তেজপুৰত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন এটা পৰিয়ালৰ

গাঁওবাসীৰ আদৰণী

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩০ জুন: জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ’ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ তেজপুৰৰ নিকটৱৰ্তী মোৱামাৰী কলিতা চুবুৰীৰ এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়াল আজি হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তণ কৰিলে। বিশ্ব হিন্দু মহাসংঘ, অসম আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ যৌথ প্ৰচেষ্টাত তেজপুৰৰ মোৱামাৰী কলিতা চুবুৰী গাঁৱৰ নামঘৰত আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী চাৰিজনীয়া পৰিয়ালটোৱে হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰে । কালি দিনত কলিতা চুবুৰী নামঘৰত সম্পূৰ্ণ বৈদিক ৰীতি-নীতি আৰু পৰম্পৰাৰে পৰিয়ালটোক হিন্দু ধৰ্মত দীক্ষিত কৰা হয়। বিন্দুকুৰি মোৱামাৰীৰ জয়ৰাম কোঁচ নামৰ লোকজনৰ পৰিয়ালটো হিন্দু ধৰ্মৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হিন্দুধৰ্মত দীক্ষা লয় বুলি প্ৰকাশ কৰিছে। পৰিয়ালটোৱে হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিষ্ণু যজ্ঞও অনুষ্ঠিত কৰা হয়।তেজপুৰৰ বিধায়ক পিথ্বিৰাজ ৰাভাই হিন্দু ধৰ্মত দীক্ষিত পৰিয়ালটোক অভিনন্দন জনাই কয় যে, হিন্দু সনাতনী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱা পৰিয়ালটোক সংস্কাৰী ধৰ্মত দীক্ষিত কৰিছে ৰাইজে। পৰিয়ালটোৱে স্ব-ইচ্ছাই প্ৰত্যাৱৰ্তন কৰা বুলিও জানিবলৈ দিয়ে বিধায়ক ৰাভাই।আজিৰ এই প্ৰত্যাৱৰ্তন অনুষ্ঠানত অঞ্চলটোৰ হিন্দু লোকসকলে উৎসাহেৰে অংশ গ্ৰহণ কৰি হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা পৰিয়ালটোক যথেষ্ট উৎসাহেৰে নিজৰ সমাজলৈ আদৰণি জনায় ।ইফালে অনুষ্ঠানটোত বিশ্ব হিন্দু মহাসংঘ, অসমৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱগোস্বামী, সাধাৰণ সম্পাদক বলেন বৈশ্য, প্ৰচাৰ সম্পাদক নিৰ্মলেশ্বৰ গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিপন গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা, সংস্কৃত ভাৰতীৰ প্ৰান্ত অধ্যক্ষ, দেৱ দামোদৰ সংঘ, অসমৰ উপৰি সনাতনী সংগঠনৰ কেইবাগৰাকীও কৰ্ম-কৰ্তাই অংশগ্ৰহণ কৰে।উল্লেখ্য যে, কিছুদিন পূৰ্বে কাৰ্বি আংলং, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ ১৩২ টা পৰিয়ালো হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More