তেজপুৰত “যাত্ৰা – ৫” শীৰ্ষক পাঁচদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক চিত্ৰশিল্পী ৰাতুমণি দাস আৰু দক্ষ চিত্ৰশিল্পী নৱনিতা শৰ্মাৰ উদ্যোগত ১৮ গৰাকী চিত্ৰশিল্পীৰ ৬৮ খন কলাত্মক চিত্ৰৰ সমাহাৰ

0 17

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুলাই : ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰৰ লগতে ৰাষ্ট্ৰীয় ফেলশ্বিপ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাস আৰু আন এগৰাকী তেজপুৰৰ দক্ষ চিত্ৰশিল্পী নৱনিতা শৰ্মাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো আজিৰে পৰা ৬ জুলাই তাৰিখলৈ তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভা কক্ষৰ আৰ্ট গেলেৰীত “যাত্ৰা – ৫” শীৰ্ষক এখন পাঁচদিনীয়া আকৰ্ষণীয় চিত্ৰকলা প্ৰদৰ্শনী আৰম্ভ হৈছে। এই বিশেষ চিত্ৰকলা প্ৰদৰ্শনীৰ আজি পুৱা আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্ঘাটন কৰে ৰাজ্যখনৰ জনপ্ৰিয় প্ৰগতিশীল কবি প্ৰণৱ কুমাৰ বৰ্মনে। উল্লেখ্য যে, তেজপুৰ, শোণিতপুৰৰ লগতে এগৰাকী শিৱসাগৰৰ দক্ষ চিত্ৰশিল্পী আৰু আন এগৰাকী ফিলিপাইনছৰ জনপ্ৰিয় চিত্ৰশিল্পীসহ মুঠ ১৮ গৰাকীকৈ চিত্ৰশিল্পীৰ বিশেষ কলাসন্মত চিত্ৰৰ সমাহাৰ ঘটা এই পাঁচদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এফালৰ পৰা চিত্ৰসমূহ পৰ্যবেক্ষণ কৰি কবি প্ৰণৱ কুমাৰ বৰ্মন আপ্লুত হৈ পৰে।শিল্পী সকলৰ ৰং আৰু তুলিকাৰ যাদুকৰী সমাহাৰত বিশেষ বাৰ্তা আৰু নান্দনিকতা পৰিলক্ষিত হোৱা “যাত্ৰা – ৫” শীৰ্ষক চিত্ৰকলা প্ৰদৰ্শনীখনত ফিলিপাইনছৰ চিত্ৰশিল্পী সন্তোষ কুমাৰৰ লগতে শিৱসাগৰৰ এগৰাকী দক্ষ চিত্ৰশিল্পী দেৱজ্যোতি বৰুৱাৰ উপৰি ৰীতিমণি সূত, নুপাংগনা বি কাশ্যপ, ৰিতিকা দাস, কাশ্যপজ্যোতি নাথ, নিশান্ত কুমাৰ নাথ, নন্দিনী কাশ্যপ, প্ৰিয়ংকা কাকতি, ৰাঘৱ মহন্ত, নয়ন হাজৰিকা, জুৰি দেৱী, ৰেহেনা আহমেদ, সৌমিত্ৰ দত্ত, অনিতা কলিতা আৰু যগিন্দ্ৰ সিঙৰ লগতে উদ্যোক্তা ৰাতুমণি দাস আৰু নৱনিতা শৰ্মাৰ মুঠ ৭০ খন চিত্ৰই আজি শুভাৰম্ভণিৰ দিনটোতে কলাৰসিক সকলক আপ্লুত কৰে। আনহাতে সাংস্কৃতিক কৰ্মী তথা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱাই আঁত ধৰা আৰু বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি, বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্ত, মায়া শৰ্মা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়া, নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, অসমীয়া ক্লাবৰ প্ৰাক্তন সম্পাদক নীলকান্ত শৰ্মা, উপসভাপতি হেমন্ত লহকৰ,বিশিষ্ট চিত্ৰশিল্পী অলকা শৰ্মা, সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, সীমান্ত কাকতি, কবি অলক শৰ্মা, অনুপ অসমীয়া আদি উপস্থিত থকা শুভাৰম্ভণি অনুষ্ঠানটিত চমু ভাষণ আগবঢ়াই জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে দেশৰ চিত্ৰশিল্পৰ ইতিহাস সদৰী কৰি চিত্ৰ আৰু কবিতাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি মন্তব্য কৰাৰ লগতে চিত্ৰশিল্পৰ মাদকতা প্ৰতিটো সভ্যতাৰ লোকেই গুহাত অংকণ কৰা চিত্ৰ সমূহৰ পৰা যুগে যুগে উপভোগ কৰি আহিছে বুলি কৈ ভাৰতীয় চিত্ৰশিল্পৰ এক সমৃদ্ধ ইতিহাস আছে আৰু বিশেষকৈ আধ্যাত্মিক দিশৰ পৰা প্ৰাকৃতিক মহত্বৰে এই ইতিহাস সমৃদ্ধ বুলিও মন্তব্য কৰে। আনহাতে সন্ধিয়া জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা “শব্দ আৰু বৰ্ণৰ সমাহাৰ” শীৰ্ষক অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ – ঔপন্যাসিক ড০ ভূপেন শইকীয়াই। তেজপুৰৰ কেবাগৰাকীও কবি সাহিত্যিকে অংশ গ্ৰহণ কৰা এই বিশেষ অনুষ্ঠানত ৰং তুলিকাৰ সমাহাৰৰ মাজত কাব্যিক অনুভূতিৰে সিক্ত হৈ পৰে অসমীয়া ক্লাবৰ আৰ্ট গেলেৰী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More