তেজপুৰৰ গৰিমামণ্ডিত ত্ৰিমূৰ্তি উদ্যানত  সোঁ‌ৱৰণি সাহিত্য-সাংস্কৃতিক বৰ্ষ ২০২৩ৰ সফল সমাপ্তি

0 19
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ সাংস্কৃতিক নগৰি তেজপুৰত ২০১৫ তে গঢ় লৈ উঠা সাহিত্য সাংস্কৃতিক বৰ্ষ সোঁ‌ৱৰণিয়ে আজি উদযাপন কৰিলে সোঁ‌ৱৰণি বৰ্ষ ২০২৩। ৰাজ্যখনৰ ১২৩ গৰাকীকৈ খ্যাত অখ্যাত নবীন, প্ৰবীণ সাহিত্য-শিল্পী কলাকুশলী তথা বিভিন্ন ক্ষেত্ৰত অনবদ্য বৰঙনি আগবঢ়োৱা লোকক সম্বৰ্দ্ধনা আৰু বঁটা প্ৰদানৰে  অনুষ্ঠিত হয় এই অনন্য কাৰ্যসূচী৷ ৰাজ্যখনৰ বোলছবি তথা নাট্যক্ষেত্ৰৰ বৰ সৰাণী চেতনা দাস, বিশিষ্ট অভিনেতা অৰুণ নাথ, কৌতুক অভিনেতা অমুল্য কাকতি, তেজপুৰ সমষ্টিৰ  বিধায়ক পৃথ্বিৰাজ ৰাভা, মৎস্যগন্ধাৰ অভিনেত্ৰী নয়নমণি শইকীয়া, লেখিকা সমাৰোহ সমিতিৰ ড° চাৰু চহৰীয়া নাথ, কবি দিপালী মহন্ত গোস্বামী, নৰহৰি চুতিয়া, সৰ্পবান্ধৱ সৌৰভ বৰকটকী, বৃক্ষবন্ধু কুমুদ বৰুৱা,আবৃতিকাৰ বিকাশ জ্যোতি কলিতা, চিত্ৰশিল্পী মোহিনী হাজৰিকা, মৃগেন কলিতা, অভিনেতা তাজ হুছেইন, জিতুমণি দেৱ চৌধুৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ হাজৰিকা, অৰূপ কলিতা,দিব্যজ্যোতি নাথ, অপূৰ্ব বৰা,শিল্পী তৰুলতা দাস, কল্পনা কলিতা,সৌমিত্ৰ দত্ত,বাপধন কলিতা,হীৰেণ গোঁহাই, ৰাম হাজৰিকা, গণেশ লুইতপৰীয়া আদিকে ধৰি  প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ লোকসলৰ অংশগ্ৰহণৰে জীপাল হৈ উঠে এই বিশেষ কাৰ্যসূচী৷তেজপুৰ তথা শোণিতপুৰৰ লগতে নগাঁও,লখিমপুৰ আদি বিভিন্ন জিলাৰ পৰা অহা বহুসংখ্যক প্ৰতিভাশালী লোকৰ উপৰি শিশু চেমনীয়াৰ অংশগ্ৰহণৰে অনুষ্ঠিত হয়  আজিৰ বৰ্ণিল অনুষ্ঠান৷উল্লেখযোগ্য যে,দিনযোৰা কাৰ্যসূচীৰে আজি পুৱাৰ পৰাই আৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ অস্থিধামত বন্তি প্ৰজ্বলন কৰে কবি নাট্যশিল্পী ভূপেন শৰ্মাই। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ত্ৰিমূৰ্তিৰ আৱক্ষ মূৰ্তিৰ চৰণত বন্তি প্ৰজ্বলন কৰে সোঁ‌ৱৰণি সাহিত্য বৰ্ষৰ আদৰণি সমিতিৰ সভাপতি বকুল বৰা, সংকল্প অসম কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভূবন গোস্বামী, কাৰ্যকৰী সভাপতি কল্পনা লহকৰে৷ সোঁ‌ৱৰণি বৰ্ষৰ পতাকা উত্তোলন কৰে সভাপতি সীমান্ত কাকতিয়ে। উল্লেখযোগ্য যে, অনুষ্ঠানত উলহ মালহেৰে অনুষ্ঠিত হয় সোঁ‌ৱৰণি বৰ্ষৰ সমবেত সংগীত, বৰগীত, চিত্ৰ প্ৰদৰ্শনী, সোঁ‌ৱৰণি নৃত্য সম্বৰ্ধনা আৰু সাংস্কৃতিক চৰা। এই অনুষ্ঠানতে  ‘সোঁ‌ৱৰণি যাত্ৰা আলোকৰ’ গ্ৰন্থখনি শুভ উন্মোচন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাই। আনহাতে,এই অনুষ্ঠানত অন্যগৰাকী লেখিকা ক্ষিৰদা শইকীয়া দাসৰ গ্ৰন্থ দুঃস্বপ্নত ডুব যোৱা এখন পৃথিৱী’ ৰ শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মৃদুল চহৰীয়াই। গীত-নৃত্য-চিত্ৰ-কবিতা-আবৃত্তি আৰু নাট্য সংলাপেৰে আলোড়িত বৰ্ণাঢ্য অনুষ্ঠানটোত সমৱেত হয় থলুৱা শিল্পী, লোক শিল্পী, মুখা শিল্পী, দিব্যাংগ শিল্পী প্ৰমুখ্যে বহুসংখ্যক বিদ্যান আৰু প্ৰতিভাশালী ব্যক্তি৷ প্ৰণিধানযোগ্য যে, এই বিশেষ অনুষ্ঠানটোত মৰোণোত্তৰ ভাবেও বহুকেইজনলৈ সন্মান তথা সম্বৰ্ধনা আৰু বঁ‌টা আগবঢ়োৱা হয়।সুশৃংখলিত আৰু অতিশয় বিমুগ্ধকৰ পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানৰ আজি বিয়লি জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More