তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ কুমাৰ বৈশ্যক স্মৰণ

0 99
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ সমাজৰ উত্তৰণ আৰু বিকাশৰ বাবে নিজৰ বৃত্তিৰ মাজতো কিছুমান ব্যক্তিয়ে কোনোধৰণৰ প্ৰচাৰ বা জনপ্ৰিয়তাৰ কথা নেভাবি নিৰৱেই গোটেই জীৱন কাম কৰি যায়। বৈষয়িক জীৱন-যাপনৰ নিজৰ কৰণীয়খিনিৰ মাজতো উত্তৰ পুৰুষৰ কল্যাণ আৰু মংগলৰ বাবে অহৰ্নিশে কাম কৰি যোৱা এনে ব্যক্তি সকলৰ অৱদান আন দহজন লোকৰ দৰে হয়তো জনচক্ষুৰ মাজত সততে দেখা নিদিয়ে। কোনোবাই দেখা পাওঁক বা নেপাওঁক সেইশ্ৰেণী মানুহৰ কিন্তু ভ্ৰুক্ষেপ নেথাকে। মাথো কাম ভাল পোৱা, সমাজৰ মংগল চিন্তা কৰা আৰু উত্তৰ পুৰুষৰ বিকাশ আৰু উন্নয়নৰ লগতে যিকোনো সামাজিক অনুষ্ঠানৰ বিকাশ কামনা কৰা আৰু প্ৰচাৰমুখিতাৰ পৰা শতযোজন আঁতৰত থকা এইশ্ৰেণীৰ প্ৰকৃত সমাজ হিতৈষী লোকৰ কায়িক অবৰ্তমানে স্বাভাৱিকতে ক্ষতি কৰি থৈ যায় সমাজখনক। তেনে এগৰাকী বিশেষ ব্যক্তিত্বৰ লোক আজীৱন শিক্ষাব্ৰতী, তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ জিতেন কুমাৰ বৈশ্যৰ আজি প্ৰথম পূণ্য মৃত্যু তিথিৰ দিনটোত এক বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণত বিশিষ্টজনে স্মৰণ কৰে। শিক্ষকতাৰ জীৱন কালত অতি নিষ্ঠাৰে প্ৰকৃত শিক্ষাগুৰুৰ ধৰ্ম পালন কৰি মানৱ সম্পদ সৃষ্টিৰ বাবে  নিৰবে  সেৱা আগবঢ়াই যোৱা শিক্ষাবিদ গৰাকীৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰেশ কুমাৰ আৰ্য সম্পাদিত “বোধিদ্ৰুম” শীৰ্ষক সোঁৱৰণী গ্ৰন্থ এখনো উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে । শিক্ষকতা জীৱনৰ মাজতো  মধ্য তেজপুৰ ৰঙালী বিহু সন্মিলন, কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ লগতে তেজপুৰ সাহিত্য সভাৰ দীঘলীয়া সময় কাৰ্যনিৰ্বাহকৰ সদস্য হৈ থকাৰ সময়ত যিকোনো সিদ্ধান্ত বা কাৰ্যসূচী গ্ৰহণৰ সময়ত অতি যুক্তিপূৰ্ণ আৰু বিজ্ঞান সন্মত দৃষ্টিভংগীৰে নিজৰ মতামত ব্যক্ত কৰা আৰু সাধাৰণ জীৱন – যাপন, মৃদুভাষীতা, যুক্তিপূৰ্ণতা, সততা, নিষ্ঠা আৰু পৰিশীলিত জীৱনবোধৰ মাজেৰে এগৰাকী আদৰ্শ শিক্ষকৰ পৰা এগৰাকী নিৰৱ সমাজকৰ্মী লৈকে সকলোৰে মাজত প্ৰিয়ভাজন হৈ পৰা শিক্ষাবিদ গৰাকী এগৰাকী বিশেষ মূল্যবোধ সম্পন্ন আৰু প্ৰকৃতাৰ্থত এগৰাকী আদৰ্শ শিক্ষক আছিল বুলি উন্মোচনী ভাষণত পূৰ্ণেশ্বৰ নাথে মন্তব্য কৰে ।দীৰ্ঘকাল ধৰি শিক্ষাবিদ, সমাজকৰ্মী গৰাকী জড়িত হৈ থকা তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী প্ৰাংগনত অনুষ্ঠিত আৰু তেজপুৰ একাডেমীৰ শিক্ষক তথা বিশিষ্ট অভিনেতা ভূপেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত পৌৰোহিত্য কৰে সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক হিমেন্দ্ৰ নাথ শৰ্মাই। কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ প্ৰাক্তন সভাপতি তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাই বন্তি প্ৰজ্বলন আৰু মংগলাচৰণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে সোঁৱৰণী গ্ৰন্থৰ সম্পাদক ড০ সুৰেশ কুমাৰ আৰ্য্যই আদৰণী ভাষণ প্ৰদান কৰি শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ স্মৃতিচাৰণ কৰে।তেজপুৰ সাহিত্য সভাৰ উপসভাপতি তথা বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰ, বিশিষ্ট অধিবক্তা যামিনী কুমাৰ বৈশ্য, তেজপুৰ একাডেমীৰ অধ্যক্ষ জিতেন্দ্ৰ ৭ কলিতাকে ধৰি বিশিষ্ট জনে স্মৃতিচাৰণ কৰি সমাজৰ এনে অনুকৰণীয় সত্বাসমূক স্বীকৃতি প্ৰদানৰ বাবে সমাজখনে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰি  পৰিয়ালবৰ্গই এনেদৰে এখন সোঁৱৰণী  গ্ৰন্থ প্ৰকাশ কৰাত শলাগ জ্ঞাপন কৰে।ইয়াৰ আগেয়ে সহধৰ্মিনী ৰোহিনী বৈশ্য, জীয়ৰী ৰাজ নন্দিনী বৈশ্য, প্ৰেৰণা বৈশ্যই প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More