তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক আৰু ক্ৰীড়া অনুষ্ঠান “মৈত্ৰী সংঘ” ৰ সোণালী জয়ন্তী 

0 26
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰৰ একাংশ মহিলাৰ তৎপৰতাত ১৯৭৩ চনতে গঢ় লৈ উঠা মহিলা সমাজৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক-ক্ৰীড়া অনুষ্ঠান “তেজপুৰ মৈত্ৰী সংঘ” ই ইতিমধ্যে সোণালী বৰ্ষত উপনিত হোৱাত অহা ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি ১৭ মাৰ্চৰ বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ উদ্বোধন কৰিব সংঘৰ উপসভানেত্ৰী তথা প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাই। বিয়লি ৫ বজাত স্মৃতি তৰ্পণ মুকলি কৰিব সংঘৰ উপদেষ্টা নিজৰা ভূঞাই আৰু বন্তি প্ৰজ্বলন  কৰিব আন এগৰাকী উপদেষ্টা মাখনী শইকীয়াই। সেইদৰে ১৮ মাৰ্চৰ পুৱা ৯-৩০ বজাত সংঘৰ পতাকা উত্তোলন কৰিব সংঘৰ সভানেত্ৰী ভানু হাজৰিকাই। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্বোধন কৰিব আন এগৰাকী উপদেষ্টা পাৰুল মহন্তই। এই মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী অলকানন্দা দত্ত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব গুৱাহাটীৰে বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ মনালিছা গোস্বামী। আনহাতে এই মুকলি সভাতে সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু কাঞ্চন শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী সত্যেন শৰ্মাই। উল্লেখ্য যে এই সোণালী জয়ন্তী উৎসৱলৈ ইতিমধ্যে সংঘৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জড়িত সকলো সদস্যাকে আমন্ত্ৰণ জনাবলৈ প্ৰয়াস কৰা হৈছে বুলি সংঘৰ যুটীয়া সম্পাদিকা মিনাক্ষী শৰ্মা আৰু প্ৰণতি বৰুৱাই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দি কাকতৰ জড়িয়তেও সকলো সদস্যাৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More