তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি

তিনিকুৰি বছৰীয়া সোহন লাল ডুগৰ শ্বিল্ড ফুটবলৰ দাতা

0 22

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ ডিচেম্বৰ :অসম আৰু অসমীয়া লোকৰ সৈতে এক বিস্তাৰিত সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা সুমেৰ ডুগৰৰ কালি নিশা প্ৰায় ১২ বজাত তেজপুৰ চহৰৰ বি আৰ ৰোডৰ নিজা বাসগৃহ “ময়ূৰ ভৱন” ৮১ বছৰ বয়সত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪০ চনৰ ৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী গৰাকী তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰনী ব্যক্তিত্বই নহয় তেজপুৰৰ ভালেমান সামাজিক, ক্ৰীড়া আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে বিশেষ ভাৱে জড়িত হৈ আছিল। ভাৰতীয় ৰেডক্ৰছ চ’ছাইতিৰ তেজপুৰ শাখাৰ একালৰ সম্পাদকৰ লগতে তেজপুৰ চেম্বাৰ্ছ অব কমাৰ্চৰ একালৰ সম্পাদক, সভাপতি, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বৰ্তমানলৈকে কোষাধক্ষ্য, তেজপুৰ এনভাইৰনমেন্ট চচাইটি, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য, অসমীয়া ক্লাব, মহাভৈৰৱ কো অপাৰেটিভ বেংকৰ একালৰ সম্পাদক, তেজপুৰ সমাবায় সমিতিৰ সম্পাদক, দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ একালৰ সভাপতি, তেজপুৰ বিহু সন্মিলনৰ বহু বছৰ সভাপতি, তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ বহু বছৰ ধৰি সভাপতিৰ দ্বায়িত্ব নিষ্ঠাৰে পালন কৰি অহা শিক্ষানুৰাগী, সমাজ হিতৈষী সুমেৰ ডুগৰৰ পিতৃৰ নামতেই তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত ১৯৫৬ চনৰ পৰা পল’ফিল্ডত অনুষ্ঠিত হোৱা “সোহন লাল ডুগৰ ফুটবল প্ৰতিযোগিতাৰ দাতা হিচাপে ২০১৭ চনলৈকে অৱদান আগবঢ়োৱা সমাজকৰ্মী গৰাকীয়ে কালিৰ দিনটোতো নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যালয়ত কামত ব্যস্ত আছিল। নিশা ১২ বজাত গাধোৱা ঘৰলৈ উঠি যোৱাৰ পিছত আকস্মিক ভাৱে শেষ নিশ্বাস ত্যাগ কৰাত স্বাভাৱিকতে তেজপুৰৰ সমাজ জীৱন ম্ৰিয়মান হৈ পৰিছে। উল্লেখ্য যে, ছিলঙৰ ছেইন্ট এন্থনী বিদ্যালয়ৰ লগতে কিছুদিন জয়পুৰতো হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰা সুমেৰ ডুগৰে দৰংমহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি ব্যৱসায়ী পিতৃৰ আদৰ্শেৰে নিজৰ ব্যৱসায়ত একানপতীয়াকৈ লাগি পৰিলেও এক গভীৰ অন্তৰ্দৃষ্টিৰে সমাজৰ উত্তৰণ আৰু বিকাশৰ অৰ্থেও নিজকে বিভিন্ন দিশত জড়িত কৰি তুলিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শাসনকালত আছাম টি কৰ্পোৰেশ্যনৰ সঞ্চালক পদতো আসীন হৈ বিভিন্ন গুৰুত্বপূৰ্ণ সভা – সমিতিত উপস্থিত থাকি তেজপুৰৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী হিচাপে পৰিগণিত হৈছিল।তেজপুৰলৈ পৰ্যটকৰ আগমনৰ লক্ষ্যৰে তেজপুৰ মহোৎসৱ আয়োজনৰ বিশেষ তৎপৰতা গ্ৰহণ কৰা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ লগতে তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ অতি ঘনিষ্ঠ সান্নিধ্য লাভ কৰা এইগৰাকী সমাজকৰ্মী বিভিন্ন অনুষ্ঠানত জড়িত হৈ সেই অনুষ্ঠান সমূহৰ জৰিয়তে সমাজৰ সাৰ্বিক বিকাশৰ বাবে আমৃত্যু অহোপুৰুষাৰ্থ কৰি গৈছিল। গভীৰ অন্তৰ্দৃষ্টিৰে নিজৰ ব্যৱসায়িক উত্তৰণৰ মাজেদিও সামাজিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ সৈতে বিশেষ ভাৱে জড়িত হৈ সেৱাৰ মনোবৃত্তিৰে সকলো সামাজিক কামত জড়িত হোৱা সুমেৰ ডুগৰে ৰাজহুৱা অনুষ্ঠান সমূহৰ টকা পইচাৰ হিচাপ ৰখাৰ ক্ষেত্ৰত সকলোৰে বাবে দৃষ্টান্ত হৈ পৰিছিল। এইগৰাকী সৰবৰহী, সমাজকৰ্মী তথা তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আজি পুৱাই গুণগ্ৰাহী সকল উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।দীৰ্ঘদিন ধৰি ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সৈতে একেলগে জড়িত হৈ থকা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে বাসগৃহতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি অশ্ৰুসিক্ত নয়নেৰে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছতে সুমেৰ ডুগৰৰ মৃত্যুৱে মৰ্মাহত কৰি তুলিছে বুলি শোক প্ৰকাশ কৰে। বাণ থিয়েটাৰৰ তৰফৰ পৰা উপসভাপতি ভৱানন্দ দাস, সম্পাদক হেমন্ত কুমাৰ শৰ্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্তই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘ কাল ধৰি পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে থকা ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাৰ লগতে জ্যেষ্ঠ শিক্ষক ভূপেন তালুকদাৰ, পংকজ বৰুৱা আৰু নিবেদিতা নেওগ, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ প্ৰতিনিধি, মাৰোৱাৰী পঞ্চায়তী ধৰমশালা, বৃহত্তৰ জৈন সমাজৰ প্ৰতিনিধিকে ধৰি বিশিষ্টজনে পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা ডুগৰৰ নশ্বৰ দেহ বিয়লি জৈন মন্দিৰ, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয় হৈ তেজপুৰ চহৰত শ্ৰদ্ধাঞ্জলি যাত্ৰা উলিওৱাৰ পিছত পৰোৱাৰ ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ ব্যৱসায়ী পুত্ৰ সঞ্জয় ডুগৰ, বিবাহিত কন্যাৰ লগতে নাতি নাতিনীক এৰি গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More