তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন “মিলিজুলি বিহু সন্মিলন”ত দুই শতাধিক মহিলাৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শন

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল: তেজপুৰৰ একমাত্ৰ মহিলাৰ বিহু সন্মিলন “মিলিজুলি মহিলা বিহু সন্মিলন” ৰ ২৩ সংখ্যক বৰ্ণাঢ্য কাৰ্যসূচী কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ কলেজিয়েট বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে, বিগত ২২ টাকৈ বছৰে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি মহিলাসকলৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা বিকশিত কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰি অহা তেজপুৰৰ একমাত্ৰ এই মহিলা বিহু সন্মিলনীয়ে পৰম্পৰাগত খেল ধেমালী, স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা, বৰগীত, বিহুনাম, পৰম্পৰাগত সাজ পাৰ আৰু জাতি জনগোষ্ঠীৰ নৃত্য প্ৰতিযোগিতাৰ পাছত বিহুনাম, বিহুনাচেৰে মুখৰিত কৰি তোলে। সভানেত্ৰী বিনু শইকীয়া আৰু সাধাৰণ সম্পাদিকা ইনু দাসৰ নেতৃত্বত মহিলা সকলে সকলো কাৰ্যসূচীত পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হয়। উপসভানেত্ৰী চিত্ৰা শইকীয়া, অঞ্জলী সোণোৱাল, সহকাৰী সম্পাদিকা ৰূপালী বৰা, বিনু বৰুৱা, অৰুণিমা শৰ্মা, ক্ৰীড়া বিভাগৰ সম্পাদিকা কৰবী চৌধুৰী, কোষাধক্ষ নিজৰা শইকীয়া, সাহিত্য সম্পাদিকা নিৰু নেওগ বৰা, প্ৰচাৰ সম্পাদিকা প্ৰণিতা মেধি চাংকাকতি আদিৰ তৎপৰতাত দুইশতাধিক মহিলাই প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰা বিহু সন্মিলনৰ মূল অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, তৰুলতা দাস, ক্ষীৰমাই দত্ত বৰা, ৰুবী বৰা, মামু বায়ন, মৌচুমী কাকতি, লেখিকা ৰুমা দেৱী আদিয়ে অংশ গ্ৰহণ কৰি মহিলাসকলক উদ্বুদ্ধ কৰে। শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন দাসে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰা বিহুৰ অনুষ্ঠানটিৰ আঁত ধৰে কৃষ্টি সম্পাদিকা ৰুবী বৰদলৈ বৰাই আৰু সহযোগিতা আগবঢ়াই নিপা বৰুৱা আৰু মমী বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More