তেজপুৰৰ মাজগাঁও বৰ নামঘৰত কৃতি শিক্ষাৰ্থী – সাংস্কৃতিক কৰ্মীক আশিস প্ৰদান

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ জুনঃ নিজা চেষ্টাৰে জীৱন গঢ়াত ব্ৰতী তথা ৰাজ্যখনৰ লগতে অঞ্চলটোলৈ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৬ গৰাকীক যোৱা নিশা তেজপুৰৰ মাজগাঁও বৰনামঘৰত এক ব্যতিক্ৰমী কাৰ্যসূচীত ভৱিষ্যত উজ্জ্বল কামনাৰে আশিস প্ৰদান কৰা হয়। উল্লেখ্য যে জেঠ মাহত বৰনামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি সন্ধিয়া জেঠমহীয়া নাম সামৰণি অনুষ্ঠানত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰিচলনা সমিতিৰ সহকাৰী সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে আঁত ধৰা এই আৰ্শীবাদ অনুষ্ঠানত শেহতীয়াকৈ গিনিজ বুকত স্থান লাভ কৰা বিহুৰ কাৰ্যসূচীত অংশ লোৱা সাত গৰাকী, দিৱা-২৩ প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন কৰা মল্লিকা কলিতা আৰু উচ্চ – উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ১৮ গৰাকীক কৃতিত্ব অৰ্জন কৰাৰ বাবে একোখন গামোছাৰ লগতে শিক্ষাৰ্থী সকলক মানপত্ৰ ৰে সভাপতি পবিত্ৰ কলিতা, মূখ্য উপদেষ্টা টংকেশ্বৰ বৰা, অভিনেতা ভৱানী ভূঞা, শিল্পী পেন্সন প্ৰাপক সপোন শইকীয়া, দেৱেন বৰা,মুকূল কলিতা, দেৱেন শইকীয়া, পূৰ্ণানন্দ দত্ত, অভিনেতা ৰঞ্জু শইকীয়া, দিপালী কলিতা, মামনি বৰা, মীৰা হাজৰিকা প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে ভৱিষ্যতে অধিক সফল হ’বলৈ আশীৰ্বাদ প্ৰদান কৰে।উল্লেখযোগ্য যে, ক্ৰীড়া, কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা বৰনামঘৰৰে সংপৃক্ত পৰিয়ালৰ প্ৰতিভাশালী সকলক উৎসাহিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। প্ৰতিকূল বতৰৰ মাজতো বৰনামঘৰত বিয়লিৰে পৰা শতাধিক ৰাইজে চাকি বন্তি প্ৰজ্বলন কৰি সকলোৰে কুশল মংগল কামনা কৰি প্ৰাৰ্থনা জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More