তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ নৰেণ কোঁচৰ পৰলোকপ্ৰাপ্তি

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোক প্ৰকাশ

0 24

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ এপ্ৰিল : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ সদস্য, বিশিষ্ট সমাজকৰ্মী নৰেণ কোঁচৰ আজি পুৱা ১১ বজাত তেজপুৰ পল’ফিল্ড বামুণ গাঁৱৰ নিজ বাসগৃহত ৯৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা নৰেণ কোঁচ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী আগৰণুৱা সমাজ কৰ্মী আছিল। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে প্ৰয়াত বিজয় শৰ্মা সভাপতি হৈ থকাৰ সময়ত মঞ্চাধ্যক্ষৰ পদত আসীন হোৱাৰ লগতে বাণ থিয়েটাৰৰ পুনৰ নিৰ্মাণৰ সময়ত নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে জড়িত হৈ ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ বিকাশ আৰু উত্তৰণত অহোপুৰুষাৰ্থ কৰিছিল। আনহাতে বাণ থিয়েটাৰৰ পূজা সমিতিৰ সৈতেও জড়িত হৈ থকা নৰেণ কোঁচে বাণ থিয়েটাৰৰ দ্বাৰা আয়োজিত দুৰ্গাপূজা আৰু কালীপূজাৰ সময়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি বামুণ গাঁও নামঘৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানলৈকে উপদেষ্টা, মধ্য বাৰিকা চুবুৰী দুৰ্গাপূজা সমিতিৰ প্ৰাক্তন সভাপতি, মধ্য বাৰিকা চুবুৰী ৰঙালী বিহু সন্মিলনৰ বহুকেইটা কাৰ্যকালৰ সভাপতি, মধ্য বাৰিকা চুবুৰী মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, তেজপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক, বামুণ গাঁও শ্মশান সমিতিৰ সভাপতিকে ধৰি বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ সৈতে আমৃত্যু সক্ৰিয় ভাৱে জড়িত হৈ থকা সমাজকৰ্মী গৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰে পৰা তেজপুৰৰ এগৰাকী নিষ্ঠাবান সদস্য আছিল। শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা কোঁচ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰাৰ বতৰা পোৱাৰ পিছতেই বাসগৃহত অসংখ্য গুণমুগ্ধ উপস্থিতি হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহতে বাণ থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইন, বাণথিয়েটাৰৰ পূজা সমিতিৰ সম্পাদক জয়ন্ত শৰ্মাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমাজকৰ্মী গৰাকী জড়িত হৈ থকা সকলো অনুষ্ঠানৰ বিষয়ববীয়াই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত নিজে দীৰ্ঘকাল ধৰি জড়িত হৈ থকা বামুণ গাঁও ৰাজহুৱা শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত কন্যা আৰু নাতি – নাতিনীক এৰি যোৱা সৰবৰহী সমাজকৰ্মী গৰাকীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More