তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড

ককায়েক ভতিজাকে মিলি হত্যা কৰিলে এজনক

0 14
শতাব্দ প্ৰতিনিধি তেজপুৰ,১২ছেপ্টেম্বৰঃ তেজপুৰ সদৰ আৰক্ষী থানা অধীনস্থ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত ঘোৰামাৰী ঢেকিদ’লত যোৱা নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড৷ সুৰাৰ ৰাগীত পিতা পুত্ৰই মিলি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে পঞ্চাশোৰ্ধৰ ভগৱান ওৰাং নামৰ এজন লোকক৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ৮-৩০বজাত ঢেকিদলত সংঘটিত এই ঘটনাৰ বিষয়ে স্হানীয় শালনিবাৰী আৰক্ষীয়ে জানিব পাৰে৷ উল্লেখযোগ্য যে অঞ্চলটোত মুৰ্গী চুৰ হোৱাৰ ঘটনা ঘটিছে আৰু কালি ওৰাঙে ইয়াকে লৈ গালি গালাজ কৰি আছিল৷ সেই সময়তে সুৰামত্ত ভগৱানৰ প্ৰতিৱেশী তথা ভতিজাক পানিকাই আহি খালী হাতৰেই খুড়াক ভগৱানক প্ৰহাৰ কৰে৷ “আমাক কিয় গালি পাৰিবি বুলি ভতিজাকে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত তেজেৰে তুমুৰলি হোৱা ভগৱানে পলায়নৰ চেষ্টা চলাই য’দিও পানিকাই তেওঁক খেদি খেদি প্ৰহাৰ কৰে৷ আনহাতে স্বামীক তেনেদৰে প্ৰহাৰ কৰা দেখি তেওঁক ৰক্ষা কৰিবলৈ সহায় বিচাৰি ওলাই যোৱা ভগৱানৰ পত্নী আৰু কন্যাই কাকো নাপাই উভটি আহি দেখে যে পানিকাৰ পিতৃ তথা ভগৱানৰ জ্যেষ্ঠ ভাতৃ হাওৰা ওৰাঙে ভগৱনাক চোতালত পেলাই লৈ বুকুৰ ওপৰত বহি এখন দাৰে ভগৱানৰ মূৰ আৰু ডিঙিত উপৰ্যুপৰি আঘাত কৰে৷ গুৰুতৰ ভাবে আহত ভগৱানৰ পত্নীয়ে হাওৰাৰ হাতৰ পৰা চোকা অস্ত্ৰ কাঢ়ি আনে যদিও সুৰামত্ত পিতা পুত্ৰই ভগৱানৰ পত্নীকো প্ৰহাৰ কৰাৰ লগতে জীয়েক আৰু কনমানি নাতিনীয়েককো প্ৰহাৰ কৰে৷ আনকি কনমানি নাতিনীয়েকক মাকৰ কোলাৰ পৰা মাটিত পেলাই দিয়ে৷ এই সময়ত হোৱা চিঞৰ বাখৰত সমীপৰ আন আত্মীয় সহ একাংশ লোকে আক্ৰমণ কাৰী পিতাপুত্ৰক কৰায়ত্ত কৰাৰ লগতে গুৰুতৰ ভাবে আহাত ভগৱানক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় হাস্পতাললৈ আনে যদিও ইতিমধ্যে ভগৱানৰ মৃত্যু ঘটে৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে দুই আক্ৰমণকাৰী পিতাপুত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্ৰখন জব্দ কৰিছে৷ আনহাতে স্হানীয় লোকে কয় যে,দুয়োটা পৰিয়ালৰ মাজত পূৰ্বেও কাজিয়াৰ সূত্ৰপাত ঘটে যদিও কোনেও এই কাজিয়া এনে পৰ্যায়লৈ যাব বুলি ভবা নাছিল৷ কিন্তু পানীকাই খেদি খেদি খুৰাকক আক্ৰমণ কৰা দেখি প্ৰত্যক্ষদৰ্শী একাংশই পানীকাক কৰায়ত্ত কৰি বুজাই বঢ়াই ৰাখিছিল যদিও সেই সময়ত ভতিজাকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাই নিজঘৰৰ চৌহদত প্ৰৱেশ কৰা ভগৱানক ককায়েক হাওৰাই চোকাঅস্ত্ৰৰে অতৰ্কিতে আক্ৰমণ কৰে৷ আৰক্ষীয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More