ বিচাৰখোচাৰ হৈছিল য’দিও তেওঁৰ সন্ধান ওলোৱা নাছিল৷আজি পুৱা সমীপৰ পথাৰৰ পৰা দুৰ্গোন্ধ ওলোৱাত ইয়াৰ উৎস বিচাৰি স্হানীয় লোকে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷মিৰ্গী ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ সেই দ স্হানত পৰাৰ ফলতেই মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে আশংকা প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More