তেজপুৰৰ প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ

মঞ্চনাট, চলচ্চিত্ৰ , চুটি ছবি, ধাৰাবাহিকৰ অভিনয় সামৰি ৩৯ বছৰ বয়সতে জীৱন নাটৰ কল্যাণ খৰমান

0 23

“ডক্টৰ বেজবৰুৱা”তো কৰিছিল অভিনয়ঃ তেজপুৰত শোকৰ ছাঁ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : জীৱন নাট সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই। কালি নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই ছুটিং আৰম্ভ কৰিব লগা তেজপুৰবাসীৰ অতি আদৰৰ বহুমুখী প্ৰতিভাৰ শিল্পী বিজয় শংকৰ শইকীয়াক নিয়তিয়ে পুৱা ছুটিং কৰিবলৈ আৰু নিদিলে। “খোজ” নামৰ এটি বিশেষ গীতৰ দৃশ্যগ্ৰহণ সামৰি নিশা তেজপুৰৰ ঊষা নগৰৰ ৪ নম্বৰ উপ পথৰ বাসগৃহত ভাত পানী খাই বিচনালৈ যোৱাৰ সময়তে হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে গুৰুতৰ ৰূপত আক্ৰান্ত হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত নিশা প্ৰায় ১২-৩০ মান বজাত চিকিৎসকে মৃত ঘোষণা কৰে মাত্ৰ ৩৯ বছৰীয়া তেজপুৰৰ লগতে ৰাজ্যখনৰ এগৰাকী দক্ষ অভিনেতা, লোকশিল্পী, পৰিচালক, ৰূপসজ্জক তথা সুদক্ষ চিত্ৰগ্ৰহণকাৰী – আলোকচিত্ৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ।Screenshot 20230707 175557 WhatsApp e1688739294572
তেজপুৰৰ আজন্ম শিল্পী, নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰয়াত উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰো জন্ম সূত্ৰেই এগৰাকী প্ৰতিভাধৰ শিল্পী আছিল।১৯৮৪ চনত জন্মগ্ৰহণ কৰা বিজয় শংকৰ ছাত্ৰ অৱস্থাৰ পৰাই সকলো ক্ষেত্ৰৰে এগৰাকী পাৰদৰ্শী শিল্পী আছিল। “প্ৰত্যাৱৰ্তনৰ পিছত সত্য” শীৰ্ষক নাটকেৰে ২০০১ চনৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰা বিজয়ে ইয়াৰ পৰৱৰ্তী সময়ত “কাকো পৰিল তালো সৰিল” নামৰ নাটকৰ পিছত আৰু অভিনয়ৰ ক্ষেত্ৰত পিছলৈ এবাৰো উভতি চাব লগা নোহোৱাকৈ দহখনকৈও অধিক একাংক নাট, প্ৰায় ৪০ খনতকৈও অধিক পূৰ্ণাংগ নাটকৰ লগতে দূৰদৰ্শন আৰু ছেটেলাইট চেনেলৰ ধাৰাবাহিক “ৱাহ অমৰাৱতী ৱাহ”, “জোনালী এল এল বি”, “আই এম জম”, “তিনিটাকৈ খণ্ডৰ” বেহাৰবাৰী আউট পোষ্ট”, “লগন “,” লাহৰী গাঁও পঞ্চায়ত “,” বান্ধোন”, ” দৈনন্দিন “, ” হাতোৰা “,” বিধাতা “, ” সপোন ” আদিকে ধৰি অসংখ্য ধাৰাবাহিক আৰু ৱেব চিৰিজিত মনপৰশা অভিনয়ৰ লগতে “কৃষ্ণ চূড়া ডট কম “, ” মজলী “, ” দূৰণিৰ নিৰলা পজা “ৰ পৰা শেহতীয়াকৈ “ডক্টৰ বেজবৰুৱা “কে ধৰি ১৫ খনকৈ চলচ্চিত্ৰতো অভিনয় কৰিছিল। দহখনকৈও অধিক নাটক পৰিচালনা কৰা বিজয় আছিল অন্যতম জনপ্ৰিয় লোকবাদ্যৰ অনুষ্ঠান “তেজপুৰ থেছপীয়ান” ৰ জন্মদাতা। আনহাতে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ ছাত্ৰ বিজয় একেখন মহাবিদ্যালয়তে অস্হায়ী ভাৱে জন সম্পৰ্কৰক্ষী আৰু সাংস্কৃতিক বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত “ব্লেক এণ্ড হোৱাইট ” নামৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীকলৈ এটি নাট্য দল গঠন কৰি বিভিন্ন প্ৰান্তত নাট প্ৰতিযোগিতাত কৃতিত্ত্বৰ পৰিচয় দিয়াৰ লগতে সেই সময়ছোৱাতে বিজয় শংকৰৰ তৎপৰতাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মাজত এন এছ ডিৰ জড়িয়তে অনুষ্ঠিত হৈছিল নাট কৰ্মশালা। বৰ্তমান সময়লৈকে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ সমূহত দৰং মহাবিদ্যালয় দলক সহযোগিতা আগবঢ়াই অহা বিজয়ে পৰৱৰ্তী সময়ত “শংকৰ” শীৰ্ষক এক লোকশিল্পীৰ অনুষ্ঠানৰ উপৰি “নক্ষত্ৰ” নামৰ আন এক লোকবাদ্যৰ অনুষ্ঠানৰ সৈতেও শেহতীয়াকৈ জড়িত আছিল। ৰাজ্যখনৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰা বিজয়ে ২০২১ চনত দেশৰ বিশ্ববিদ্যালয় সমূহৰ মাজত হোৱা এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা নিজে চৰাইক লৈ ৰচনা কৰা প্ৰকৃতিৰ ওপৰত নাটক “টুউ লেট” মঞ্চস্থ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অলপতে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট “ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ মেগা নাট প্ৰতিযোগিতা” আইনা জীৱনৰ ৰংগমঞ্চ “ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ মেকআপ আৰ্টিষ্টৰ সন্মান লাভ কৰিছিল। বহু বাটৰ নাট