তেজপুৰৰ পুতুল ৰাভাৰ বিয়োগ

বিশিষ্ট সমাজকৰ্মী, কলাগুৰু সমাধি সমন্বয় ক্ষেত্ৰৰ অতন্দ্ৰ প্ৰহৰীৰ বিয়োগত গভীৰ শোক

0 42

 শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ এসময়ৰ সংগীত শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমাধি “সমন্বয় ক্ষেত্ৰ“ পৰিচালনা সমিতিৰ সম্পাদক, ৰাজনীতিক তথা সমাজকৰ্মী পুতুল ৰাভাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা ৫ – ৫৫ বজাত দেহাৱসান ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ ১৯৫৮ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী চুক তল গেৰেকীৰ শতবৰ্ষ অতিক্ৰম কৰা স্বাধীনতা সংগ্ৰামী দেৱ ৰাভাৰ পুত্ৰ পুতুল ৰাভাই নিজৰ ঘৰৰ দৰে জড়িত হৈ থকা সমাধি সমন্বয় ক্ষেত্ৰৰ কামত লাগি থকা অৱস্থাতে যোৱা ২৪ মে’ত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছত উক্ত দিনা প্ৰথমে তেজপুৰৰ টাইমছ হাস্পতালত চিকিৎসাধীন কৰোৱাৰ পিছত সেই দিনটোৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত জীৱন মৃত্যুৰে যুঁজি থকাৰ পিছত আজি ৬৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ ছাত্ৰ অৱস্থাৰ পৰাই এগৰাকী সমাজকৰ্মী আৰু সংগীত শিল্পী হিচাপে খ্যাতি অৰ্জন কৰা পুতুল ৰাভাই কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ সৈতে জড়িত হোৱাৰ লগতে কংগ্ৰেছ সেৱা দল, যুৱ কংগ্ৰেছৰ সৈতে জড়িত হোৱাৰ পিছত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক, উপসভাপতি আৰু ২০১৫ চনত ভাৰপ্ৰাপ্ত জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিষ্ঠাৰে কংগ্ৰেছ দলৰ প্ৰতি সেৱা আগবঢ়াই শেহতীয়াকৈ ২০২২ চনত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ পৰিছিল৷ বিজেপি দলত যোগদান কৰিলেও কোনোধৰণৰ সুবিধা গ্ৰহণ কৰাতো দূৰৰে কথা বৈষয়িক জীৱনৰ কথা কোনো কাৰণতে নেভাবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে এগৰাকী অতন্দ্ৰ প্ৰহৰীৰ দৰে নিষ্ঠা সহকাৰে জড়িত হৈ আছিল৷ কটন কলেজত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰাৰ সময়তে ট্ৰাইবেল সংঘ গঠন কৰি শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে থাকি বড়ো জনগোষ্ঠীৰ উত্তৰণ আৰু বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা পুতুল ৰাভাই পৰৱৰ্তী সময়ত দৰংমহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৰয়েল বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা পুতুল ৰাভাই নিজৰ প্ৰচাৰৰ কথা কোনো মুহূৰ্তে চিন্তা নকৰি সমন্বয় ক্ষেত্ৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলিবলৈ শয়নে সপোনে চিন্তা কৰি গৈছিল৷ বিষ্ণু ৰাভা দিৱস বা কলাগুৰুৰ ওপজা দিনটোত অনুষ্ঠান সম্পন্ন কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা নিষ্ঠাবান সমাজকৰ্মী পুতুল ৰাভা আত্ম প্ৰচাৰৰ পৰা সততে আঁতৰি থাকি আনকি সাক্ষাৎকাৰ এটা বিচাৰি হাবাথুৰি খাই ফুৰিব লগা হৈছিল তেজপুৰৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে৷ মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিটা পুত্ৰ সন্তান, ভাতৃসহ অসংখ্য আত্মাীয় আৰু গুণগ্ৰাহীক এৰি থৈ যোৱা পুতুল ৰাভাৰ দেহাৱসানৰ পিছত আজিৰ পৰা সমাধিৰ সমন্বয় ক্ষেত্ৰখন পিতৃহাৰা হ’ল বুলি পুৱাই সমাধিত উপস্থিতি হৈ সভাপতি পংকজ বৰুৱাই মন্তব্য কৰাৰ লগতে সমাধি ক্ষেত্ৰত বিভিন্নজনে অশ্ৰুসিক্ত নয়নেৰে মন্তব্য কৰে৷ আনহাতে আজি দুপৰীয়া নশ্বৰ দেহ গুৱাহাটীৰ পৰা বাসগৃহ আহি পোৱাৰ পিছতেই বাসগৃহত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ বাসগৃহতে পুতুল ৰাভাৰ ছাঁটোৰ দৰে লাগি থকা কংগ্ৰেছ দলৰ জিলাৰ বিষয়ববীয়া অকুল নাথৰ লগতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, ডেকাৰগাঁও জিলা পৰিষদৰ সদস্যা জয়া দাস, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক, সম্পাদক গীতাৰ্থ হৰি কাশ্যপ, ৰাইজৰ দলৰ কেন্দ্ৰীয় বিষয়ববীয়া, প্ৰাক্তন ছাত্ৰ নেতা অলক নাথ, অগপৰ যুৱ পৰিষদৰ জিলা সভাপতি ৰাজেন বৰা, বিশিষ্ট চিকিৎসক ডাঃ মনোজ মিৰ্ধা আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত নশ্বৰ দেহ কংগ্ৰেছৰ জিলা কাৰ্যালয়লৈ নিয়াৰ পিছত জিলা সমিতিৰ প্ৰায় সকলো বিষয়ববীয়াই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পিছতেই নশ্বৰ দেহ কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰলৈ অনাৰ পিছত এক শোকাকুল পৰিবেশৰ মাজত সভাপতি পংকজ বৰুৱা, দীপক তালুকদাৰসহ আন বিষয়ববীয়াৰ লগতে বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰা, প্ৰাক্তন ছাত্ৰ নেতা যশস্কৰ বৰুৱা, বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, সমাজকৰ্মী হিৰণ্য ভুঞা, প্ৰবীণ কণ্ঠশিল্পী, অভিনেত্ৰী তৰুলতা দাস, বিশিষ্ট সমাজকৰ্মী মদন সিং আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত গেৰেকীৰ ৰাজহুৱা শ্মশানত অসংখ্য গুণগ্ৰাহীৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়৷ আনহাতে এইগৰাকী সৰবৰহী, সমাজকৰ্মীৰ অকাল বিয়োগত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য,
অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়া, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, অসম ৰেপাৰেটৰীৰ পুলক কুমাৰ ডেকা, তৰুণ অসম সংঘ, অসমীয়া ক্লাব আদি অনুষ্ঠান – ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More