তেজপুৰৰ ধৰ্ষণ কাণ্ডঃ অভিযুক্তক গ্ৰেপ্তাৰ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ যোৱা এমাহে এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণৰ অভিযোগ সত্বেও গ্ৰেপ্তাৰৰ পৰা সাৰি থকা অভিযুক্ত ৰফিকুল হকৰ পুত্ৰ তথা ঠেলামৰাৰ দুইনম্বৰ উলুবাৰীৰ আৰিফুল হক(৩২)ক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷উল্লেখযোগ্য যে,ঠেলামৰা থানাত ৰুজু হোৱা ৯৯/২৩নম্বৰ গোচৰত আৰিফুলক বিহগুৰিৰ বিবাহিতা মহিলাগৰাকীক ধৰ্ষণৰ অভিযোগৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত তেজপুৰৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে অভিযুক্তক দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰিছে৷উল্লেখযোগ্য যে,বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ মতে দলৱদ্ধ ধৰ্ষণৰো বলি হৈছিল তেওঁৰ পত্নী৷উল্লেখযোগ্য যে, প্ৰায় এটা মাহৰ পিছত এগৰাকী ধৰ্ষিতা মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰাৰ লগতে কাষ চাপে শোণিতপুৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ৷উল্লেখযোগ্য যে,মহিলা গৰাকীৰ স্বামী পেশাত এজন টেম্প’ চালক আৰু সেই সূত্ৰেই চিনাকীহৈছিল মেকানিক আৰিফুলৰ স’তে৷ ইয়াৰ মাজতে ঘৰত মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগত মহিলা গৰিকীয়ে ঘৰত গা-ধোৱাৰ দৃশ্য গোপনে মোবাইলত বন্দী কৰে অভিযুক্তই আৰু পৰৱৰ্তী সময়ত মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে৷ অভিযোগ মতে,এনেদৰে মহিলা গৰাকীৰ পৰা টকাও সৰকাইছিল অভিযুক্তই ৷এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পিছতে যোৱা তিনি জুলাইত মহিলা গৰাকীক অপহৰণ কৰে ৰফিকুলে৷হঠাতে এখন বাহনত বলপূৰ্বক তুলি নি অচিনাকী নিৰ্জন ঠাইত আৱদ্ধ কৰি ধৰ্ষণ কৰাৰ লগতে মাৰপিটো কৰা বুলি আৰিফুলৰ বিৰুদ্ধে অভিযোগ কৰা মহিলাগৰাকীয়ে কয় যে এনেদৰে আৱদ্ধ হৈ থকাৰ পিছত তেওঁ সুযোগ বুজি আৱদ্ধ হৈ থকা স্হানৰ পৰা পলায়ন কৰা মহিলা গৰাকীক পুনৰবাৰ আদবাটৰ পৰাই কৌশলেৰে আৰিফুলে নিজৰ ঘৰলৈ নি ৰাখিব বিচাৰিছিল৷ইয়াৰ মাজতে মহিলা গৰাকীয়ে স্বামীক ফোনযোগে সমস্ত কথা ক’বলৈ বাধ্য হয় আৰু স্বামীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰা হয়৷ইফালে এই ঘটনাৰ বিষয়ে ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যাওঁতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰথমাৱস্থাত এজাহাৰ ল’বলৈ অমান্তি হৈছিল বুলি অভিযোগ উঠিছে৷পাছত ন্যায় প্ৰাপ্তিৰ আশাত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক লগ ধৰি সবিশেষ জনোৱাত মহিলাগৰাকীক আদালতৰ কাষ চপাৰ পৰামৰ্শ আগবঢ়োৱা হয় যদিও মহিলাগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ কাষ চপাত ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে মহিলাগৰাকীক ফোন কৰি পিছদিনা তেওঁৰ এজাহৰ গ্ৰহণ কৰাৰ লগতে তেজপুৰ আদালতত তেওঁৰ ভাষ্য গ্ৰহণৰ ব্যৱস্থা কৰে বুলিও কয় মহিলাগৰাকীয়ে৷সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ কৰাৰ পাছতে আজি ঠেলামৰা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More