পৰিচালনা, অভিনয়, বহু চুটি ছবি পৰিচালনা আৰু অভিনয়ৰ উপৰি বহু নাটকৰ আলোক পৰিচালনা, সংগীত পৰিচালনাৰ উপৰি এগৰাকী সুদক্ষ আলোকচিত্ৰ শিল্পী হিচাপে বহু চুটি ছবিৰ দৃশ্যগ্ৰহণ কৰাৰ লগতে এগৰাকী দক্ষ ৰূপসজ্জক হিচাপেও দক্ষতাৰ পৰিচয় দিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিয়মীয়া তৰুণ প্ৰজন্মৰ দক্ষ শিল্পী বিজয় শংকৰ শইকীয়াই পত্নীৰ লগতে তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা আৰু ডেৰমহীয়া এটি পুত্ৰ সন্তান সহ অসংখ্য আত্মীয় স্বজনক মৃত্যুৰ সময়ত এৰি থৈ গৈছে। মৃত্যুৰ বতৰা পোৱাৰ পিছতেই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অসংখ্য গুণমুগ্ধৰ সমাগম ঘটে। আনহাতে পুৱাই জনপ্ৰিয় শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল মৃত্যুৰ সংবাদে সমগ্ৰ ৰাজ্যখনতে এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰাৰ পিছত সকলোৰে আদৰৰ বিজয়ৰ নশ্বৰ দেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা জীৱনৰ অধিকাংশ সময় পাৰ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনলৈ নিয়াৰ পিছত শোকত ভাঙি পৰে বিজয়ৰ গুণগ্ৰাহী সকল। বাণ থিয়েটাৰৰ উপ সভাপতি দিলীপ বৰা, সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মাকে প্ৰমুখ্যে সকলো কাৰ্যনিৰ্বাহক সদস্যই অশ্ৰুসিক্ত নয়নেৰে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে এই বাণ থিয়েটাৰ প্ৰাংগনতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ জয় শংকৰ হাজৰিকা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য, প্ৰবীণ অভিনেত্ৰী বীণা পটংগীয়া, বাণ থিয়েটাৰৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিপ বৰা, বিশিষ্ট অভিনেত্ৰী চিমী গোস্বামী, নাট্যশ্ৰীৰ পৰা কৰুণা শইকীয়া, সৰগমৰ পৰা ৰাজীৱ মহন্ত, জংগমৰ সভাপতি জিতেন বৰঠাকুৰ, জয়মতী সংঘৰ নৰেণ শইকীয়া, অসম ৰেপাৰেটৰীৰ পৰা পুলক কুমাৰ ডেকা, তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ শান্তনু শইকীয়া, পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ পৰা সম্পাদক প্ৰশান্ত কুমাৰ দাস, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ পৰা ময়ূৰ কাঞ্চন বৰা, অসম নাট্য সন্মিলনৰ তৰফৰ পৰা কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰবাস, তেজপুৰ পৌৰসভাৰ পৰা মৰমী শইকীয়া, অবদান নাট্যগোষ্ঠী,তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদক সত্যদেৱ শৰ্মা, সংগীতম আৰু সুদৰ্শন অসমৰ পৰা সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বিজয়া সংঘ, ভূপেন ডেকা ৰংগমঞ্চ, মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠান, নটৰাজম কলা মন্দিৰ, অসমীয়া ক্লাব, কবি সাহিত্যিক দিলীপ ফুকন, সমাজকৰ্মী হিৰণ্য ভুঞা, তেজপুৰৰ আটাইকেইটা সাংবাদিক সন্থাৰ বিষয়ববীয়াৰ লগতে অসংখ্য ব্যক্তি আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ গৰাকীৰ মহাবিদ্যালয় দৰংমহাবিদ্যালয়ত গৈ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছত মহাবিদ্যালয়খনৰ জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই অধ্যক্ষ ড০ পলাশমণি শইকীয়াৰ লগতে উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ হালৈয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত একাংশ শিক্ষক – শিক্ষয়িত্ৰী, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীয়ে এসময়ৰ মহাবিদ্যালয়খনৰ অস্হায়ী বিশেষ জন সম্পৰ্কৰক্ষী তথা সাংস্কৃতিক বিষয়া গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। দুপৰীয়া স্হানীয় দৌলগুৰি শান্তিধামত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ৮ বছৰীয়া কন্যাই মুখাগ্নি কৰাৰ সময়তো এক শোকাকুল পৰিবেশে বিৰাজ কৰে। এইগৰাকী অতি প্ৰতিভাধৰ শিল্পীৰ অকাল বিয়োগত তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি, বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, দৰং মহাবিদ্যালয় এলুমনাই সন্হাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, দেৱ দামোদৰ দেৱ সংঘ, তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More