তেজপুৰৰ দৰংমহাবিদ্যালয়ত বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

0 20

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ বিস্ময়কৰ প্ৰভাবৰ বাবেই ১৯২১ চনৰ পিচত অসমীয়া সত্ত্বাই ভাৰতীয় সত্ত্বাৰ সৈতে বিলীন হৈ একেস্বৰে বিৰল দেশাত্মবোধেৰে স্বাধীনতাৰ জয় গান গাবলৈ আৰম্ভ কৰিছিল৷ ভাৰতীয় চেতনাৰে উজ্জ্বিবিত অসমৰ স্বাধীনতা সংগ্ৰামৰ গুৰিধৰোঁতাসকলৰ অন্যতম আছিল সত্ৰাধিকাৰী গহন চন্দ্ৰ গোস্বামী বুলি আজি তেজপুৰৰ দৰংমহাবিদ্যালয়ৰ সভাকক্ষত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই৷ উল্লেখ্য যে ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ’ণা অতিমাৰীৰ বাবে অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যায় এক বিশেষ স্মাৰক বক্তৃতানুষ্ঠান৷ হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু দৰংমহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সন্থাৰ লগতে মহাবিদ্যালয়খনৰ বুৰঞ্জী আৰু অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত এই স্মাৰক বক্তৃতানুষ্ঠান আৰম্ভ হয় হিৰামণি লহকৰৰ এটি বৰগীতেৰে৷ দৰংমহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়াই হেমন্ত কুমাৰ বৰুৱাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰে৷ স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা ড০ ভূপেন শইকীয়া, ৰমেশ চন্দ্ৰ কলিতা, দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাতি, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই বিশেষ আসন অলংকৃত কৰা অনুষ্ঠানটিত “গহন চন্দ্ৰ গোস্বামীৰ দেশাত্মবোধ আৰু সমকালীন সমাজ“ শীৰ্ষক বিষয়ৰ ওপৰত স্বভাৱসুলভ বাগ্মিতাৰে সাৱলীল ভাষণ আগবঢ়াই বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই গহন চন্দ্ৰ গোস্বামীৰে পূৰ্বসুৰী অসমৰ স্বাধীনতা সংগ্ৰামৰ মুল হোতা চন্দ্ৰনাথ শৰ্মাৰ মৃত্যুত মহাত্মা গান্ধীয়ে ’চন্দ্ৰনাথ শৰ্মাৰ দেশ হিতৈষী চেতনা সমগ্ৰ ভাৰতৰে চেতনা হোৱা উচিত’ বুলি কৰা মন্তব্য স্মৰণ কৰি মহাত্মা গান্ধীয়ে সপোন দেখা স্বাধীনতাৰ পৰবৰ্তী ভাৰতৰ বৰ্ণহীন সমাজ এখনৰ সপোন সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামীয়েও দেখিছিল আৰু প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাইও দেখিছিল বুলি মন্তব্য কৰে৷ অসমৰ যাউতিযুগীয়া ঐতিহ্য, ঐতিহ্যময়ী চৰিত্ৰ চুকাফা, চিলাৰায়, লাচিত বৰফুকন, গুৰু চাৰিজনাৰ বিষয়ে যদি আমাৰ উত্তৰ প্ৰজন্মক আমিয়েই জনোৱাৰ পৰিবেশ যদি গঢ়ি তুলিব নোৱাৰোঁ তেন্তে বিপথগামী হৈ পৰা তেওঁলোকক সঠিক পথ দেখুৱাৰ নৈতিক অধিকাৰ আমাৰ নাথাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ময়ূৰ বৰাই৷ উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতো তেজপুৰৰ বিদ্বৎ সমাজৰ লগতে দৰংমহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানৰ আৰম্ভণিতে হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, ড০ ভুবনেশ্বৰ চহৰীয়া, ৰবীন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক মনোৰঞ্জন শৰ্মা, মিনু দেৱী, গল্পকাৰ মাণিক বৰা, বিশিষ্ট সমাজকৰ্মী অঞ্জলি কলিতাকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More