তেজপুৰত ৩২ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান

গায়ন - বায়নেৰে শোভাযাত্ৰাৰে আদৰণী কৃতী শিক্ষকক

0 18
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা শিক্ষা বিভাগ আৰু শিক্ষক সংগঠন সমূহৰ সহযোগত আজি পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শোণিতপুৰ জিলা কেন্দ্ৰীয় ৬১ সংখ্যক শিক্ষক দিৱসৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ৩২ গৰাকীকৈ  সম্বৰ্ধিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শতাব্দী ভৱনত অনুষ্ঠিত এই কেন্দ্ৰীয় শিক্ষক দিৱসৰ দিনটোত পুৱাই উদযাপন সমিতিয়ে তেজপুৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অধ্যক্ষ প্ৰণৱ মজুমদাৰ আৰু খেলমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ঈশান নাথক বাসগৃহতে  বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস সহ উদযাপন সমিতিৰ বিষয়ববীয়াই  সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতেই ৩২ গৰাকীকৈ কৃতী শিক্ষাগুৰুক লৈ তেজপুৰৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভৱনৰ পৰা গায়ন-বায়নেৰে  শোভাযাত্ৰা কৰি মূল অনুষ্ঠান স্হলীলৈ আদৰি অনা হয়। ইয়াৰ পিছতেই উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত বিভিন্ন গৰাকী বিশিষ্ট ব্যক্তিয়ে এনেদৰে ৬১ গছি বন্তি প্ৰজ্বলন কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰিঞ্জুমণি নেওগ বৰাই গুৰু বন্দনা কৰাৰ লগতে সংগীত শিল্পী তথা শিক্ষক সীমান্ত কাকতি আৰু ময়ূৰ কাঞ্চন বৰাৰ পৰিচালনাত বিভিন্ন বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে সমবেত ভাবে পৰিৱেশন কৰে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কালজয়ী  “আজি বন্দো কি ছন্দেৰে শীৰ্ষক গীত। তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁতধৰা মূল অনুষ্ঠানত পৌৰোহিত্য কৰে শোণিতপুৰৰ উপায়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই। এই মূল সভাতেই পংকজ বৰুৱা আৰু ভূপেন বৰদলৈ সম্পাদিত “সম্বৰ্ধনা” শীৰ্ষক গ্ৰন্থখন উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আৰু দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অন্ন মহন্তৰ দুখনকৈ গ্ৰন্থ ক্ৰমে- “আই অসমীলৈ গীতৰ শৰাই” আৰু “Mean While Some Where” শীৰ্ষক গ্ৰন্থ  উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াই। উন্মোচনী ভাষণত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজিৰ দিনটো এক পবিত্ৰ দিন বুলি মন্তব্য কৰি প্ৰথমেই ৩২ গৰাকীকৈ কৃতী শিক্ষক – শিক্ষয়িত্ৰীক অভিনন্দন জ্ঞাপন কৰে। উপায়ুক্ত গৰাকীয়ে পুৱাই নিজৰ একাংশ প্ৰিয় শিক্ষাগুৰুক ফোন যোগেৰে সেৱা জনাই আত্ম তৃপ্তি লাভ কৰে বুলি কৈ তেওঁৰ একাংশ শিক্ষাগুৰুৰ বাবেই আজি নিজৰ জীৱনে এনেদৰে পূৰ্ণতা লাভ কৰে বুলি কৈ ছাত্ৰ জীৱনৰ বহু স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰকৃত শিক্ষাগুৰুৰ মাৰ্গদৰ্শনেৰে একোখন সমাজ সুন্দৰ ৰূপত অগ্ৰসৰ হয় বুলি মন্তব্য কৰি নিজৰ জীৱনত প্ৰভাব পেলোৱা তেনে একাংশ শিক্ষাগুৰুৰ জীৱন – দৰ্শন আলোকপাত কৰে। এই অনুষ্ঠানতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা নিৰ্মল এগৰাকী শিক্ষাৰ্থীক নিৰ্মল শইকীয়া সোঁৱৰণী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক অমলী মহন্ত সোঁৱৰণী মেধা বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়। আনহাতে জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা বেণুধৰ কাকতি, ৰমেশ চন্দ্ৰ কলিতা, ললিত বৰা, শশীন্দ্ৰ কুমাৰ বৈশ্য, হিৰণ্য কুমাৰ নাথ, ভূপেন বৰদলৈ আদিৰ উপস্থিতিত অনুষ্ঠানটিত “সৰ্বেপল্লী ৰাধাকৃষ্ণণ আৰু শিক্ষা ব্যৱস্থা” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা ৰূপে ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহৰ প্ৰাক্তন নিয়ন্ত্ৰক ড০ ভূবনেশ্বৰ চহৰীয়াই সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শন আলোকপাত কৰি একোগৰাকী শিক্ষাৰ্থী যিটো বিষয়ৰ প্ৰতি অধিক আগ্ৰহী সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলক আগবঢ়াই নিবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়। ভাষণ প্ৰসংগত শিক্ষাবিদ ড০ চহৰীয়াই মাতৃভাষাত শিশু অৱস্থাতে প্ৰদান কৰা শিক্ষাহে বিজ্ঞান সন্মত বুলি মন্তব্য কৰে।এই মূল অনুষ্ঠানতেই জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ৩২ গৰাকীকৈ নিৰ্বাচিত শিক্ষক-শিক্ষয়িত্ৰীক শোণিতপুৰ জিলা প্ৰশাসনে জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More