তেজপুৰত ৰঙালী বিহুৰ পাৰভঙা উছাহ

জয়মতী পথাৰৰ হীৰকজয়ন্তী বৰ্ষৰ বিহুত বিহুনাম গায় নষ্টালজিক হ'ল জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস

0 27

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ১৮ এপ্ৰিল : IMG 20230418 WA0038তেজপুৰৰ চৌদিশে ৰঙালী বিহুৰ পাৰভঙা উছাহ। প্ৰত্যেকখন বিহু তলীতে গৰু বিহুৰ দিনটোৰ পৰা ৰঙালী বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ সমান্তৰাল ভাৱে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলি বিহু প্ৰতিযোগিতা, অন্যান্য প্ৰতিযোগিতা আদিৰে মুখৰিত হৈ পৰাৰ সময়তে কালি তেজপুৰৰ জয়মতী পথাৰৰ হীৰক জয়ন্তী বৰ্ষৰ পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মুকলি বিহু প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি একপ্ৰকাৰ নষ্টালজিক হৈ পৰিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস। উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, সম্পাদক ঈষান বৰা, আন আন বিষয়ববীয়া নিপ বৰা, অলক নাথ, নৰেণ শইকীয়া, ৰাজীৱ মহন্ত আদিৰ দ্বাৰা বিহু তলীত সম্বৰ্ধিত হৈ প্ৰবীণ অভিনেত্ৰী চেতনা দাসে শৈশৱতে তেজপুৰৰ এইখন বিহু তলীৰ পৰাই নিজৰ সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছিল বুলি কৈ নষ্টালজিক হৈ পৰে। প্ৰবীণ অভিনেত্ৰী দাসে আনকি কেবাটাও বিহুনাম পৰিৱেশন কৰি বিহু সমিতিৰ বিষয়ববীয়াৰ সৈতে একেলগে নাচি সকলোকে আপ্লুত কৰি তোলে। অভিনেত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত নতুন বছৰটিয়ে ৰাজ্যখনৰ সকলো লোকলৈ মংগল কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰি সকলো ক্ষেত্ৰতে যাতে ৰাইজ যোগাত্মক চিন্তাধাৰাৰে আগবাঢ়ি যাব পাৰে তাৰ কামনা কৰে। আনহাতে মুকলি বিহুৰ আগেয়ে সম্পন্ন হোৱা ভেশছন প্ৰতিযোগিতাৰ বহুকেইটা আকৰ্ষণীয় মুহূৰ্তই ৰাইজক আকৃষ্ট কৰি তোলে। মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যখনৰ ভালেকেইটা দলে অংশ গ্ৰহণ কৰে। সেইদৰে ৰাজ্যখনতে জনপ্ৰিয় আৰু বিখ্যাত হৈ পৰা শিৱসাগৰৰ ছোৱালী হুঁচৰি দলৰ অনুষ্ঠান চাবলৈ কালি নিশা ৰঙালী পথাৰৰ তেজপুৰ আঞ্চলিক বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানত সমাগম হয় হাজাৰ হাজাৰ বিহুপ্ৰেমী ৰাইজ। তেজপুৰ আঞ্চলিক ক্ৰীড়া – সংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানৰ কালি অন্যতম আকৰ্ষণ আছিল শিৱসাগৰৰ ছোৱালী হুঁচৰি দলৰ অনুষ্ঠান। ছোৱালীয়েই ল’ৰাৰ ভূমিকাত অৱতীৰ্ণ হৈ গায়ন শৈলী, ঢোল তাল বাদন, পেঁপা – বাঁহী বাদনৰ পৰা অনন্য পাৰদৰ্শিতাৰে ৰাইজক মুগ্ধ কৰি তোলা আকৰ্ষণীয় হুঁচৰি অনুষ্ঠানটিয়ে বহু সময় ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। তেজপুৰ আঞ্চলিক ক্ৰীড়া – সংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি দিলীপ কুমাৰ কাকতিয়ে উদযাপন সমিতিৰ সম্পাদক পৱিত্ৰ কুমাৰ শইকীয়া, দুল গোস্বামী সহ বিষয়ববীয়া সকলক লৈ ৰাইজক সেৱা কৰি আৰম্ভ কৰা কালিৰ মূল সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হয় উদযাপন সমিতিৰ সদস্যা সকলৰ মনোৰম সমবেত গীতেৰে। আনহাতে অনুষ্ঠানটিৰ আন এক দৃষ্টিনন্দন তথা অতি মুগ্ধকৰ কাৰ্যসূচী আছিল তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক আৰু নৃত্যানুষ্ঠান “সপ্তাশ্ব” ৰ সত্ৰীয়া আৰ্হিৰ অনুষ্ঠান। ভোৰতালৰে আৰু অন্যান্য ভংগীমাৰে দৃষ্টিনন্দন হোৱা অনুষ্ঠানটিয়ে বিহুৰ বতৰত অনন্য পৰিৱেশৰ সূচনা কৰে। ইয়াৰ মাজতেই “সপ্তাশ্ব” ৰ সম্পাদিকা, বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাক উদযাপন সমিতিয়ে সম্ভাষণ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More