তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ অধিবেশন সম্পন্ন

0 14
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ আগষ্টঃ “জীৱনত নিজে অৰ্জা জ্ঞান আনক বিলাই দিব লাগে, সেয়া শিক্ষিত বা অশিক্ষিত তেনে নহয় সকলোৱে এটা নিৰ্দিষ্ট বয়সত জ্ঞান আহৰণ কৰে।”তেজপুৰৰ  মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰি প্ৰবীন নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইদৰে কয়। তেওঁ ভাষণত কয় যে, জ্যেষ্ঠসকলে নিজে দুখ কষ্ট সহ্য কৰিও আনক ৰক্ষা কৰা আৰু আনন্দ দিয়ে। বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লিখক  কাকতিয়ে জ্যেষ্ঠসকলে আত্ম মৰ্যাদা ৰক্ষা কৰি চলিব লাগে বুলি উল্লেখ কৰি সকলো পৰিবেশতে সকলো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ দিব্য অনুভূতি সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰি কয় যে, যি কোনো বিষয়ত আনৰ পৰিবেশন দেখি বা শুনি অনুভৱ কৰি আৰু নিজকে বিলিন কৰি আত্ম সন্তুষ্টি লাভ কৰিব পাৰি আৰু এইয়া বিশেষ ভাবে জ্যেষ্ঠসকলৰ মাজতহে দেখা পোৱা যায়। জ্যেষ্ঠ নাগৰিক সন্থাৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অধিবেশনৰ পুৱা পতাকা উত্তোলন কৰে মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি প্ৰতাপ কলিতাই। ইয়াৰ পাছতে জ্যেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা টংকেশ্বৰ বৰাই বন্তি প্ৰজ্বলন কৰাৰ লগতে স্মৃতি তৰ্পণ অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে উপ সভাপতি মনমোহন শইকীয়াই। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি আৰু বিষয় বাচনি সভা। সভাত সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক  শইকীয়াই। সভাত কেবাটাও গুৰত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আগন্তুক বৰ্ষৰ বাবে প্ৰতাপ কলিতাক সভাপতি আৰু দেৱ দাসক সম্পাদক হিচাপে লৈ ১৭ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। মুকলি সভাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যুটীয়া সম্পাদক থানুৰাম শৰ্মা, জিলাৰ সভাপতি তৰুণ বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত দুগৰাকী জ্যেষ্ঠ নাগৰিক ক্ষীৰ শইকীয়া আৰু দুলাল দত্তক মানপত্ৰ আৰু গামোছাৰে অভিনন্দন জ্ঞাপন কৰা হয়৷ মুকলি সভা আৰম্ভৰ পূৰ্বে অনিল বৰুৱাৰ পৰিচালনাত জ্যেষ্ঠ নাগৰিকৰ সংগীত সমবেতভাবে পৰিবেশন কৰাৰ উপৰিও অনন্যা মহন্তই বৰগীত পৰিৱেশন কৰে৷ ২০০৮ ত প্ৰতিষ্ঠা লাভ কৰা মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ আজিৰ অধিবেশনত প্ৰখৰ গৰমকো নেওচি সদস্য-সদস্যাসকল উপস্থিত থাকি সফল কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More