তেজপুৰত ৰখাই থোৱা বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে আঢ়ৈ লাখ টকা আৰু লেপটপ

0 11
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰত ব্যাপক জনসমাগম থকাৰ লগতে সমীপতে আৰক্ষীৰ পহৰা থকা সত্বেও ৰখাই থোৱা বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধনৰ মোনা আৰু লেপটপ৷উল্লেখ্য যে, শোণিতপুৰৰ ঘাঁহিগাঁও নিবাসী সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ এ এছ ০১ এফ ডি ৯৮১০ নম্বৰৰ ফৰচুনাৰ বাহনখনৰে আজি দিনত তেজপুৰত উপস্থিত হোৱাৰ পাছত তেওঁ বাহনখন তেজপুৰৰ চাৰ্চ ফিল্ডৰ কাষত থৈ সমীপৰ  হোটেলত চাহ খাবলৈ সোমাই৷ এই সুযোগতে মাত্ৰ ১০ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই গাড়ীখনৰ এখন আইনা ভাঙি বাহনখনৰ ভিটৰত থকা এটা লেপটপ, এটা কাপোৰৰ মোনা আৰু বেংকত জমা কৰিবৰ বাবে অনা আঢ়ৈ লাখ টকা লৈ উধাও হয়। এই সমগ্ৰ ঘটনাই তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ঘটনাস্থলীৰ কাষতেই চৰকাৰী উচ্চতৰ মাধ্যমিক  বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবে চাৰিওফালে আৰক্ষীৰ লোক উপস্থিত থকাৰ পিছতো উক্ত স্থানৰ পৰা দুৰ্বৃত্তই ধন, লেপটপ আদি লৈ উধাও হয়৷ আনহাতে, এই ঘটনাৰ পাছত ভুক্তভোগী যুৱকজনে তেজপুৰ সদৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More