তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অসম ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সভাপতি তুলসী কাপ্লে, ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সম্পাদক অৰূপ গৌতম, শোণিতপুৰ জিলাৰ মানৱাধিকাৰ ন্যায় আয়োগৰ উপ-সভাপতি পংকজ বৰুৱা আৰু স্হানীয় লেখক সাংবাদিক চিৰাজ খান অতিথি হিচাপে উপস্থিত থাকে। মানৱাধিকাৰ‌ ন্যায় আয়োগৰ কৰ্ম পৰিকল্পনা, নিয়ম নীতি সম্পৰ্কে আলোকপাত কৰে ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সভাপতি তুলসী কাপ্লেই। বৈঠকত মানৱাধিকাৰ লংঘনৰ বিভিন্ন দিশ সামৰি কেনে পৰিকল্পনাৰে আয়োগৰ সদস্য সকলে আগবাঢ়ি যাব লাগিব এই সম্পৰ্কে ৰাজ্যিক আয়োগৰ নীতি নিৰ্দেশনা সকলো সদস্যই অৱগত হ’ব লাগিব বুলি সংক্ষিপ্ত আকাৰে তুলি ধৰে। বৈঠকত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ সমিতি পুৰ্ণ পৰ্যায়ত গঠন নোহোৱা হেতুকে বৈঠকত সদস্য আৰু বিভিন্ন পদবী সম্পৰ্কে শ্বেইখ চাহাব উদ্দিনে উল্লেখ কৰে। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ সম্পাদক হীৰেন বৰগোহাঁয়ে আঁত ধৰা বৈঠকত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ সাংগঠনিক সম্পাদক ৰাজীব উদ্দিন আৰু কৰ্মসূচী ৰূপায়ন সম্পাদক জুবাইৰ আলমে অঞ্চলটোৰ সাংগঠনিক কাম-কাজৰ খতিয়ান তুলি ধৰে। পাঁচমাইল শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আইনুল ইছলাম সমন্বিতে ভালেমান সচেতন ব্যক্তি এই বৈঠকত উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More