তেজপুৰত ৰাজ্যিক ভিত্তিত ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

0 56

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৯মে’: অহা ৩১ম’ৰ পৰা তিনি জুনলৈ তেজপুৰ পলফিল্ডস্থিত ইণ্ডৰ ষ্টেডিয়ামত য়’নেক্স চানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসম বেডমিণ্টন সন্থাৰ সৌজন্যত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কমাৰচুবুৰী ক্ৰিকেট ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া বেডমিণ্টন প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ভালেসংখ্যক বেডমিণ্টন খেলুৱৈয়ে অংশ ল’ব৷ ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে আয়োজক সকলে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More