তেজপুৰৰ বিদ্যালয়ত অভিনেতা অনিল কাপুৰ

অন্ত পৰিল বলিউদৰ ফাইটাৰ ছবিৰ দৃশ্যগ্ৰহণ

0 15

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰ: তেজপুৰৰ বায়ুসেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷  আঢ়ৈশ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷উল্লেখযোগ্য যে,আকাশ মাৰ্গত যুজাৰু বিমানৰ মুখামুখি যুদ্ধৰ কাহিনীৰে নিৰ্মিত দেশৰ প্ৰথমখন ছবি হিচাপে অভিহিত সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে যোৱা ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হৈছিলহি ছবিখনত যুজাৰু বিমানৰ পাইলটৰ ভূমিকাত অৱতীৰ্ণ হোৱা নায়ক হৃত্বিক ৰোশন৷ ইয়াৰ দুদিন পাছতে ছবিখনৰ নায়িকা দীপিকা পাডুকন আৰু আনএক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা বলিউদৰ বিখ্যাত অভিনেতা অনিল কাপুৰ ১৬ নৱেম্বৰত তেজপুৰত উপস্থিত হয়হি৷ ১৫ নৱেম্বৰৰ পৰাই দিনে নিশাই বিভিন্ন ভাগত ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম চলে তেজপুৰৰ বায়ুসেনা ঘাটিত৷ অত্যাধুনিক যুদ্ধ বিমান চুখই এম কে আই, হেলিকপ্টাৰ আদিৰ ব্যৱহাৰৰে দৃশ্যগ্ৰহণ কৰা হয় ছবিখনৰ৷ উল্লেখযোগ্য যে,এই সময়চোৱাত তিনিওজন তাৰকাই বায়ুসেনা চৌহদৰ ভিআইপি অতিথিশালাতে থাকে৷ যোৱা দুদিন ছবিখনৰ কেতবোৰ দৃশ্যগ্ৰহণ কৰা হয় বায়ুসেনা চৌহদৰ আজাদ ফিল্ডত৷ উল্লেখযোগ্য যে,আজি দুপৰীয়া দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছতে দুপৰীয়া প্ৰায় ১-১৫বজাত অভিনেতা অনিল কাপুৰ চৌহদতে থকা বায়ুসেনা স্কুলত উপস্থিত হয়৷ দুজন কমাণ্ডিং অফিচাৰৰ স’তে অহা অভিনেতাজনে বিদ্যালয়খনৰ সকলো শিক্ষক,শিক্ষাৰ্থীক সাক্ষাৎ কৰাৰ লগতে গ্ৰন্হাগাৰ, শ্ৰেণী কোঠাত দৰ্শন কৰি শিক্ষাৰ্থী সকলৰ আগত অনুপ্ৰেৰণামূলক বক্তব্য ৰাখে৷বিশিষ্ট অভিনেতাজনৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰে৷ প্ৰায় ২০মিনিট সময় ইয়াত অতিবাহিত কৰে জ্যেষ্ঠ অভিনেতাজনে৷ ইপিনে,ফাইটাৰ ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হোৱাত অভিনেতা অভিনেত্ৰী তথা কলাকুশলী সকলৰ বাবে কাইলৈ আজাদ ফিল্ডত বায়ুসেনাই এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব৷ আনহাতে,ইয়াৰ পাছতে অভিনেতা অভিনেত্ৰীসকল মুম্বাইলৈ উভতিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More