তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী

অভ্যৰ্থনা সমিতি গঠন

0 65

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ছেপ্তেম্বৰঃ ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী শীলা বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মহিলাৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সোণালী জয়ন্তী“ উদযাপন, কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ শেষ সপ্তাহত তেজপুৰত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে৷ এই উপলক্ষে ৬/যোৱা ৯ ছেপ্তেম্বৰ তাৰিখে মিচন চাৰিআলিত সদৌ অসম লেখিকা সমাৰোহ, জিলা সমিতিৰ উদ্যোগত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল যদিও সমিতি খনৰ পূৰ্ণাংগ ৰূপ দিয়া হয় কালি তেজপুৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰূপালী বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত৷ এই সভাখনত আঁত ধৰে শোণিতপুৰ জিলাৰ সম্পাদিকা বিমলা দেৱীয়ে৷ ডঃ চাৰু চহৰীয়া নাথ সভানেত্ৰী, ৰুমা দেৱী, শশী প্ৰভা দেৱীক কাৰ্যকৰী সভানেত্ৰী, মমতা বেগম, কাঞ্চন শইকীয়াক যুটীয়া সম্পাদিকা আৰু অলি শইকীয়াক ধন ভৰালী হিচাপে লৈ সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে সকলো সদস্যা আৰু বিষয়ববীয়াৰ সহযোগিতাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী অনুষ্ঠানটো সাফল্য মণ্ডিত হোৱাৰ কামনা কৰিছে এক বিবৃতিৰ জৰিয়তে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More