তেজপুৰৰ অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী উমেশ চন্দ্র চৌধুৰীৰ আকস্মিক দেহাৱসান

প্ৰাক্তন ছাত্ৰ নেতাৰ শোক প্ৰকাশ

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰ চহৰৰ ১৬ নং ৱাৰ্ডৰ ঘৰপৰা চুবুৰী নিবাসী, ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ এগৰাকী অতি নিষ্ঠাবান যোদ্ধা, প্ৰবল জাতীয়তাবাদী সত্বাৰ অধিকাৰী উমেশ চন্দ্র চৌধুৰীৰ যোৱা ১ এপ্ৰিল তাৰিখে নিশা আকস্মিক ভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰাত তেজপুৰত শোকৰ ছাঁ পৰে। উল্লেখ্য যে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ অসম আন্দোলনৰ সময়ছোৱাত তেজপুৰৰ পৰা আন্দোলনৰ গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত চৌধুৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাই নহয় আৰক্ষী আৰু চি আৰ পি এফ বা আন নিৰাপত্তা বাহিনীৰ হাতত নিৰ্যাতনৰ সন্মুখীন হোৱা তেজপুৰৰ আন্দোলনকাৰী সকলক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ বিশেষ দায়িত্ব বহন কৰিছিল। চৌধুৰীয়ে আন্দোলনৰ নিৰ্যাতিতা সকলক চিকিৎসা কৰোৱাৰ বাবে কনকলতা অসামৰিক চিকিৎসালয়ত যি বিশেষ কোঠা সংৰক্ষণ কৰা হৈছিল সেই কোঠাত দিনে নিশাই থাকি নিৰ্যাতিত আন্দোলনকাৰী সকলক চিকিৎসা প্ৰদান কৰি আৰোগ্য কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে আন্দোলনৰ নিৰ্যাতনকাৰী সকলক ক্ষীপ্ৰতাৰে চিকিৎসা প্ৰদানৰ বাবে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই কনকলতা অসামৰিক চিকিৎসালয় চৌহদতে গঢ়ি তোলা “ৰোগী সেৱা সদন” ৰ ১০ বছৰ অবৈতনিক দায়িত্ববাহী হিচাপে সেৱা আগবঢ়াই দায়ৱদ্ধতাৰ পৰিচয় দিছিল এইগৰাকী নিষ্ঠাবান আছু কৰ্মীয়ে ।আন্দোলনৰ পৰৱৰ্তী সময়ত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰা চৌধুৰী অসম গণ পৰিষদ দলৰ তেজপুৰ নগৰ সমিতিৰ সৈতেও জড়িত হৈ পৰিছিল। প্ৰায় ৭৩ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা চৌধুৰী তেজপুৰ সাহিত্য সভা, মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সৈতেও শেহতীয়াকৈ জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী কন্যা, জোঁৱাই, নাতি নাতিনীক এৰি চৌধুৰীৰ শেষকৃত্য অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনিল ডেকাৰ লগতে ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ নেতা উপস্থিত থাকে। আনহাতে আজীৱন জাতীয়তাবাদী, নিষ্ঠাবান অসম আন্দোলনৰ কৰ্মী গৰাকীৰ পৰলোকপ্ৰাপ্তিত প্ৰাক্তন ছাত্ৰ নেতা অলক নাথ, জিতেন বৰঠাকুৰ, কুলেন ভৰালী, শান্তনু মহন্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More