তেজপুৰত সেনাৰ গুৰুত্বপূৰ্ণ আলোচনাচক্ৰঃ পূৱ কমাণ্ডৰ মুৰব্বী আৰ পি কলিতা উপস্থিত

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩আগষ্ট: দেশৰ সেনা বাহিনীৰ কলকাতা ভিত্তিক পূব কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা কালি চাৰিদিনীয়া ভ্ৰমণ সূচীৰে তেজপুৰৰ গজৰাজ কৰ্পছত উপস্থিত হৈছেহি। অতি কঠিন আৰু উচ্চতা তথা জংঘলৰে ভৰা ভূখণ্ডত দেশৰ উত্তৰ-পূব অঞ্চলত দেশৰ দীঘলীয়া সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে সেনাৰ পূব কমাণ্ড।সম্প্ৰতি সীমান্তৰ এনে গুৰুত্বপূৰ্ণ এলেকাসমূহ ভ্ৰমণ কৰি আছে পূৱ কমাণ্ডৰ মুৰব্বীজনে। তেওঁ এই সময়চোৱাত গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলত সেনাৰ অভিযান দক্ষতা, আন্তঃগাঁথনি তথা অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনাত মিলিত হয়। আজি তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই প্ৰকাশ কৰে যে, পূৱ কমাণ্ডৰ মুৰব্বী কলিতাই চাৰি আৰু পাঁচ আগষ্টত তেজপুৰত অনুষ্ঠিত হ’বলগীয়া এখন আলোচনা চক্ৰত অংশ ল’ব। দশক ধৰি চলি থকা ভাৰত চীন সীমা বিবাদৰ বিৱৰ্তন, চীনা কৌশলগত চিন্তা প্ৰক্ৰিয়া আৰু সামৰিক ৰূপান্তৰ, ভাৰতৰ ওপৰত প্ৰভাৱ আদি বিষয়ৰ ওপৰত আলোচনা চক্ৰখনৰ আয়োজন কৰা হৈছে। আলোচনা চক্ৰত বিশেষজ্ঞসকলৰ দ্বাৰা আলোচনা আৰু পেনেল আলোচনা অনুষ্ঠিত হ’ব য’ত জ্যেষ্ঠ পৰ্যায়ৰ কূটনীতিবিদ, শিক্ষাবিদ আৰু জ্যেষ্ঠ সামৰিক ব্যক্তি যেনে ৰাষ্ট্ৰদূত অশোক কান্থা, অধ্যাপক সংক্ৰান্ত কন্দপালি, জয়দেৱ ৰানাদে, ড° অমৃতা জছ, ক্ল’ড আৰ্পি, অৱসৰী লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিং,উত্তৰ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লা, প্ৰাক্তন সেনাধ্যক্ষ তথা সেনা প্ৰশিক্ষণৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল এছ এল নৰসিংহনৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড, অন্যান্য সেৱা আগবঢ়োৱা সামৰিক বিষয়াসকলৰ উপৰি এই আলোচনা চক্ৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দুশৰো অধিক জ্যেষ্ঠ সেনা বিষয়া, জ্যেষ্ঠ সামৰিক নেতৃত্ব আৰু গ্ৰাউণ্ড কমাণ্ডাৰসকলে অংশ ল’ব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More